Logo
image

ছ’চিয়েল মিডিয়াত চৰকাৰৰ বিৰুদ্ধে মুখ খুলিলেই শাস্তি!

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশৰ ঘোষণা

আমাৰ অসম, ২৩ জানুৱাৰীঃ ছ’চিয়েল মিডিয়াত চৰকাৰৰ বিৰুদ্ধে আপত্তিজনক বা মানহানিকৰ পোষ্ট দিলে এতিয়াৰে পৰা শাস্তিৰ যোগ্য চাইবাৰ অপৰাধ হিচাপে গণ্য কৰা হ’ব বিহাৰত৷ এই সিদ্ধান্ত লৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে৷ কেৱল মাত্ৰ চৰকাৰৰ বিৰুদ্ধেই নহয়, চৰকাৰী বিষয়া বা কোনো মন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক পোষ্ট দিলে শাস্তিৰ সন্মুখীন হ’ব লাগিব দিওঁতাজনে৷ ফেচবুক আৰু টুইটাৰৰ দৰে ছ’চিয়েল মিডিয়াত চৰকাৰক সমালোচনা কৰা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে৷ বিভিন্ন জনসভাত ইয়াকে লৈ তেওঁ প্ৰকাশ্যে আপত্তি সদৰি কৰিছে৷ বৃহস্পতিবাৰৰ পৰা এই ধৰণৰ ‘অপৰাধী’ৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ৷ এই সন্দৰ্ভত বিহাৰৰ ইক’নমিক অফেঞ্চেজ উইঙৰ আই জি হাচনেন খানক নিৰ্দেশ দিছে যে ছ’চিয়েল মিডিয়াত চৰকাৰৰ বিৰুদ্ধে আপত্তিজনক বা মানহানিকৰ কোনো পোষ্ট দিলে সেইটো যাতে ৰিপ’ৰ্ট কৰা হয়৷ সমান্তৰালকৈ এনেধৰণৰ লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ বাবেও নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আই জিয়ে ৰাজ্যৰ সকলো সচিবলৈ একোখনকৈ পত্ৰ প্ৰেৰণ কৰিছে৷ পত্ৰখনত উল্লেখ কৰা অনুসৰি ‘চৰকাৰ, সন্মানীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু চৰকাৰী বিষয়াসকলৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত আপত্তিজনক বা মানহানিকৰ মন্তব্য কৰিছে বহু ব্যক্তি আৰু একাংশ সংস্থাই৷ এই সকলো পোষ্ট আইন বিৰোধী আৰু চাইবাৰ অপৰাধ হিচাপে গণ্য কৰা হ’ব৷’