Logo
image

মণিপুৰ ছাৰখাৰ! ৰাজপথত কিশোৰীক গুলীয়াই হত্যা

‘আমাৰ অসম’, ১৯ জুনঃ তাই যেন জেৰেঙাৰ জয়মতী৷ ল’ৰা ৰজাৰ চাওদাঙে হয়তো জয়মতীক এনেকৈয়ে পাশবিক অত্যাচাৰ কৰি মাৰিছিল৷ সেয়া ১৭শ শতিকাৰ মাজভাগৰ ঘটনা, য’ত অলপ ‘মিথ’ আৰু বহু বাস্তব মিশ্ৰিত হৈ আছে৷ কিন্তু সেই কৰুণ কাহিনীয়ে এতিয়াও অসমবাসীক  কন্দুৱাই থাকে৷ এয়া ২১ শতিকাৰ নিষ্ঠুৰ বাস্তব, য’ত মানৱৰ ওপৰত মানৱৰ পাশবিক অত্যাচাৰৰ উদাহৰণ দিবলৈ হ’লে ছিৰিয়া-ইৰাকৰ আইছিছৰ নৃশংস ঘটনাৰ আশ্ৰয় ল’বলগীয়া হয়৷ কিন্তু এয়া  ইৰাকো নহয়, ছিৰিয়াও নহয়৷ আমাৰ তেনেই ওচৰ চুবুৰীয়া মণিপুৰ৷ ইয়াত জয়মতী কুঁৱৰীৰ দৰে কোনো ‘মিথ’ নাই, কিয়নো এই দৃশ্য বন্দী হৈছে ৩ মিনিট ২২ ছেকেণ্ডৰ এটা ভিডিঅ’ত৷ এই ভিডিঅ’টো চালে যিকোনো সুস্থ মানুহৰ চকুৰে পানী নিগৰিব আৰু কোনো আৱেগপ্ৰৱণে ভিডিঅ’টো দ্বিতীয়বাৰ চাবলৈ সাহস গোটাব নোৱাৰিব৷ ‘প্ৰিণ্ট মিডিয়া’ অক্ষম এইবাবেই যে, বহু নিউজ প্ৰিণ্ট ব্যয় কৰিও ভিডিঅ’টোত সোমাই থকা প্ৰকৃত নিষ্ঠুৰতা আৰু নৃশংসতা পাঠকৰ মন আৰু মগজুত সুমাই দিব নোৱাৰিব৷সেই সীমাৱদ্ধতাৰ মাজেৰেও সুুধিব পাৰি, ভাতৃঘাতী সংঘৰ্ষ আৰু গোষ্ঠীসংঘৰ্ষ কিমান নিষ্ঠুৰতম হ’লে এনেকৈ প্ৰকাশ্য দিবালোকত, মুকলি ৰাজপথত এগৰাকী অসহায় কিশোৰীক দানবৰূপী এদল ‘ভাতৃ’য়ে পাশৱিক আৰু নিষ্ঠুৰভাৱে হাড় ভাগি যোৱাকৈ কোৱাই কোৱাই অৱশেষত অত্যাধুনিক আগ্নেয়াস্ত্ৰৰে হত্যা কৰিব পাৰে?  সম্ভৱতঃ সেই উত্তৰ আজিৰ দিনটোত কাৰো হাতত নাই৷ মণিপুৰৰ বিজেপি চৰকাৰ, কেন্দ্ৰৰ মোদী চৰকাৰ, ৰাজ্যখনৰ বাসিন্দা আৰু সম্ভৱতঃ সেই নিষ্ঠুৰ দানৱৰূপী হত্যাকাৰীৰ ওচৰতো এই পাশবিকতা আৰু হত্যাৰ পক্ষে যুক্তি দিব পৰা এটা শব্দও নাই৷

