Logo
image

মণ্ডলক কন্দল নলগাবলৈ সকীয়নি মন্ত্ৰী যোগেন মহনৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ভূমি সংক্ৰান্তীয় বিষয়ত ৰাজহ চক্ৰৰ কাৰ্যালয়ত মণ্ডলসকলে যাতে কোনো কন্দল নলগায় তাৰ বাবে মণ্ডলক সকিয়াই দিলে অসম চৰকাৰৰ ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে। সোমবাৰে জামুগুৰিহাটত শোণিতপুৰ জিলাৰ ভিতৰতে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত  চি বি এছ চি পাঠ্যক্ৰমৰ ইংৰাজী মাধ্যমৰ প্ৰথমখন আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন কৰিবলৈ আহি নিজৰ ভাষণত ৰাজহ চক্ৰ কাৰ্যালয়ৰ মণ্ডলসকলক সকিয়াই দিয়ে ৰাজহ মন্ত্ৰীগৰাকীয়ে। ভূমি সংক্ৰান্তীয় সকলো বিবাদ মীমাংসাৰ বাবে বসুন্ধৰা-২ জৰিয়তে সকলো কাম চলি থকাৰ সময়তে দুই-এটকাৰ কাৰণে মণ্ডলসকলে মাজে সময়ে হাত দাঙি থাকিব লগা হোৱাটো অতিকৈ লজ্জাজনক বুলি উল্লেখ কৰি মন্ত্ৰী যোগেন মহনে দুৰ্নীতি ৰোধ কৰাৰ বাবেই অহা দুটামাহৰ ভিতৰত ই-দলিলৰ ব্যৱস্থা কৰা হ'ব বুলিও মন্তব্য কৰে। উল্লেখ্য যে জামুগুৰিহাটৰ পাঞ্চজন্য নামঘৰৰ সমীপৰ পূৰ্বৰ মধ্য জামুগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ গৃহত অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা আৰ্দশ বিদ্যালয়, জামুগুৰিৰ শুভাৰম্ভ অনুষ্ঠানত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাস, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰও উপস্থিত থাকে।