Logo
image

প্ৰলয়ংকৰী বানত ডুবিল পাটাছাৰকুছি

‘আমাৰ অসম’, ২২ জুনঃ যোৱা কেইবাদিনো নেৰানেপেৰাকৈ হৈ থকা ধাৰাষাৰ বৰষুণ আৰু ভূটানৰ কুৰিশ্বু বান্ধৰ পৰা এৰি দিয়া পানীয়ে পাটাছাৰকুছি অঞ্চলৰ কেইবাখনো গাঁও আৰু খেতিপথাৰ বুৰাই পেলাইছে৷ ভূটানৰ পৰা অহা পানী কালদিয়া আৰু দেউঝাৰা নৈৰে বৈ আহি নৈ দুখন ওফন্দি উঠি নৈ দুখনৰ দুয়ো পাৰে বানৰ সৃষ্টি কৰি গাঁওসমূহ বুৰাই পেলাইছে৷ এই বানৰ পানীয়ে কেইবাটাও পথ আৰু মথাউৰিৰ ওপৰেৰে বৈ থকাত যাতায়াত সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে৷ আনহাতে অঞ্চলটোৰ পূব প্ৰান্তেৰে বৈ যোৱা টিহু নৈৰ পানীয়েও সেই অঞ্চলৰ বিভিন্ন গাঁও আৰু খেতিপথাৰ বুৰাই পেলাইছে৷ খৰাঙৰ সময়তে বহু কষ্ট কৰি কৃষকসকলে কঠীয়া সিঁচিছিল যদিও সেইবোৰ বিগত ৭-৮ দিন ধৰি পানীৰ তলত বুৰগৈ থকাত নষ্ট হ’বলৈ ধৰিছে৷ অঞ্চলটোৰ ৰিহাবাৰী, অকয়া, উলুৱা, পানবাৰী, কাহাৰপাৰা, পিপলা, বনীয়াগাঁও, আনন্দপুৰ, মৰিপুৰ, পখা, নিত্যানন্দ, বিছানকুছি, চৌধুৰীপাৰা, গোবিন্দপুৰ, সাওঁৰা, কুঁৱাৰা, খাৰাধৰা, বিলপাৰ, পাহলা, শিমলুবাৰী, দলৈগাঁও, সৰিহ চাকলা, পাটাছাৰকুছি, দেওঝাৰাপাৰ, বৰনলীকুছি, বৈৰাগী, সৰিহ সত্ৰ, ধৰমতলা, বেজকুছি, বৰসাহান, ভালুকী, হেলনা আদিকে ধৰি বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো গাঁও আৰু খেতিপথাৰ বানৰ কবলত পৰিছে৷ আনহাতে পাটাছাৰকুছিৰ পৰা ভূটানলৈ যোৱা মদন-ৰাউতা লোকনিৰ্মাণ বিভাগৰ পথটোৰ পাটাছাৰকুছি, সৰিহ চাকলা, কুঁৱাৰা, মৰিপুৰ, কাহাৰপাৰা আদিকে ধৰি বিভিন্ন স্থানত ওপৰেৰে পানী বাগৰি আছে৷  পাটাছাৰকুছিৰ বজালী ৰাজহ চক্ৰ কাৰ্যালয়, চি আৰ পি এফৰ শিৱিৰ, পশু চিকিৎসালয়, প্ৰাচ্য সংঘ, সাহিত্য সভাৰ কাৰ্যালয়, হাউলী, সৰিহ চাকলা, ধৰ্মপুৰ, মিলন নগৰ, বৰবাটাবাৰী, ধৰমতলাকে পাটাছাৰকুছিৰ আটাইকেইটা ৱাৰ্ড বানৰ কবলত পৰিছে৷ পাটাছাৰকুছিৰ চি আৰ পি এফ কেম্পটোৰ লগতে বজালী ৰাজহ চক্ৰ কাৰ্যালয়, উপ পঞ্জিয়কৰ কাৰ্যালয়ৰ, পশু চিকিৎসালয়, পাটাছাৰকুছি হাইস্কুল, পাটাছাৰকুছি বিদ্যাপীঠ, শংকৰদেৱ শিশু নিকেতন ৬৪ নং প্ৰায়মাৰী স্কুল চৌহদ পানীয়ে বুৰাই পেলাইছে৷