Logo
image

দুদিনৰ বাবে ধুবুৰীলৈ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’, ২০ জুনঃ  মিত্ৰদল অগপৰ পাছত এইবাৰ বিজেপিয়ে ৰাজনৈতিক সমাৱেশ অনুষ্ঠিত কৰিব ধুবুৰী লোকসভা সমষ্টিত৷  এই উদ্দেশ্যেৰে দুদিনীয়া ভ্ৰমণসূচী লৈ মঙলবাৰে পুৱাই ধুবুৰী জিলাত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ উল্লেখ্য যে লোকসভাৰ আগন্তুক নিৰ্বাচিত বিজেপি দলে ৰাজ্যৰ ১৪খন আসনে দখল কৰিব বুলি বাৰম্বাৰ দাবী কৰি আছে দলটোৰ ৰাজ্যিক নেতৃত্বই৷ ইয়াৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিছে শাসনাধিষ্ঠ  দলটোৱে৷ ইয়াৰ অংশ হিচাপে ১৪টা লোকসভা সমষ্টিত বিজেপি দলে অনুষ্ঠিত কৰিব মহা জনসম্পৰ্ক অনুষ্ঠান৷ যোৰহাট লোকসভা সমষ্টিত দেওবাৰে অনুষ্ঠিত এই অনুষ্ঠানত অংশলয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা৷ ইয়াৰ পূৰ্বে গুৱাহাটী লোকসভা সমষ্টিত অনুষ্ঠিত মহা জনসম্পৰ্ক অনুষ্ঠানত অংশ লৈছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ বিজেপিৰ এই আগ্ৰাসী মনোভাৱৰ বিপৰীতে অগপ দলেও ইতিমধ্যে লোকসভা সমষ্টিয়ে সমষ্টিয়ে অব্যাহত ৰাখিছে কৰ্মকৰ্তা সন্মিলন৷ ৰাজ্যৰ অধিকাংশ লোকসভা সমষ্টিতে অগপ দলে ইতিমধ্যে কৰ্মকৰ্তা সন্মিলন সফলতাৰে অনুষ্ঠিত কৰাৰ পাছত দেওবাৰে ধুবুৰী লোকসভা সমষ্টিত এই সন্মিলন অনুষ্ঠিত কৰে৷ লক্ষণীয়ভাৱে মিত্ৰ দল অগপক লোকসভাৰ বিজেপিয়ে কিমানখন আসন এৰি দিব সেইটো এই পৰ্যন্ত স্পষ্ট হোৱা নাই৷ বিজেপিৰ মাহজোৰা মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মঙলবাৰে বিলাসীপাৰাৰ আই এন এ ফিল্ডত  অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভাত অংশ ল’ব৷ আনহাতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জিলাখনৰ ঝগ্ৰৰাৰপাৰ মিনি ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে অনুষ্ঠান হ’বলগীয়া বিষ্ণুৰাভা দিৱসতো অংশ ল’ব মুখ্যমন্ত্ৰীয়ে৷ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গোলকগঞ্জ হৈ কানুৰীলৈ  যোৱা পথৰ গংগাধৰ নদীৰ ওপৰত নিৰ্মিত দলংখনো মুখ্যমন্ত্ৰীয়ে কাইলৈ উদ্বোধন কৰিব৷ ২১ জুনত ‘নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ ৰাজ্যিক অনুষ্ঠান জিলাখনৰ ঝগ্ৰৰাৰপাৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ এই অনুষ্ঠানতো মুখ্যমন্ত্ৰীয়ে উপস্থিত থাকিব৷ মুখ্যমন্ত্ৰীয়ে ধুবুৰী জিলাৰ সত্ৰশালৰ ঐতিহাহিসক ৰামৰাইকুটী সত্ৰও পৰিদৰ্শন কৰিব৷ বুধবাৰে মুখ্যমন্ত্ৰী ধুবুৰী জিলাৰ পৰা উভতি আহিব৷

ধুবুৰীত কাইলৈ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস 

‘আমাৰ অসম’ৰ ধুবুৰীৰ প্ৰতিবেদকঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত মঙলবাৰে ধুবুৰীত অনুষ্ঠিত হ’বলগীয়া বিষ্ণু ৰাভা দিৱস -২০২৩ আৰু বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ কাইলৈৰ বিয়লি ৫ বজাৰ পৰা আৰম্ভ হঅবলগীয়া সেই বঁটা প্ৰদান কাৰ্য্যসূচীত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব ধুবুৰী জিলাৰ অভিভাবক মন্ত্ৰী তথা পৰ্যটন, জনস্বাস্থ্য কাৰিকৰী ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা৷ সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব সাংস্কৃতিক পৰিক্ৰমা ইত্যাদি বিভাগৰ মন্ত্ৰী বিমল বড়াই৷  ইপিনে ধুবুৰী চহৰৰ পাশ্বৰ্ৱৰ্তী ঝগৰাৰপাৰৰ ষ্টেডিয়ামত অনুষ্ঠিত হঅবলগীয়া কাইলৈৰ বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ বাবে প্ৰতিকূল বতৰৰ মাজতেই বৰ্তমানে যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলি আছে আটক ধুনীয়া মঞ্চ আৰু বিশাল পেণ্ডেলৰ নিৰ্মাণৰ কাম৷ উল্লেখ্য যে, অহা ২১ জুনৰ দিনা ৰাজ্য চৰকাৰৰ উদ্যোগত হ’বলগীয়া নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী ধুবুৰীৰ এই ঝগৰাৰপাৰৰ ষ্টেডিয়ামত অনুষ্ঠিত হঅব৷ সিদিনা পুৱা ৬-৩০টাৰ পৰা অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিশেষ কাৰ্য্যসূচীতো উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ কাইলৈ দু-দিনীয়া কাৰ্য্যসূচীৰে ধুবুৰী জিলালৈ আহিব মুখ্যমন্ত্ৰী শৰ্মা৷