Logo
image

অ’বামাৰ মন্তব্যক লৈ হিমন্তবিশ্বৰ টুইট-যুদ্ধ

‘আমাৰ অসম’, ২৪ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়তে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই কৰা এটা মন্তব্যক লৈ অসম তথা  ভাৰততো চলিছে তীব্ৰ টুইটযুদ্ধ৷ উল্লেখ্য, বাৰাক অ’বামাই বৃহস্পতিবাৰে চিএনএনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মন্তব্য কৰিছিল যে জো বাইডেনে নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা কথা-বতৰাত ভাৰতত মুছলমানৰ সুৰক্ষাৰ বিষয়টোক স্থান দিব লাগে৷  হিন্দু সংখ্যাগৰিষ্ঠ ভাৰতৰ মুছলমানৰ সুৰক্ষাৰ বিষয়টোৱে স্থান পোৱাটো গুৰুত্বপূৰ্ণ৷ চিএনএন ইণ্টাৰনেশ্বনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত বাৰাক অ’বামাই মন্তব্য কৰিছিল যে যদিহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সংখ্যালঘু জনগোষ্ঠীয় অধিকাৰক গুৰুত্ব নিদিয়ে তেন্তে ভাৰত খণ্ডিত হোৱাৰ সম্ভাৱনা আছে৷ ভাৰতৰ আভ্যন্তৰীণ সংঘাতে হিন্দু-মুছলমান দুয়ো পক্ষকে ক্ষতি কৰিব৷ অ’বামাৰ এই মন্তব্যৰ পাছতে ভাৰতীয় সাংবাদিক ৰোহিণী সিঙে এক টুইট কৰি প্ৰকাৰন্তৰে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছিল৷ টুইটত সিঙে এনেদৰে মন্তব্য কৰিছিল– ‘ছেণ্টিমেণ্ট হাৰ্ট কৰাৰ বাবে অ’বামাৰ বিৰুদ্ধে গুৱাহাটীত এফ আই আৰ ৰুজু হ’ল নেকি? অ’বামাক গ্ৰেপ্তাৰ কৰিবলৈ ৱাশ্বিংটনলৈ অসম পুলিচ উৰা মাৰিল নেকি? অ’বামাক অসম পুলিচে ফ্লাইটৰ পৰা নমাই আনি গ্ৰেপ্তাৰ কৰিব নেকি?’ সাংবাদিক ৰোহিণী সিঙৰ টুইটৰ বিপৰীতে ৰি-টুইট কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়– ‘ভাৰততো বহুত হুছেইন অ’বামা আছে৷ ৱাশ্বিংটনলৈ যোৱাৰ আগতে আমি সেইসকলৰ খাটিৰদাৰি কৰাত অগ্ৰাধিকাৰ দিম৷ অসম পুলিচে নিজৰ অগ্ৰাধিকাৰ অনুসৰি কাম কৰে৷’ লক্ষ্যণীয় যে অ’বামাৰ মন্তব্যৰ পাছতে কংগ্ৰেছৰ সাংসদ মণিষ তিৱাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা ভ্ৰমণ সন্দৰ্ভত তিপ্পনী কৰি কয় যে বাইডেন আৰু অ’বামা এটা মুদ্ৰাৰে ইপিঠি-সিপিঠি৷ দৰাচলতে অ’বামাই কোৱা কথা বাইডেনৰে মনৰ কথা৷