সম্প্ৰতি সমগ্ৰ মণিপুৰ আৰু প্ৰতিবেশী ৰাজ্যত আক্ষৰিক অৰ্থতে ভাইৰেল হৈ পৰা এই ভিডিঅ’টো ৩ মিনিট ২২ ছেকেণ্ডৰ৷  আৰম্ভ হৈছে এগৰাকী কিশোৰীক একাধিক কিশোৰ, যুৱকে বেৰি ধৰি অত্যাচাৰ কৰি থকাৰ মাজভাগৰ পৰা৷ য’ত হাতত  অত্যাধুনিক অস্ত্ৰ লোৱা সন্দেহযুক্ত উগ্ৰপন্থীও আছে৷ প্ৰথমেই এক কিশোৰ চুলি মেলি কান্দি থকা কিশোৰীগৰাকীৰ শৰীৰৰ ওপৰত জপিয়াই পৰি উপৰ্যুপৰি প্ৰহাৰ কৰিছে৷ সেই প্ৰহাৰৰ অন্তত সমবেত আন দুই এক নিষ্ঠুৰে কিশোৰীগৰাকীক প্ৰহাৰ কৰিছে নিজ নিজ ‘কোটা’ৰ পৰা৷ পুনৰ প্ৰথমৰ কিশোৰ একেদৰেই জপিয়াই পৰিছে কিশোৰীগৰাকীৰ দেহৰ ওপৰত৷ চলিছে প্ৰহাৰৰ পুনৰাবৃত্তি৷ মাজতে একোটাই হাতত থকা ৰাইফলৰ কুন্দাৰে প্ৰহাৰ কৰিছে কিশোৰীগৰাকীৰ কোমল পিঠি,  বুকুত৷ কেতিয়াবা প্ৰচণ্ড প্ৰহাৰত কিশোৰীগৰাকী ৰাজপথত কান্দি কান্দি বাগৰি পৰিছে, তেওঁক পুনৰ উঠাই আঁঠুকঢ়োৱা হৈছে৷ তেনে সময়তে দুৰৰ পৰা দৌৰি আহি একোটা নিষ্ঠুৰ দানৱে কিশোৰীগৰাকীক পূৰ্ণশক্তিৰে পিছফালৰ পৰা গোৰ মাৰিছে৷ যেন কোনে বেছিকৈ প্ৰহাৰ কৰিব পাৰে তাৰ প্ৰতিযোগিতাহে৷ অৱশেষত ক্লাইমেক্স– য’ত প্ৰথমে কিশোৰীগৰাকীৰ দুয়োখন হাতৰ বান্ধ খুলি দিয়া হৈছে৷ দেখিলে তেতিয়া এনে লাগিব, হয়তো তাইক দানৱৰ দলটোৱে মুকলি কৰি দিব৷ কিন্তু নহয়, দানৱৰ গোটটোৰ এজনে কিশোৰীগৰাকীৰ চকু এখন ক’লা কাপোৰেৰে ঢাকি দিছে আৰু ৰাজপথৰ সোঁমাজত আঁঠুকঢ়াই তেওঁক জীৱনক শেষ মুহূৰ্তটোৰ বাবে সাজু কৰিছে৷ ইয়াৰ পাছতে ভিডিঅ’ত কিশোৰীগৰাকীৰ পিছপিনৰ পৰা লাহে লাহে ওপৰলৈ উঠি আহিছে এটা অত্যাধুনিক ৰাইফলৰ নল৷ কেইছেকেণ্ডৰ নিস্তব্ধতা৷ মুহূৰ্তৰ পাছতে সেই আগ্নেয়াস্ত্ৰৰ গুলী কিশোৰীগৰাকীৰ পিঠি বিদীৰ্ণ কৰি বুকুৰে ইপাৰ হৈ গৈছে আৰু তেওঁ হামখুৰি খাই পৰি গৈছে৷ তাতো ক্ষান্ত নহৈ দানৱৰূপী হত্যাকাৰী জপিয়াই আহি কিশোৰীগৰাকীৰ মূৰত মেগজিনৰ কেইবাটাও গুলী খালী কৰি দিছে৷ আৰু গুলীৰ ধাতব আঘাতত উৰি গৈছে তাইৰ মগজুৰ অংশ, চূৰ্ণ-বিচূৰ্ণ হৈ চাৰিওফালে চিটিকি পৰিছে মুহূৰ্তৰ আগলৈকে প্ৰচণ্ড প্ৰহাৰতো উশাহ লৈ বাচি থাকিবলৈ চেষ্টা চলোৱা কিশোৰীগৰাকীৰ দীঘল চুলিৰে মূৰটোৰ টুকুৰা৷

