Logo
image

প্ৰাক্তন মন্ত্ৰী আব্দুৰ ৰৌফক পত্নীসহ কাৰাগাৰলৈ প্ৰেৰণ

‘আমাৰ অসম’, ২৪ জুনঃ হোজাইৰ গোপাল নগৰত অগপ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী হাজি আব্দুলৰ ৰৌফৰ উপস্থিতিত বনকৰা ছোৱালীক তেওঁৰ পত্নীয়ে নিৰ্যাতন কৰাৰ অভিযোগত অৱশেষত গ্ৰেপ্তাৰ হৈছে পত্নীৰ লগত প্ৰাক্তন মন্ত্ৰী ৰৌফ৷ উল্লেখ্য যে এটি কণমানি কন্যা শিশুক এছাৰিৰে কোবাই থকাৰ ভিডিঅ’ ফেচবুকত ভাইৰেল হোৱাৰ পাছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷  শিশুটিক নিৰ্যাতন কৰি থকাৰ সময়ত প্ৰাক্তন মন্ত্ৰীজন এখন চকীত বহি সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি থকা দেখা যায়৷ এই ঘটনা ভাইৰেল হোৱাৰ পাছতে বিভিন্ন দল-সংগঠন, নিৰ্যাতন কৰা মহিলাজনীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰাৰ পাছত আৰক্ষীয়ে প্ৰাক্তন মন্ত্ৰীৰ পত্নী ফাৰহানাক আটক কৰি নিয়ে আৰক্ষীয়ে৷ আনহাতে এটি শিশুক পত্নীয়ে চকুৰ সন্মুখতে নিৰ্যাতন চলাই থকা ঘটনা দেখিও নেদেখা ভাও ধৰি থাকি আইনৰ চকুত সমঅপৰাধী হোৱাত আৰক্ষীয়ে আজি প্ৰাক্তন মন্ত্ৰী ৰৌফক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰা দুয়োকে আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে ভিডিঅটো ভাইৰেল হোৱাৰ পাছতে ডিজিপি জিপি সিঙে টুইট যোগে ব্যৱস্থা লবলৈ নিৰ্দেশ দিছিল হোজাই আৰক্ষীক৷