Logo
image

পানীখাইতীত পিষ্টল দেখুৱাই সন্ত্ৰাস সৃষ্টি কৰা যুৱকক গ্ৰেপ্তাৰ

আমাৰ অসমৰ মহানগৰীৰ প্ৰতিবেদক, ২৪ জুন : ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত উদ্বেগজনক ভাবে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। গুৱাহাটীৰ পানীখাইতীত দীর্ঘদিনৰ পৰা অবৈধ মাৰণাস্ত্ৰ দেখুৱাই সন্ত্ৰাসৰ সৃষ্টি কৰি অহা মূল অভিযুক্ত ৰাজদ্বীপ বৰা (৩১)ক শনিবাৰে প্ৰাগজ্যোতিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দুমাহ ধৰি আত্মগোপন কৰি থকাৰ পিছত আৰক্ষীৰ জালত পৰে যুৱকজন। উল্লেখ্য যে ধৃত যুৱকজনে দীর্ঘদিনৰ পৰা এটা অবৈধভাৱে ৰখা পিষ্টল দেখুৱাই বিভিন্নজনক ভয়-ভাবুকি দি ধন দাবী কৰাৰ উপৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। এই অভিযোগৰ ভিত্তিত যোৱা পহিলা এপ্ৰিলত অভিযান চলাইছিল পানীখাইতী আৰু চন্দ্ৰপুৰ আৰক্ষীয়ে। অভিযানকালত অবৈধ পইণ্ট ২২ পিষ্টল আৰু এখন স্কুটীসহ অনিৰুদ্ধ চন্দ নামৰ যুৱক এজনক কৰায়ত্ত কৰিছিল যদিও সুযোগ বুজি কৌশলেৰে সেই স্থানৰ পৰা পলায়ন কৰে মূল অভিযুক্ত ৰাজদীপ বৰাই। বিগত দুটা মাহ আত্মগোপন কৰি থকাৰ পিছত গোপন খবৰৰ ভিত্তিত পানীখাইতীৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ধৃত যুৱকজনক৷