এই এটা ভিডিঅ’ই সমগ্ৰ দেশক বুজাই দিব পাৰে মণিপুৰত চলি থকা হত্যাযজ্ঞৰ নিষ্ঠুৰতা৷ মণিপুৰত ছিৰিয়া-লেবাননৰ দৰে পৰিস্থিতি হোৱা বুলি মাথোঁ এদিন পূৰ্বে এজন অৱসৰপ্ৰাপ্ত সেনাবিষয়াই মন্তব্য কৰিছিল৷ এই ভিডিঅ’টো দেখাৰ পাছত আৰু তেওঁৰ বক্তব্যৰ পক্ষে প্ৰমাণ সংগ্ৰহ কৰাৰ কোনো প্ৰয়োজন নাথাকিব৷ একেখন ৰাজ্যতে বছৰ বছৰ ধৰি বাস কৰা দুটা জনগোষ্ঠী কেনেদৰে ইমান জিঘাংসু হ’ব পাৰে, সেয়া মনোবিদে ভৱিষ্যতে গৱেষণা কৰিব পাৰিব৷ কিন্তু মণিপুৰৰ বাস্তৱ পৰিস্থিতিয়ে যে আইছিছ নৃশংসতা অতিক্ৰম কৰিছে, সেয়া ভিডিঅ’টো দেখিলে কাৰো সন্দেহৰ থল নাথাকিব৷ আক্ষৰিক অৰ্থতেই প্ৰতিহিংসা আৰু হিংসাৰ দাৱানলত ছাৰখাৰ হৈ গৈছে মণিপুৰ৷ মনুষ্যত্বৰ কবৰ খান্দি  কুকি আৰু মেইটেই পৰস্পৰৰ বিৰুদ্ধে প্ৰতিহিংসা  পূৰণত জপিয়াই পৰিছে৷  ভাতৃঘাতী গোষ্ঠীসংঘৰ্ষ কোন কাহানিয়েই গণহত্যাত পৰিণত হৈছে৷ এইবাৰ মুকলি হৈ পৰিছে আইছিছৰ নৃশংসতা৷ হয়তো এই পাশৱিকতা দেখিলে জয়মতীক আমৃতু শাস্তি দিয়া পাষাণ চাওদাংকেইটাৰো বুকু কঁপিলহেঁতেন, আক্ষেপ কৰিলেহেঁতেন আইছিছৰ নৃশংস ঘাতকেও– মণিপুৰত হোৱা এই নৃশংসতাৰ দৰে তেওঁলোকে শত্ৰুৰ বিৰুদ্ধে ইমান বেছি পাশৱিকতা প্ৰদৰ্শন নকৰাৰ বাবে৷

মণিপুৰত শান্তিৰ আহ্বান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদকঃ বিগত প্ৰায় ৪৫ দিন ধৰি মণিপুৰত চলি থকা ধাৰাবাহিক হিংসাত্মক ঘটনাক অত্যন্ত চিন্তনীয় বুলি অভিহিত কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যবাহ দত্তাত্ৰেয় হোসৱালে৷ উল্লেখ্য, ৩ মে’ত লাই হাৰাওবা উৎসৱৰ সময়ত চূড়াচান্দপুৰত আয়োজন কৰা প্ৰতিবাদী সমাৱেশৰ পিছতে মণিপুৰত আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতি আৰু অনিশ্চয়তাক গৰিহণা দিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই৷  যুগ যুগ ধৰি পাৰস্পৰিক সম্প্ৰীতি আৰু সহযোগিতাৰে শান্তিপূৰ্ণ জীৱন যাপন কৰি অহা লোকসকলৰ মাজত সিদিনাৰ পৰা আৰম্ভ হোৱা অশান্তি আৰু হিংসাৰ ঢৌ এতিয়াও বন্ধ নোহোৱাটো অতিশয় দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে হোসৱালে৷ এই ভয়ংকৰ সময়ছোৱাত ৫০ হাজাৰতকৈ অধিক ভুক্তভোগী লোকৰ লগতে বিপদৰ সন্মুখীন হৈ নিজ নিজ স্থান ত্যাগ কৰা ব্যক্তি আৰু অন্যান্য ভুক্তভোগীৰ কাষত থিয় হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই৷ এই সন্দৰ্ভত হোসৱালে মত পোষণ কৰে যে,  গণতান্ত্ৰিক পৰিৱেশত হিংসা আৰু ঘৃণাৰ কোনো স্থান নাই, লগতে যিকোনো সমস্যাৰ সমাধান শান্তিপূৰ্ণ পৰিৱেশত পাৰস্পৰিক আলোচনা আৰু ভাতৃত্ববোধৰ জৰিয়তেহে সম্ভৱ বুলি সংঘই বিশ্বাস কৰে৷ সংঘই সকলো পক্ষকে এই সংকটপূৰ্ণ সময়ত ইজনে সিজনৰ মাজত থকা বিশ্বাস অটুট ৰাখিবলৈ আহ্বান জনাইছে৷ এইক্ষেত্ৰত দুয়োটা সম্প্ৰদায়ৰ আন্তৰিকতা আৰু প্ৰচেষ্টাৰ প্ৰয়োজন৷  মেইটেইসকলৰ মাজত নিৰাপত্তাহীনতা আৰু অসহায়তাৰ অনুভূতি আৰু কুকি সম্প্ৰদায়ৰ প্ৰকৃত উদ্বেগক উমৈহতীয়াভাৱে আলোচনা কৰি ইয়াৰ সমাধান কৰিব পৰা যাব বুলিও সংঘই মন্তব্য প্ৰকাশ কৰিছে৷ সংঘই মণিপুৰৰ স্থানীয় প্ৰশাসন, আৰক্ষী, সামৰিক আৰু কেন্দ্ৰীয় সংস্থাৰ লগতে চৰকাৰক আহ্বান জনাই কয় যে, এই বেদনাদায়ক হিংসাত্মক ঘটনা তৎকালীনভাৱে বন্ধ কৰাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰক৷