Logo
image

মাস্কৰে মোদীৰ বৈঠক, ভাৰতলৈ আহি আছে টেছলা

‘আমাৰ অসম’, ২২ জুনঃ ৯ বছৰ পূৰ্বে দেশৰ প্ৰাচীনতম যোগাসনক বিশ্বই স্বীকৃতি প্ৰদান কৰিব লাগে বুলি সকলো ৰাষ্ট্ৰৰ সৰ্বোচ্ছ মঞ্চ ৰাষ্ট্ৰসংঘৰ যি সাধাৰণ পৰিষদত আহ্বান জনাইছিল, সেই ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত মুখ্য কাৰ্যালয়ত বুধবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ  অনুষ্ঠানৰ নেতৃত্ব প্ৰদান কৰাই নহয়, গীনিজ বুক অৱ ৱল্ডৰ্ৰেকৰ্ডৰো অংশীদাৰ হ’ল৷ এটা যোগ অনুষ্ঠানত সৰ্বাধিকসংখ্যক ৰাষ্ট্ৰৰ অৰ্থাৎ ১৮০ৰো অধিক দেশৰ নাগৰিকে একেলগে ভাগ লোৱাৰ বাবে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ নৰ্থ লনত আয়োজিত বুধবাৰৰ যোগ দিৱসক অভিলেখ হিচাপে স্বীকৃতি প্ৰদান কৰিলে গীনিজ বুক ৱল্ডৰ্ ৰেকৰ্ডছ কতৃৰ্পক্ষই৷ স্বাভাৱিকতে ভাৰতত উদ্ভাৱন হোৱা বিশ্বৰ এই প্ৰাচীনতম শাৰীৰিক আৰু মানসিক উৎকৰ্ষৰ মাধ্যম যোগাসনে ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বিশ্বাভিলেখ গঢ়াটো ভাৰতৰ বাবে গৌৰৱৰ বিষয়৷ আনহাতে, এই অনুষ্ঠানক লৈ অসমীয়াৰো গৌৰৱৰ থল থাকিল৷ কিয়নো নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ এই যোগ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ভাগ ল’লে ডিঙিত অসমীয়াৰ গৌৰৱ আৰু চিনাকী গামোচা এখন লৈ৷

প্ৰধানমন্ত্ৰী মোদীয়ে নেতৃত্ব দিয়া ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ যোগ দিৱসৰ অনুষ্ঠানত হলীউডৰ অভিনেতা ৰিচাৰ্ড গেৰেৰ পৰা আৰম্ভ কৰি তাৰকা, বিশ্বৰ শীৰ্ষস্থানীয় কূটনীতিবিদ, বহুসংখ্যক দেশৰ ৰাষ্ট্ৰদূত আদিয়ে ভাগ লয়৷ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ নৰ্থ লনত থকা মহাত্মা গান্ধীৰ মূৰ্তিত শ্ৰদ্ধা জনাই মোদীয়ে যোগ দিৱসত যোগাসনত বহাৰ পূৰ্বে উপস্থিত সকলোকে আদৰণি জনাই কয়– ভাৰতত উদ্ভাৱন হোৱা যোগাসন হৈছে জীৱনৰ পথ৷ তেওঁ কয়– যোগ সকলোৰে বাবে৷ ইয়াত কাৰো একক অধিকাৰ নাই৷ যোগাসনৰ জৰিয়তে সকলো শাৰীৰিক, মানসিকভাৱে সুস্থ হৈ থাকিব পাৰে আৰু সকলোৱে প্ৰশান্তি লাভ কৰে৷ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধ্যক্ষ কাছাবা কৰ’ছি, নিউয়ৰ্ক চহৰৰ মেয়ৰ এৰিক আদাম্‌ছ, ৰাষ্ট˜সংঘৰ উপ-সচিবপ্ৰধান আমিনা জে মহম্মদ, মাৰ্কিন সংগীতজ্ঞ মেৰী মিলবেন, ৰাষ্ট্ৰসংঘত থকা মাৰ্কিন ৰাষ্ট্ৰদূত লিণ্ডা থমাছ গ্ৰীনফিল্ডকে দৰি অনেক গণ্যমান্য ব্যক্তি তথা আগশাৰীৰ কূটনীতিবিদ, সাহিত্যিক, বুদ্ধিজীৱী, অধ্যাপক, সাংবাদিকে ভাগ লয়৷

নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বিশ্বৰ ১৮০খন দেশৰ লগতে যোগাসনৰ  জন্মভূমি ভাৰতত বিস্তৃতভাৱে পালন কৰা হয়৷ স্বাভাৱিকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত এইবাৰ আয়োজিত যোগ দিৱসে সমগ্ৰ বিশ্বৰ দৃষ্টি কাঢ়ি নিয়াত দেশৰ বিভিন্ন স্থানত আয়োজিত যোগ দিৱসৰ অনুষ্ঠানে পূৰ্বৰ মাত্ৰাত প্ৰচাৰ লাভ কৰা নাই৷ তথাপি ভাৰতীয় সেনাবাহিনীয়ে ছিয়াচেনৰ পৰা আন্দামানলৈ মুঠতে দেশৰ ১০০টা স্থানত যোগ দিৱস আয়োজন কৰাৰ লগতে উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশেও বুধবাৰে পালন কৰা এই দিৱসত ভাগ লয়৷ আনহাতে, নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য ছুৰাটত সৰ্বাধিকসংখ্যক লোকৰ সমাৱেশেৰে যোগ দিৱস অনুষ্ঠিত কৰি গীনিজ বিশ্ব অভিলেখ স্থাপন কৰে৷ এইবাৰ দেশত অনুষ্ঠিত যোগ দিৱসৰ নেতৃত্ব দিয়ে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত যোগ দিৱসত ভাগ লয়৷ ধনখড়ে মধ্যপ্ৰদেশৰ জব্বলপুৰত যোগ দিৱসত ভাগ লয়, য’ত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও ভাগ লয়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যুদ্ধ জাহাজ আই এন এছ ৱিক্ৰান্তত যোগ দিৱসত ভাগ লয়৷

মাস্কৰে সাক্ষাৎ, ভাৰতলৈ আহিব টেছলা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ অতি গুৰুত্বপূৰ্ণ আমেৰিকা ভ্ৰমণৰ সূচনাতেই মঙলবাৰে নিশা টুইটাৰৰ মুৰব্বী এলন মাস্কৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগে লগে ভাৰতলৈ বিলাসী গাড়ীৰ কোম্পানী টেছলা অহাৰ পথ মুকলি হৈছে৷ বিশ্বৰ শীৰ্ষস্থানীয় ধনকুবেৰ এলন মাস্কে মাইক্ৰ’ব্লগিং ছাইট টুইটাৰ অধিগ্ৰহণ কৰাৰ পাছত নৰেন্দ্ৰ মোদীৰ সৈতে এয়াই আছিল প্ৰথম সাক্ষাৎ৷ টেছলা আৰু টুইটাৰৰ স্বত্বাধিকাৰী এলন মাস্কৰ সৈতে অনুষ্ঠিত এই বৈঠক সন্দৰ্ভত স্বয়ং পিএমঅ’ আৰু নতুন দিল্লী কিম্বা বৈদেশিক মন্ত্ৰণালয় এতিয়াও নীৰৱ৷ ইয়াৰ বিপৰীতে এলন মাস্কে মোদীৰ সৈতে বৈঠকৰ বিষয়ে ৰাজহুৱা কৰিছে আৰু তেওঁ টেছলাৰ জৰিয়তে ভাৰতত বিনিয়োগ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ মোদীৰ সৈতে বৈঠকৰ পাছত এলন মাস্কে সাংবাদিকৰ আগত কয়– ‘খুব সুন্দৰ বৈঠক অনুষ্ঠিত হ’ল৷ মইতেওঁক বিৰাট পচন্দ কৰোঁ৷ কেইবছৰমান পূৰ্বে মোদী আমাৰ টেছলাৰ কাৰখানালৈ আহিছিল৷ আমাৰ দুয়োৰে চিনাকী বহু বছৰৰ৷ ভাৰতৰ ভৱিষ্যৎ লৈ মই ভীষণ উৎসাহিত৷ মোৰ ধাৰণা, বিশ্বৰ যিকোনো ডাঙৰ দেশৰ তুলনাত ভাৰতৰ বেছি সম্ভাৱনা আছে৷’ বিলাসী গাড়ী প্ৰস্তুতকৰ্তা কোম্পানী টেছলাই ভাৰতত বিনিয়োগ কৰিব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত এলন মাস্কে কয়– ‘মই আশাবাদী যে টেছলা ভাৰতলৈ যাব৷ যত দ্ৰুত সম্ভৱ এই কাম হ’ব৷’ আনহাতে, ‘দ্য ৱাল ষ্ট্ৰীট জাৰ্নাল’ক দিয়া সাক্ষাৎকাৰত এলন মাস্কে কয় যে চলিত বছৰৰ শেষতে ভাৰতত গাড়ী কাৰখানা নিৰ্মাণৰ বাবে উপযুক্ত স্থান নিৰ্বাচন কৰিব টেছলাই৷ মোদীয়ে বিনিয়োগকাৰী সংস্থাসমূহক সহায় কৰিবলৈ আগ্ৰহী বুলিও তেওঁ মন্তব্য কৰে৷ উল্লেখ্য, মঙলবাৰে মোদীৰ বিমানে নিউয়ৰ্কৰ মেৰীলেণ্ডৰ বায়ু সেনাবাহিনীৰ বিমানঘাটিত অৱতৰণ কৰাৰ পাছত তেওঁ নিশাই এলন মাস্ক তথা নোবেলবিজয়ী, অৰ্থনীতিবিদ, শিল্পী, বিজ্ঞানী, উদ্যোগপতিক সাক্ষাৎ কৰে৷ তেওঁ লেখক ৰবাৰ্ট থাৰমান, পৰিসংখ্যাবিদ নিকোলাছ নাছিম তালেবৰ সৈতে সাক্ষাৎ কৰে৷