Logo
image

অসমৰ জহা চাউলে ডায়বেটিছ, প্ৰেছাৰ নিয়ন্ত্ৰণত সহায় কৰে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ জুনঃ জহা চাউলৰ সুগন্ধিযুক্ত ভাত নোখোৱা মানুহ হয়টো অসমত কোনো নোলাব৷ আঘোণৰ পথাৰত হেন্দোলদোপ-হেন্দোলদোপ কৰা গোন্ধে আমোলমোলাই থকা জহা ধান তথা জহা চাউলে চিকিৎসা বিজ্ঞানৰ বাবেও এতিয়া আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে৷ কিয়নো অসমীয়া ৰাইজৰ অতিকে প্ৰিয় জহা চাউলত আছে বিশেষ ঔষধীয় গুণ৷ দুটাকৈ অতি গুৰুতৰ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে জহা চাউলে৷ শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশ পোৱা মতে জহা চাউলে বহুমূত্ৰ ৰোগ আৰু উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ বিশেষকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উপলব্ধ প্ৰাকৃতিক সুগন্ধিযুক্ত জহা ধান তথা জহা চাউলৰ সন্দৰ্ভত এই গৱেষণা কৰিছিল ইনষ্টিটিউট অব্‌ এডভাঞ্চ ষ্টাডি ইন ছায়েঞ্চ এণ্ড টেকনলজীয়ে৷ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত স্বায়ত্ত্বশাসিত প্ৰতিষ্ঠানটোৰ গৱেষণাত প্ৰকাশ পোৱা মতে জহা চাউলত আছে দুই প্ৰকাৰৰ অসংপৃক্ত ফেটি এচিড৷ সেয়া হৈছে- লিনোলিক এচিড (omega-6) আৰু লিনোলেনিক এচিড (omega-3৷ যি দুবিধ অসংপৃক্ত ফেটি এচিডে বিভিন্ন শাৰীৰিক স্থিতি বজাই ৰখাত সহায় কৰে৷ তদুপৰি গৱেষকটোত এইটোও প্ৰকাশ পাইছে যে অ-সুগন্ধিযুক্ত চাউলৰ তুলনাত সুগন্ধিযুক্ত জহা চাউলত উপলব্ধ অমেগা-৬ আৰু অমেগা-৩১ অধিক সন্তুলিত অনুপাত আছে৷ এই জহা চাউল ব্যৱহাৰ কৰি ৰাইচ ব্ৰাণ্ড তেল প্ৰস্তুত কৰা হৈছে, যি তেল ব্যৱহাৰ কৰিলে বহুমূত্ৰ ৰোগ প্ৰতিৰোধত সহায়ক হ’ব বুলি গৱেষকসকলে দাবী কৰিছে৷ উল্লেখ্যে, এই সমগ্ৰ গৱেষণাটোৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিছে৷ উল্লেখ্য, অমেগা-৩ ফেটি এচিডে ডায়েবেটিছ, হৃদযন্ত্ৰৰ ৰোগ, কেন্সাৰ আদি কেইবাটাও বিপাকীয় ৰোগ প্ৰতিৰোধ কৰে৷ অসমত পৰম্পৰাগতভাৱে বিভিন্ন প্ৰকাৰৰ জহা চাউল পোৱা যায়৷ ইয়াৰে কিছুমান হ’ল–ক’লা জহা, বগা জহা, ৰামপাল জহা, কন জহা, মানিকীমধুৰী জহা, কেতেকী জোহা, তুলসী জহা, গোবিন্দ তুলসী জহা আৰু ঘুগুলি জহা৷ অসমৰ জহা চাউলে ২০১৭ চনত জি আই টেগ লাভ কৰিছিল৷ জহা হৈছে এবিধ সৰু সৰু দানাযুক্ত শীতকালীন ধান, যিটো ইয়াৰ মলমলাই থকা সুগন্ধি আৰু অতুলনীয় সোৱাদৰ বাবে জনাজাত৷