Logo
image

প্ৰসিদ্ধ বিজ্ঞানী, শিক্ষাবিদ কিশোৰীমোহন পাঠকৰ বিয়োগ

‘আমাৰ অসম’, ২১ জুনঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য ড॰ কিশোৰী মোহন পাঠকৰ মঙলবাৰে সন্ধিয়া ৬ বাজি ৪০ মিনিটত গুৱাহাটীৰ কুমাৰপাৰাস্থিত নিজ বাসভবনত মৃত্যু হয়৷ মৃত্যুৰ সময়ত অধ্যাপক পাঠকৰ  বয়স আছিল ৯২ বছৰ৷ অধ্যাপক পাঠকে ১৯৫৬ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ তেওঁক ১৯৬৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে ডি.ফিল আৰু ইউ কেৰ ডাৰহাম ইউনিভাৰ্চিটিয়ে পি এইছ ডি ৰে সন্মানিত কৰে৷ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল৷ ড॰ পাঠকে পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ বিশেষ বৰঙনি আগবঢ়াই গৈছে৷ তেওঁ ইংৰাজী আৰু অসমীয়া ভাষাত ১৭খন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিষয়ক গ্ৰন্থ আৰু ১৩০খন গৱেষণা পত্ৰ লিখি উলিয়াইছিল৷ দেশ, বিদেশত সুখ্যাতি অৰ্জন কৰা অধ্যাপক পাঠকে দেশ-বিদেশত বিভিন্ন বিজ্ঞান বিষয়ক আলোচনাচক্ৰত অংশগ্ৰহণ কৰিছিল৷ শিক্ষাক্ষেত্ৰলৈ, বিশেষকৈ পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদান অনস্বীকাৰ্য৷  মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ, এগৰাকী কন্যা, বোৱাৰী, জোঁৱাই, আত্মীয় স্বজনক এৰি যায়৷ বুধবাৰে দিনৰ ১ বজাত গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব৷ বিশিষ্ট শিক্ষাবিদ, আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানীগৰাকীৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যৰ শৈক্ষিক আৰু বৌদ্ধিক জগতত গভীৰ শোকৰ ছাঁ পেলাইছে৷