Logo
image

এৰিনা এনিমেচনৰ উদ্যোগত আলোচনা চক্ৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ এপটেক লিমিটেডৰ অন্যতম ফ্লেগশ্বিপ ব্ৰেণ্ড তথা ভাৰতৰ আগশাৰীৰ এনিমেচন ইনষ্টিটিউট এৰিনা এনিমেচনে শনিবাৰে গুৱাহাটীৰ নেডফি হাউছত ক্ৰমবৰ্ধমান এ ভি জি চি (এনিমেচন, ভি এফ এক্স, গেমিং) খণ্ডৰ বিভিন্ন দিশ সামৰি এক উদ্যোগিক আলোচনা চক্ৰৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত নতুন কেৰিয়াৰৰ সুযোগ বিচৰা ২০০ৰো অধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। আগশাৰীৰ ষ্টুডিঅ’ – বৈভৱ ষ্টুডিঅ’, মুম্বাই, ৱাকিটুন, কলকাতা আৰু হায়দৰাবাদৰ ৰকছল্ট ইন্টাৰেক্টিভৰ পৰা অহা অভিজ্ঞ উদ্যোগ পেছাদাৰীসকলে আলোচনা চক্ৰত এনিমেচন, ভিএফএক্স আৰু গেমিঙৰ  ভৱিষ্যতৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। 

অনুষ্ঠানত বৈভৱ ষ্টুডিঅ’ৰ চাৰিত্ৰিক এনিমেটৰ ডাপুন ৰায় দেৱানে আৰ্ট এণ্ড এনিমেচনৰ বিষয়ে,  ৱাকটুনছৰ জ্যেষ্ঠ কম্পোজিটিং আৰ্টিষ্ট ঝুলন দেয়ে ভিএফএক্স কেৰিয়াৰৰ সুযোগৰ বিষয়ে আৰু ৰকছল্ট ইন্টাৰেক্টিভৰ এম ডি আৰু প্ৰতিষ্ঠাপক উৎকৰ্ষ বীৰে গেমিং খণ্ডত কেৰিয়াৰৰ সুযোগ আৰু পৰিসৰৰ বিষয়ে বিশ্লেষণাত্মক বক্তৃতা প্ৰদান কৰে।

অনুষ্ঠানৰ আন এক কাৰ্যসূচী আছিল এৰিনা এনিমেচন, গুৱাহাটী আৰু শ্বিলঙৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সমাৱৰ্তন, য'ত সম্প্ৰতি  ভাৰতৰ আগশাৰীৰ ষ্টুডিঅ’ আৰু প্ৰডাকচন হাউচ সমূহত কাম কৰি থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ অগতে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। এই আলোচনাচক্ৰত এৰিনা এনিমেচনৰ উপ-সভাপতি তথা মুৰব্বী অংশুল গুপ্তাই কয়, "এভিজিচি উদ্যোগ আজি শেহতীয়া ভাৱে সৰ্বাধিক বিকশিত খণ্ড সমূহৰ ভিতৰত অন্যতম আৰু ই গণ নিয়োগৰ ক্ষেত্ৰত ভালেমান  সুযোগ সুবিধা সৃষ্টি কৰিছে । আমাৰ বিস্তৃত পাঠ্যক্ৰমৰ সহায়ত অত্যাধুনিক ৩ ডি এনিমেচন, ভিএফএক্স আৰু গেমিংৰ ক্ৰমবৰ্ধমান ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক এক বিস্তৃত শিক্ষা প্ৰদান কৰিবলৈ চেষ্টা কৰো। আমাৰ কিছুমান গৌৰৱান্বিত প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এই আলোচনা চক্ৰত উপস্থিত থাকি এই উদ্যোগত নিজৰ বাবে এক গৌৰৱময় মূহুৰ্ত সৃষ্টি কৰাৰ সাক্ষ্য প্ৰদান কৰিছে।”

তেওঁ লগতে কয় যে এনে ধৰণৰ ইভেণ্ট আৰু চেমিনাৰৰ লক্ষ্য হৈছে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক এক অতি প্ৰয়োজনীয় উদ্যোগৰ এক্সপ’জাৰ দিয়াৰ লগতে তেওঁলোকক সঠিক দক্ষতা প্ৰদান কৰাত সহায় কৰা। মই আশা কৰো যে এৰিনা এনিমেচন, নৰ্থ ইষ্টৰ  কেন্দ্ৰ সমূহে এভিজিচি উদ্যোগলৈ বহু সফল এনিমেটৰ, ভিএফএক্স শিল্পী আৰু গেম ডিজাইনাৰ সৃষ্টি কৰাত সহায় কৰিব।