বেলি ডুবিলেই বাঢ়িব বিদ্যুতৰ দাম
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ জুনঃ বিদ্যুৎ উপভোক্তাসকলৰ বাবে এটা বেয়া খবৰ৷ সন্ধিয়া ভাগত ৱাৰ্চিং মেচিনত কাপোৰ ধোৱা, কাপোৰ ইষ্ট্ৰী কৰা, মটৰেৰে টেংকিত পানী উঠোৱা বা ইলেক্ট্ৰনিক যন্ত্ৰত খাদ্য ৰন্ধন কৰাৰ অভ্যাস আছে নেকি? তেনেহ’লে সেই অভ্যাস এতিয়াৰে পৰা ত্যাগ কৰক৷ কিয়নো সন্ধিয়া বা নিশা ভাগত বিদ্যুৎ ব্যৱহাৰ কৰা অভ্যাসে পৰিয়ালটোলৈ আৰ্থিক সংকট নমাই আনিব পাৰে৷ সন্ধিয়া ভাগত কৰা এনে কাম এতিয়াৰে পৰা দিনৰ ভাগত সম্পাদন কৰিবলৈ অভ্যাস কৰক৷ পিক আৱাৰ বা পিক টাইমত বিদ্যুৎ ব্যৱহাৰ কৰিলে ২০ শতাংশ পৰ্যন্ত অধিক মাচুল বহন কৰিব লাগিব৷ ইয়াৰ বিপৰীতে পিক টাইমত কৈ দিনৰ ভাগত অৰ্থাৎ সূৰ্যোদয়ৰ পাছত বিদ্যুৎ খৰচ কৰিলে পূৰ্বতেই মাচুল হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷ বিদ্যুৎ উপভোক্তাক স্মাৰ্ট মিটাৰে জলাকলা খুওৱাৰ সময়তে এইবাৰ শক্তি মন্ত্ৰণালয়ে বিদ্যুৎ মাচুল সংগ্ৰহৰ নতুন ফৰ্মূলাৰ পৰিকল্পনা কৰিছে৷ উপভোক্তাৰ পৰা বিদ্যুৎ মাচুল সংগ্ৰহৰ এই নতুন নিৰিখ ব্যৱস্থাক টি অ’ ডি পলিচী হিচাপে নামাকৰণ কৰিছে৷ টি অ’ ডি পলিচীৰ সম্পূৰ্ণ অৰ্থ হৈছে– টাইম অৱ ডে’ পলিচী৷ অৰ্থাৎ বিদ্যুৎ উপভোক্তাৰ বাবে দিনটো ব্যৱহৃত মাচুলৰ বিনিময়ত দুটা নিৰিখত মাচুল আদায় কৰিব৷ টি অ’ ডি পলিচী অনুসৰি শুল্ক সংগ্ৰহৰ বাবে দিনৰ সময় অৰ্থাৎ সূৰ্যোদয়ৰ পাছত আৰু পিক টাইম অৰ্থাৎ সূৰ্যাস্তৰ দুটা পৰ্যায়ত মাচুল সংগ্ৰহ কৰিব৷ প্ৰচলিত নিয়ম অনুসৰি ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগ সমূহে নিৰ্ধাৰণ কৰি দিয়া নিৰিখ অনুসৰি বিদ্যুৎ বিতৰণ কোম্পানীসমূহে গ্ৰাহকৰ পৰা প্ৰতি ইউনিটত এটা নিৰ্দিষ্ট নিৰিখত মাচুল সংগ্ৰহ কৰে৷ অৰ্থাৎ দিনৰ ভাগতেই হওক বা নিশাৰ ভাগতেই হওঁক, গৰম দিনতেই হওক নাইবা ঠাণ্ডা দিনতেই হওক উপভোক্তাই যিমানেই বিদ্যুৎ খৰচ নকৰক লাগে, সদায় প্ৰতি ইউনিটত নিৰ্দিষ্ট এটা নিৰিখতেই মাচুল আদায় দি আহিছে৷ কিন্তু পিক টাইম অৰ্থাৎ বিয়লি ৫-৬ বজাৰ পৰা নিশা ১০ বজালৈ বিদ্যুতৰ চাহিদা সদায় বৃদ্ধি পায়৷ গৰমৰ দিনত পিক টাইমৰ বিদ্যুতৰ চাহিদা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হয়৷ গ্ৰাহকে এই সময়ছোৱাত ফেন, লাইট, এচি, কুলাৰ ইত্যাদি বেছি ব্যৱহাৰ কৰাত সেই অনুপাতে বিদ্যুতৰ চাহিদা বৃদ্ধি পায়৷ ফলত ৰাজ্যিক চৰকাৰী-বেচৰকাৰী বিদ্যুৎ বিতৰণ কোম্পানীসমূহে অধিক দামত মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰি