![image](https://aamarasom.com/uploads/posts/xcm.jpg1687696821.jpg)
লক্ষ্য ৩,০০০ কোটি টকাঃ বাৰৰ সলনি সুৰা বিপণীৰ অনুজ্ঞা দি ৰাজহ ঘটিব চৰকাৰে
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ জুনঃ সুৰাপানৰ ফলত প্ৰতিদিনেই ৰাজ্যত সংঘটিত হৈছে প্ৰাণনাশী দুৰ্ঘটনা৷ সুৰাপানৰ পৰিণতিত প্ৰতিদিনেই সংঘটিত হৈছে মাৰপিট-কাজিয়াৰ ঘটনা৷ সুৰাপানৰ বিষময় পৰিণতি হিচাপে যুৱ প্ৰজন্ম পংগু হোৱাৰ দিশে গতি কৰিছে৷ সুৰাই ক’ত সুখৰ পৰিয়াল থান-বান কৰি দিছে৷ সুৰাপায়ী কোনো কুলাংগাৰ পুত্ৰই যদি বৃদ্ধ পিতৃ-মাতৃৰ ওপৰত শাৰীৰিক প্ৰহাৰ কৰিছে, আন কোনো পাষাণ স্বামীয়ে পত্নী আৰু সন্তানৰ ওপৰতো নিৰ্মম নিৰ্যাতন চলাইছে৷ সুৰাৰ বাবেই প্ৰতি নিশাই চকুলো টুকিবলগীয়া হৈছে ৰাজ্যৰ চুকে কোনে হাজাৰ হাজাৰ দুৰ্ভগীয়া পৰিয়ালে৷ সুৰাই ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালৰ বাবে অভিশাপ হৈ থিয় দিয়াৰ সময়তে অসম চৰকাৰে এনে বৰবিহ স্বৰূপ সুৰাৰ পৰা ৰাজহ সংগ্ৰহ কৰি হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰি সন্তুষ্ট কৰাৰ বাবে সাজু হৈছে৷ সুৰাৰ বাবে ভুক্তভোগী হোৱা পৰিয়ালসমূহে সুৰা নিষিদ্ধ কৰি বিহাৰ, মিজোৰাম চৰকাৰৰ আদৰ্শ লোৱাৰ বাবে আহ্বান জনোৱাৰ সময়তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ গাঁৱে-ভূঞে পদূলিয়ে পদূলিয়ে সুৰাৰ বন্যা বোৱাৰ বাবেহে পৰিকল্পনা কৰিছে৷ এক কথাত সুৰাই যুৱ প্ৰজন্মটোক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া দেখিয়ো বিজেপি মিত্ৰজোঁটে এতিয়া আবকাৰী ৰাজহেৰে চৰকাৰ চলোৱাৰ বাবেহে প্ৰস্তুতি চলাইছে৷ ৰাজ্যত সম্প্ৰতি প্ৰায় ২৫০০ খন দেশী-বিদেশী সুৰাৰ বিপণীয়ে বন্যা বোৱাৰ পাছতো নতুনকৈ শ শ ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এইবাৰ চৰকাৰে পূৰ্বতে বাৰৰ অনুজ্ঞাপত্ৰৰ বাবে জনোৱা আবেদনৰ বিপৰীতে ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে সাজু হৈছে৷ শেহতীয়াকৈ ৱাইন শ্বপৰ [অফ শ্বপ] নতুন অনুজ্ঞাপত্ৰ বন্ধ কৰি কেৱল বাৰৰ (অন শ্বপ) অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল৷ ফলত বাৰৰ অনুজ্ঞাপত্ৰ বিচাৰি জনোৱা আবেদনে দ’ম বান্ধিছিল আবকাৰী আয়ুক্তালয়ত৷ বাৰৰ অনুজ্ঞাপত্ৰ বিচাৰি জনোৱা আবেদনসমূহকে এতিয়া ৱাইন শ্বপ হিচাপে অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে৷ বাৰত কৈ ৱাইনশ্বপৰ পৰা অধিক ৰাজহ সংগ্ৰহ হোৱাৰ বাবেই ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ পোষকতা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ নতুনকৈ গাঁৱে-ভূঞে বৃহৎ সংখ্যক ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দি আবকাৰী বিভাগে বাৰ্ষিক ৰাজহ ৩,০০০ কোটি টকালৈ বৃদ্ধিৰো লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ ইতিপূৰ্বে আবকাৰী বিভাগে গ্ৰামাঞ্চলৰ প্ৰায় ২০০ খন বাৰক ৱাইন শ্বপলৈ বদলি কৰিছিল৷ ইয়াৰ পৰাও পঞ্জীয়ন আৰু নবীকৰণৰ নামত ৰাজ্য চৰকাৰে কেইবা কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছিল৷ তদুপৰি বিগত বৰ্ষত জিলাসমূহৰ পৰা নতুনকৈ ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিব পৰা স্থান চিনাক্ত কৰিবলৈ আবকাৰী বিভাগে নিৰ্দেশ দিছিল৷ সেই নিৰ্দেশত জিলা আবকাৰী অধীক্ষকে ৭০০ টা স্থান চিনাক্ত কৰি ৱাইন শ্বপৰ বাবে প্ৰস্তাৱ দিছিল৷ শনিবাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকতো নতুন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