Logo
image

১৩৯খন কলেজক শ্ব’কজ

‘আমাৰ অসম’, ২৩ জুনঃ উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বেয়া ফলাফল প্ৰদৰ্শন কৰা শিক্ষানুষ্ঠানৰ শিক্ষকৰ বিপদ নিশ্চিত হৈ পৰিছে৷ উত্তীৰ্ণৰ হাৰ পূৰ্বতকৈ হ্ৰাস পোৱা অৰ্থাৎ ফলাফল নিম্নগামী শিক্ষানুষ্ঠানৰ শিক্ষকৰ বিৰুদ্ধে এইবাৰ শাস্তিমূলক ব্যৱস্থা  গ্ৰহণৰ বাবে সাজু হৈছে শিক্ষা বিভাগ৷ চলিত বৰ্ষৰ উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫ শতাংশতকৈ কম হোৱা ৰাজ্যৰ ১৩৯খন ডিগ্ৰী কলেজলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে উচ্ছ শিক্ষা সঞ্চালকে৷ উচ্ছ শিক্ষাৰ সঞ্চালকে উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত নিম্ন ফলাফল প্ৰদৰ্শন কৰা শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীক বেয়া ফলাফলৰ কাৰণ বাখ্যা কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ দিছে৷ লক্ষণীয়ভাৱে এইবাৰ উচ্ছতৰ মাধ্যমিকৰ ফলাফলত ডিগ্ৰী মহাবিদ্যালয়সমূহতকৈ উচ্ছতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ফলাফল বহুত উন্নত আছিল৷ ডিগ্ৰী মহাবিদ্যালয়ৰ শিক্ষকে ইউজিচি নিৰিখত দৰমহা তথা অন্যান্য সা-সুবিধা লাভ কৰাৰ পাছতো ছাত্ৰ-ছাত্ৰীক পাঠদানত পিঠি দিয়াৰ অভিযোগ দীৰ্ঘদিনীয়া৷ যাৰ পৰিণতিত উচ্ছতৰ মাধ্যমিকৰ ফলাফলত ১৩৯খন কলেজত ৭৫ শতাংশতকৈ কম ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হ’বলৈ সক্ষম হয়৷ অতি উদ্বেগজনকভাৱে এইসমূহ মহাবিদ্যালয়ৰ ৯খনৰে উত্তীৰ্ণৰ হাৰ ৩০ শতাংশতকৈ কম৷ ওদালগুৰিৰ টংলা কলেজৰ উত্তীৰ্ণৰ হাৰ আটাইতকৈ তলত৷ মহাবিদ্যালয়খনৰ উত্তীৰ্ণ হাৰ মাত্ৰ ১৯.৪ শতাংশ আৰু ওদালগুৰি কলেজৰ উত্তীৰ্ণৰ হাৰ ২০.৩৮ শতাংশ৷ তদুপৰি ধুবুৰীৰ চিলাৰায় কলেজৰ উত্তীৰ্ণৰ হাৰ ২১.৬১ শতাংশ, গোৱালপাৰাৰ লক্ষীপুৰ কলেজৰ ২১.৮৭ শতাংশ, বৰপেটাৰ মন্দিয়া আঞ্চলিক কলেজৰ ২৩.৯১ শতাংশ, শোণিতপুৰৰ এলজিবি গাৰ্লছ কলেজৰ ২৪.৮১ শতাংশ, ধুবুৰীৰ সপটগ্ৰাম কলেজৰ ২৭.৮ শতাংশ, কোক্‌ৰাঝাৰৰ গোসাঁইগাঁও কলেজৰ ২৮.২৭ শতাংশ আৰু নগাঁৱৰ ৰূপহী কলেজৰ উত্তীৰ্ণ হাৰ ২৯.৩১ শতাংশ৷ একেদৰে ২২খন মহাবিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ৩০-৪০ শতাংশৰ ভিতৰত৷ ইয়াৰ ভিতৰত অন্যতম তেজপুৰ কলেজৰ উত্তীৰ্ণৰ হাৰ ৩৯.৮১ শতাংশ, লামডিং কলেজৰ ৩৯.৬৭ শতাংশ, বাপুজি কলেজৰ ৩৫.৮৯ শতাংশ৷ আনহাতে, উচ্ছ শিক্ষা সঞ্চালকৰ পৰা শ্ব’কজ লাভ কৰা আন মহাবিদ্যালয়সমূহৰ অন্যতম হৈছে ছিপাঝাৰ কলেজ ৪২.১৫ শতাংশ, টিংখাং কলেজ ৪২.০৭ শতাংশ, সোণাৰী কলেজ ৪১.৫৪ শতাংশ, ডিব্ৰু কলেজ ৪২.৯৪ শতাংশ, মৰিয়নি কলেজ ৪৯.৩৮ শতাংশ, সৰুপথাৰ কলেজ ৫০.১৮ শতাংশ, ৰহা কলেজ ৪৯.৮৮ শতাংশ, নৰ্থ গুৱাহাটী কলেজ ৫২.৩১ শতাংশ, এছ বি দেওৰা কলেজ ৫০.৮৯ শতাংশ, মঙলদৈ কলেজ ৫০.৬৮ শতাংশ, বজালী কলেজ ৫৮.৩৩ শতাংশ, বৰপেটাৰ এমচি কলেজ ৬৫.৯৯ শতাংশ, শিৱসাগৰ কমাৰ্চ কলেজ ৭২.৯৭ শতাংশ, পাণ্ডু কলেজ ৭১.১২ শতাংশ আৰু প্ৰাগজ্যোতিষ কলেজ ৭৪.২১ শতাংশ৷ কাৰণ দৰ্শোৱাৰ জাননীৰ সন্দৰ্ভত মহাবিদ্যালয় কতৃৰ্পক্ষই দিয়া উত্তৰত সন্তুষ্ট নহ’লেই, শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও শিক্ষা বিভাগে সদৰী কৰিছে৷