Logo
image

বাল্য বিবাহ কৰি আৰক্ষীৰ জালত অমিত বিশ্বাস

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত উদ্বেগজনক ভাবে বৃদ্ধি পাইছে বাল্য বিবাহ। অসম আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযানৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে বাল্য বিবাহ। কেইদিনমান পূৰ্বে গুৱাহাটীৰ কাহিলীপাৰাত সংঘটিত হয় এই ঘটনা। অৱশ্যে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে কিশোৰীক বিয়া কৰোৱা যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে কিশোৰীগৰাকীক উদ্ধাৰ কৰে। ধৃত যুৱকজন ২৩ বছৰীয়া অমিত বিশ্বাস। জানিব পৰা মতে কিছুদিন পূর্বে কাহিলীপাৰাৰ কিশোৰীগৰাকীক পলুৱাই নি অমিত বিশ্বাসে বিবাহপাশত আবদ্ধ হৈছিল। ইয়াৰ পিছৰে পৰা নৱবিবাহিত নাবালিকা পত্নীসহ যুৱকজনে আত্মগোপন কৰি আছিল। ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত চলাই বৃহস্পতিবাৰে নিশা গোটানগৰৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰে। মালিগাঁৱৰ এখন ম'বাইলৰ দোকানত কাম কৰিছিল ধৃত যুৱকজনে। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।