Logo
image

বিদ্ৰোহী মহিলা মল্লযোদ্ধাই ন্যায় পাবনে?

শেহতীয়াভাৱে বিভিন্ন প্ৰচাৰ মাধ্যমত  বহুলভাৱে চৰ্চিত হৈ থকা আৰু সকলোৰে অৱগত ঘটনাটো হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতন সম্বন্ধীয় অভিযোগ তথা প্ৰতিবাদী কাৰ্যসূচী৷ আমি সকলোৱে জানো আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰখনত পুৰুষৰ লগতে ভালেকেইগৰাকী সুযোগ্য মহিলাই আমাৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল৷ মল্লযুঁজত আন্তঃৰাষ্ট্ৰীয়ভাৱে ভাৰতক প্ৰতিনিধিত্ব কৰি পদক আঁজুৰি অনা সুযোগ্য মহিলা কেইগৰাকীৰ ভিতৰত অন্যতম হ’ল অলিম্পিকৰ পদক বিজয়ী সাক্ষী মানিক, এছিয়ান গেমছৰ পদক বিজয়ী ৱিনেশ ফোগাট, সংগীতা ফোগাটৰ লগতে পুৰুষৰ শাখাত অলিম্পিক পদক বিজয়ী হৈছে বজৰং পুনিয়া৷  জানুৱাৰী মাহতে আন্তঃৰাষ্ট্ৰীয় মানৰ মল্লযুঁজাৰু সাক্ষী মালিক, ৱিনেশ ফোগাট, সংগীতা ফোগাট আৰু এগৰাকী নাবালিকা মল্লযুঁজাৰুৱে ভাৰতীয় জনতা পাৰ্টীৰ নেতা সাংসদ আৰু ভাৰতীয় মল্লযুঁজাৰু সংস্থাৰ সভাপতি ব্ৰীজভূষণ চাৰণ সিঙৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি তেওঁলোকক কৰা যৌন নিৰ্যাতনৰ অভিযোগ সাব্যস্ত কৰিছিল৷ প্ৰথম অৱস্থাত দিল্লী আৰক্ষীয়ে তেওঁলোকৰ অভিযোগ নস্যাৎ কৰি ৰেজিষ্টাৰভুক্ত কৰা নাছিল৷ পিছত যেনিবা উচ্ছতম ন্যায়ালয়ৰ হস্তক্ষেপত গোচৰটো ৰেজিষ্টাৰ কৰিলে যদিও ব্ৰীজ ভূষণৰ বিৰুদ্ধে দিল্লী আৰক্ষী তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে৷ নিয়মমতে যৌন নিৰ্যাতনৰ দৰে গুৰুতৰ অপৰাধত অভিযুক্ত যিকোনো ব্যক্তিক প্ৰথমেই গ্ৰেপ্তাৰ কৰিব লাগে৷ আইন-কানুুন সকলোৰে বাবে সমান৷ ব্ৰীজ ভূষণ চাৰণ সিং শাসকীয় দলৰ এজন সাংসদ হোৱাৰ সুবাদতে তেওঁ আইনৰ ঊধবৰ্ত হ’ব নোৱাৰে৷ আজি কেইমাহমান আগতে অসম যুৱ মহিলা কংগ্ৰেছৰ সভানেত্ৰী  অংকিতা দত্তই সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভিৰ বিৰুদ্ধে যৌনগন্ধি আচৰণ কৰা বুলি অভিযোগ আনি এজাহাৰ দাখিলৰ পিছমুহূৰ্ততেই তৎকালীনভাৱে অসম আৰক্ষী তথা প্ৰশাসনে শ্ৰীনিবাসৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছিল৷ এইটো অতি ভাল কথা৷ এগৰাকী মহিলাই কৰা অভিযোগক যথোচিত গুৰুত্ব দিয়া হৈছে৷ শ্ৰীনিবাস দোষী হয় নহয় সেইটো বেলেগ কথা৷ তাৰ ব্যৱস্থা আইন-আদালতে ল’ব৷