উপভোক্তাক যোগান ধৰে৷ বহু ক্ষেত্ৰত পিক টাইমত বিদ্যুতৰ চাহিদা বৃদ্ধি পোৱাত বিদ্যুৎ উৎপাদনকাৰী কোম্পানীসমূহে বিদ্যুতৰ মূল্য বৃদ্ধি কৰি দিয়াত ৰাজ্যিক বিতৰণ কোম্পানীসমূহে বিদ্যুৎ ক্ৰয়ৰ পৰা বিৰত থাকে৷ ফলত বিভিন্ন অজুহাতেৰে লোডশ্বেডিং আৰম্ভ কৰে৷ চহৰ অঞ্চলসমূহত নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰিলেও পিক টাইমত গ্ৰাম্য অঞ্চলসমূহত ঘণ্টাৰ পাছত ঘণ্টা বিদ্যুৎ কৰ্তন কৰি ৰাখে৷ কিন্তু শক্তি মন্ত্ৰণালয়ৰ নতুন নিয়ম অনুসৰি এ পি ডি চি এলকে ধৰি প্ৰতিটো ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানীয়ে উপভোক্তাৰ পৰা দিনটোত দুটা নিৰিখত মাচুল আদায় ল’ব৷ দিনৰ ভাগত এটা নিৰ্দিষ্ট নিৰিখত মাচুল লোৱাৰ বিপৰীতে পিক টাইম অৰ্থাৎ বিয়লি ৫ বজাৰ পাছত উচ্ছ নিৰিখত মাচুল সংগ্ৰহ কৰিব৷ কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে সেই নতুন টি অ’ ডি পলিচী অনুসৰি দিনৰ ভাগত বিদ্যুতৰ মাচুল হ্ৰাস পাব বুলি ইংগিত দিলেও পিক টাইমত ২০ শতাংশ পৰ্যন্ত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল বৃদ্ধি পোৱাৰ কথা ঘোষণা কৰিছে৷ কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ ঘোষণা অনুসৰি নতুন পলিচী অনুসৰি দিনৰ ভাগত বিদ্যুতৰ মাচুল ১০ ৰ পৰা ২০ শতাংশ হ্ৰাস পাব আৰু পিক টাইমত বিদ্যুতৰ মাচুল সৰ্বাধিক ২০ শতাংশ বৃদ্ধি পাব৷ এই নতুন নিয়ম ২০২৪ চনৰ পহিলা এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব৷ অৱশ্যে ২০২৪ চনৰ পহিলা এপ্ৰিলৰ পৰা কেৱল বাণিজ্যিক আৰু উদ্যোগিক গ্ৰাহকৰ বাবে এই নিৰিখ প্ৰযোজ্য হ’ব যদিও ২০২৫ চনৰ পহিলা এপ্ৰিলৰ পৰা সকলো ঘৰুৱা গ্ৰাহকে নতুন নিৰিখত বিদ্যুৎ মাচুল ভৰিব লাগিব৷ লক্ষণীয়ভাৱে কৃষি ক্ষেত্ৰত শক্তি ব্যৱহাৰত এই নিৰিখ প্ৰযোজ্য নহ’ব৷ কেন্দ্ৰীয় শক্তি মন্ত্ৰণালয়ে নবীকৰণ যোগ্য শক্তি ব্যৱহাৰ বৃদ্ধিৰ লক্ষ্যৰে এই নতুন পলিচীৰ পৰিকল্পনা কৰিছে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙে এটা বিবৃতিত কয়–যিহেতু দিনৰ ভাগত সৌৰ শক্তি উৎপাদন সম্ভৱ৷ তেনেস্থলত সৌৰঘণ্টাত সৌৰ শক্তিৰ মাচুল কম৷ কিন্তু অসৌৰ ঘণ্টাৰ সময়ত তাপ আৰু জল বিদ্যুতৰ লগতে গেছ ভিত্তিক উৎপাদিত শক্তি ব্যৱহাৰ কৰা হয়৷ তেনেস্থলত সৌৰ শক্তিৰ তুলনাত ইয়াৰ মাচুল বৃদ্ধি পাব৷ এই ব্যৱস্থাৰ পৰা উপভোক্তাসকল লাভৱান হোৱাৰ লগত শক্তি ব্যৱহাৰত মিতব্যয়ী হ’ব৷ গ্ৰাহকৰ ঘৰে ঘৰে স্থাপন কৰা স্মাৰ্ট মিটাৰতে এই টি অ’ ডি পলিচী মিটাৰিং প্ৰৱৰ্তন কৰা হ’ব৷