Logo
image

বন্ধ হ’ল ৰাজ্যৰ ২ হাজাৰ চৰকাৰী স্কুল

‘আমাৰ অসম’, ২৪ জুনঃ ৰাজ্যত এখনৰ পাছত এখন ব্যক্তিগতখণ্ডৰ বিদ্যালয় স্থাপন হোৱাৰ সময়তে একত্ৰিকৰণৰ জৰিয়তে দুই সহস্ৰাধিক চৰকাৰী শিক্ষানুষ্ঠান চিৰদিনৰ বাবে বন্ধ কৰিবলৈ সাঁজু হৈছে শিক্ষা বিভাগ৷ ‘শিক্ষা ক্ষেত্ৰ’ আঁচনিৰ জৰিয়তে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্ৰতিখন জিলালৈ বিদ্যালয়ৰ একত্ৰিকৰণৰ নিৰ্দেশনা জাৰি কৰিছে৷ কম শিক্ষাৰ্থী আৰু ফলাফল অনুন্নত  উচ্ছ মাধ্যমিক, মজলীয়া, মাদ্ৰাছা আৰু প্ৰাথমিক বিদ্যালয়ক চিনাক্ত কৰি চামিলকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ নিৰ্বাচিত শিক্ষানুষ্ঠানসমূহক কাষৰীয়া উচ্ছ মাধ্যমিক আৰু উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ সতে একত্ৰিকৰণ কৰিছে৷ মাধ্যমিক শিক্ষা সঞ্চালকে একত্ৰিকৰণৰ বাবে নিৰ্দেশ জাৰি কৰা বিদ্যালয়ৰ শীৰ্ষত আছে বৰপেটা, লখিমপুৰ আৰু ধুবুৰী জিলা৷ লক্ষণীয়ভাৱে শিক্ষা বিভাগে বিভিন্ন অজুহাতেৰে শিক্ষানুষ্ঠানসমূহক একত্ৰিকৰণৰ ফলত পূৰ্বৰ বিদ্যালয়সমূহৰ শিক্ষক-কৰ্মচাৰীৰ পদসমূহ বিলুপ্ত হোৱাটো নিশ্চিত হৈ পৰিল৷ অৰ্থাৎ ২-৩ খন পৰ্যন্ত শিক্ষানুষ্ঠানক চামিল কৰাত তেনে বিদ্যালয়সমূহত স্থায়ী পদৰ বিপৰীতে পৰৱৰ্তী সময়ত নিযুক্তি বন্ধ হোৱাৰ আশংকাই দেখা দিছে৷ সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ঐতিহ্যমণ্ডিত বিদ্যালয়সমূহ একত্ৰিকৰণৰ নামত বন্ধ কৰি দিয়াত ঠায়ে ঠায়ে এতিয়া প্ৰতিবাদ আৰম্ভ হৈছে৷ ইতিপূৰ্বে একত্ৰিকৰণৰ অজুহাতেৰে প্ৰাথমিকৰ পৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয় পৰ্যন্ত প্ৰায় ৮ হাজাৰ শিক্ষানুষ্ঠান চিৰদিনলৈ বন্ধ কৰি দিয়া হৈছে৷ শেহতীয়াকৈ মাধ্যমিক শিক্ষা সঞ্চালকে বৰপেটা জিলাৰ ১০০ শিক্ষানুষ্ঠানক কাষৰীয়া বিদ্যালয়ৰ সৈতে চামিলকৰণৰ নিৰ্দেশ জাৰি কৰিছে৷ আধাৰ বিদ্যালয় [বেছ স্কুল] হিচাবে ৭৯ খন উচ্ছতৰ মাধ্যমিক, উচ্ছ মাধ্যমিক আৰু হাই মাদ্ৰাছাৰ সৈতে ১০০ খন নিম্ন প্ৰাথমিক বিদ্যালয়, মজলীয়া বিদ্যালয় আৰু মাদ্ৰাছাক চামিল কৰা হ’ব৷ আশ্চৰ্যজনকভাৱে ৫-৬ কিলোমিটাৰ ব্যৱধানৰ বিদ্যালয়কো এই তালিকাত সাঙুৰি লোৱাত অঞ্চলসমূহত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শিক্ষা বিভাগৰ একত্ৰিকৰণৰ নিৰ্দেশনা অনুসৰি বৰপেটাৰ টাউন বয়জ এম ভি স্কুল, ফখৰুদ্দিন আলী আহমেদ এম ই এম, ৰামকৃষ্ণ মহন্ত এম ই স্কুল, দক্ষিণ পকা এম ই স্কুল, নৱজ্যোতি হাইস্কুল, নলবাৰী হাইস্কুল, দীননাথ গাৰ্লছ হাইস্কুল, উত্তৰ বজালী হাইস্কুল, গোৱৰ্ধনা গাৰ্লছ হাইস্কুল, পদ্মশ্ৰী নলিনীবালা দেৱী গাৰ্লছ হাইস্কুল আৰু বহৰি গাৰ্লছ হাইস্কুলৰ দৰে ঐতিহ্যমণ্ডিত বিদ্যালয় চিৰদিনলৈ বন্ধ হৈ পৰিব৷ ইফালে লখিমপুৰ জিলাৰ মুঠ ৪০খন উচ্ছ মাধ্যমিক আৰু উচ্ছতৰ মাধ্যমিক শিক্ষানুষ্ঠানৰ সৈতে ৪২খন উচ্ছ মাধ্যমিক, মজলীয়া আৰু প্ৰাথমিক বিদ্যালয়ৰ একত্ৰিকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰিছে৷ সেই অনুসৰি ঢকুৱাখনা মহকুমাৰ বাসুদেৱ থান শংকৰদেৱ উচ্ছ মাধ্যমিক বিদ্যালয়ৰ সৈতে বালিজান কৈৱৰ্ত মধ্য ইংৰাজী বিদ্যালয়ক, অৱনৰী ৰোৱাদ উচ্ছ মাধ্যমিক বিদ্যালয়ৰ সৈতে কলাবাৰী এম ভি স্কুল,  পশ্চিম ঢকুৱাখনা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ সৈতে মহাত্মা গান্ধী এম ই স্কুলক একত্ৰিকৰণ কৰা হৈছে৷ একেদৰে ঘিলামৰা নগৰ হাইস্কুলৰ সৈতে ঘিলামৰা পাব্লিক হাইস্কুল, অল আসাম মিৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ লগত কাৰ্পূমপুলি হাইস্কুল, দাংধৰা বালিকা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ লগত নাহৰবাৰী এল পি স্কুল টামাৰগাঁও ট্ৰাইবেল হাইস্কুলৰ লগত ন-ভঙা হাইস্কুল, পতিয়া চাপৰি উচ্ছ মাধ্যমিক বিদ্যালয়ৰ লগত পতিয়া চাপৰি প্ৰাথমিক বিদ্যালয়, কৃষ্ণপুৰ জনজাতি হাইস্কুলৰ লগত কৃষ্ণপুৰ জনজাতি এম ই স্কুল, সৰ্বোদয় হাইস্কুলৰ লগত অসম এছ চি ৰেছিডেন্সীয়েল হাইস্কুলক একত্ৰিকৰণ কৰা হৈছে৷ হাৰ্হি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ লগত পূব ঢকুৱাখনা হাইস্কুল, সোণাৰী চাপৰি জনজাতি উচ্ছ মাধ্যমিক বিদ্যালয়ৰ লগত মুহি চন্দ্ৰ মিৰি উচ্ছ মাধ্যমিক বিদ্যালয়ক একত্ৰিতকৰণ কৰিছে৷