 ব্ৰীজ ভূষণ চাৰণ সিঙৰ ক্ষেত্ৰত আমি কি দেখিছো৷ ‘খেনোক ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ মৰা৷’ ব্ৰীজ ভূষণ শাসকীয় দলৰ মহাপ্ৰতাপী সাংসদ হোৱাৰ বাবেই তেওঁৰ সাতখুন মাফ হৈ যাব নেকি? মল্লযুঁজাৰু মহিলা কেইগৰাকীৰ বিৰুদ্ধে কৰা যৌন নিৰ্যাতনৰ ঘটনাটো তদন্ত কৰিবলৈ বিশ্ব চেম্পিয়ন মহিলা বক্সাৰ মেৰী কমক সভাপতি হিচাপে লৈ ভাৰতীয় অলিম্পিক সন্থাৰ দ্বাৰা এখন তদন্ত কমিটী গঠন কৰা হৈছিল৷ কিন্তু উক্ত কমিটীখনৰ তদন্ত ৰিপ’ৰ্ট আজি পৰ্যন্ত প্ৰকাশ নকৰি গাপ দি ৰখা হ’ল৷ একপ্ৰকাৰ ব্ৰীজ ভূষণ চাৰণ সিঙক ক্লিনছিট দিয়া হ’ল৷

এটা কথা সকলোৱে হূদয়ংগম কৰা উচিত যে যিকোনো মহিলাই তেওঁক কোনো পুৰুষে যৌন নিৰ্যাতন কৰা বুলি এনেয়ে গাত লেটিয়াই নলয়৷ অভিযোগকাৰী মল্লযুঁজাৰু মহিলা কেইগৰাকী ভাৰতৰ সম্পদ, ভাৰতৰ গৌৰৱ৷ কোনোৱে অলিম্পিক, কোনোৱে কমনৱেল্‌থ গেমছত বিজয়ী হৈ  ভাৰত মাতৃলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ বঁটা লৈ নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত তেওঁলোকক প্ৰশাসনিক বা চৰকাৰীভাৱে সন্মান তথা সম্বৰ্ধনা যঁচা হৈছিল৷ 

কিন্তু আজি কি দেখিছো৷ দেশলৈ সন্মান কঢ়িয়াই অনা খেলুৱৈ কেইগৰাকীৰ মনৰ বেদনা, পুঞ্জীভূত ক্ষোভ শুনিবলৈ, উপশম কৰিবলৈ আৰক্ষী, প্ৰশাসন, চৰকাৰৰ  কোনো যেন তেওঁলোকৰ ওচৰত নাই৷ ন্যায় বিচাৰি  তেওঁলোক হাবাথুৰি খাই পৰিছে৷ তেওঁলোকক কৰা অন্যায়ৰ বিৰুদ্ধে মহিলা মল্ল যুঁজাৰুসকলে ২৩ এপ্ৰিলৰ পৰা পুনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিল৷ যন্তৰ-মন্তৰৰ পৰা ২ কিলোমিটাৰ আঁতৰত ২৮ মে’ত  প্ৰধানমন্ত্ৰী  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  নতুন সাংসদ ভৱন উদ্বোধন কৰি ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ জয়গান গাইছিল আৰু সেই একোটা দিনতেই আন্তঃৰাষ্ট্ৰীয় মানৰ মহিলা মল্লযুঁজাৰু সাক্ষী মালিক, ৱিনেশ ফোগাট, সংগীতা ফোগাট. পুৰুষ মল্লযুঁজাৰু অলিম্পিয়ান বজৰং পুনিয়া আৰু আন বহুতো সমৰ্থকে নতুন সংসদ ভৱনৰ সমীপতে ‘মহিলা সন্মান পঞ্চায়ত’ অনুষ্ঠিত কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু যন্তৰ-মন্তৰৰ পৰা যাত্ৰা আৰম্ভ কৰোঁতেই তেওঁলোকৰ ওপৰত দিল্লী আৰক্ষী জঁপিয়াই পৰিছিল৷ তেওঁলোকক একোজন দাগী অপৰাধীৰ দৰে বগৰাই-চোচৰাই আঘাত কৰি ‘প্ৰতিবাদস্থলীৰ পৰা লৈ যোৱা হৈছিল৷ আৰু এনেদৰেই বিশ্বৰ বৃহৎ গণতান্ত্ৰিক দেশ  বুলি গৌৰৱ কৰা ভাৰতত এটা গণতান্ত্ৰিক প্ৰতিবাদক মষিমূৰ কৰা হ’ল৷

