Logo
image

আৰক্ষীয়ে পাৰে, নাগৰিকে নোৱাৰে!

ডিজিটেল সংবাদ, নগাঁওঃ আৰক্ষীয়ে পাৰে, জনতাই নোৱাৰে। যেন ঈশ্বৰে কৰিলে লীলা, মানুহে কৰিলে ধৰি বান্ধি কিলা। এখন ফ'টো৷ এজন আৰক্ষীৰ পোচাক পিন্ধা জোৱানে বৃহস্পতিবাৰে নিশা এখন মটৰ চাইকেলত দুজন আৰোহীক উঠাই ঘূৰি ফুৰা ছবি বন্দী হ'ল সাংবাদিকৰ কেমেৰাত। দুয়োজন আৰোহীৰ মূৰত নাছিল হেলমেট। জানিব পৰা মতে, উক্ত আৰক্ষীজন নগাঁও চহৰৰে এটা আৰক্ষী চকীত কৰ্মৰত ।

হেলমেটবিহীন মটৰ চাইকেলৰ চালক-আৰোহীক জৰিমনা বিহিবলৈ সাজু হৈ নগাঁও চহৰৰ চোকে-কোণে সস্ত্ৰম হৈ থকা আৰক্ষীৰ ম'বাইলৰ কেমেৰাত বন্দী নহ'ল সেই ছবি। অৰ্থাৎ আৰক্ষীয়ে জৰিমনা নিবিহিলে সেইজন আৰক্ষীক৷ শেহতীয়া ভাবে নগাঁৱত হেলমেটবিহীন বাইক চালক আৰু আৰোহীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। কেৱল সেয়াই নহয় চীট বেল্ট পৰিধান নকৰা গাড়ীৰ চালক আৰু যাত্ৰীৰ বিৰুদ্ধেও কঠোৰ হৈছে আৰক্ষী। নগাঁৱৰ বাইপাছ পথৰ বৰঘাট আৰক্ষী চকীকে ধৰি প্ৰতিখন থানা আনকি নগাঁও চহৰৰ প্ৰতিটো ট্ৰেফিক পইন্ট আৰু চাৰিআলিত যান-বাহন আৰক্ষী সস্ত্ৰম হৈ থাকে জৰিমনা বিহিবলৈ। নগাঁও চহৰৰ ব্যস্ত অৱস্থাত কোনো চালক-আৰোহীয়ে হেলমেট অথবা চীট বেল্ট পৰিধান নকৰিলে জৰিমনা দিবৰ বাবে সাজু থাকিব লাগে। জানিব পৰা মতে চালকৰ প্ৰাণ ৰক্ষা কৰাতকৈ চৰকাৰক দিনটোত সৰ্বাধিক কিমান জৰিমনা বিহি ৰাজহ সংগ্ৰহ কৰিব পাৰে তাৰেই লক্ষ্য আৰক্ষীৰ৷