ভাৰতবৰ্ষৰ দৰে এখন সভ্য দেশত, গণতান্ত্ৰিক সমাজ ব্যৱস্থাত দেশলৈ গৌৰৱ কঢ়িয়াই অনা মহিলা মল্লযুঁজাৰু কেইগৰাকীয়ে কৰা যৌন নিৰ্যাতনৰ মহা অভিযোগৰ পৰিণাম এনেকুৱা হোৱাটো সমগ্ৰ ভাৰতৰ কাৰণে এটা অত্যন্ত লজ্জাজনক ঘটনা, ই সমগ্ৰ নাৰীজাতিৰ বাবে ঘোৰ অপমান৷ আজি যেন সকলো নিৰ্বিকাৰ, নিষ্পন্দ৷ মন্ত্ৰীসভাত থকা বা সংসদত থকা নাৰীসকল মৌন৷ ভাৰতীয় মহিলা আয়োগৰ অধ্যক্ষ মৌন৷ অন্যান্য বিভাগীয় খেলৰ মুধাফুটা খেলুৱৈসকল যেন মৌন৷ যৌন নিগ্ৰহৰ দৰে এটা গুৰুতৰ অপৰাধত অভিযুক্ত ব্যক্তি এজনৰ বিৰুদ্ধে ১৪০ কোটি জনসংখ্যাৰ ভাৰতত যি প্ৰবল জনমতৰ সৃষ্টি হ’ব লাগিছিল, সেইটো নোহোৱাটো পৰিতাপৰ কথা৷ শেহতীয়াকৈ কৃষক নেতা ৰাকেশ টিকাইতৰ নেতৃত্বত কৃষক সংগঠনটো মহিলা মল্লযুঁজাৰু কেইজনীয়ে যথোচিত ন্যায় নোপোৱা পৰ্যন্ত সৰ্বতোপ্ৰকাৰে সহায় সমৰ্থন তথা সহযোগিতা কৰিব বুলি ওলাই অহাটো এটা শুভ লক্ষণ৷ ‘মন কী বাত’ এটি জনপ্ৰিয় অনুষ্ঠানৰে সমগ্ৰ ভাৰতীয়ক মনৰ কথা কোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত গৌৰৱ নিৰ্যাতিতা মহিলা মল্লযুঁজাৰু কেইগৰাকীৰ হৃদয়ৰ কথা কেতিয়া শুনিব? 

আশা কৰিছো, পলমকৈ হ’লেও আমাৰ সম্পদ, দেশৰ গৌৰৱ আন্তঃৰাষ্ট্ৰীয় মানৰ মহিলা মল্লযুঁজাৰু কেইজনীয়ে ন্যায়  পাব আৰু দোষীয়ে উপযুক্ত শাস্তি পাব৷ অন্যথা ভাৰতৰ ক্ৰীড়াক্ষেত্ৰখনত এক সুদূৰপ্ৰসাৰী কু-প্ৰভাৱ পৰিব৷ প্ৰতিজন অভিভাৱকে কন্যা সন্তানক  ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰলৈ পঠিওৱাৰ আগতে এশবাৰ চিন্তা কৰিব লাগিব৷