Logo
image

আভাজ্যোতিক জালনোটৰ লেনদেনৰ কথা জনাইছিল জোনমণিয়ে!

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জুনঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ এক পথ দুৰ্ঘটনাত মৃত্যু ঘটা ঘটনাৰ চি আই ডিৰ পাছতে চি বি আইৰ তদন্ত অব্যাহত আছে আৰু এইপৰ্যন্ত বিষয়াগৰাকীৰ মৃত্যুৰ ৰহস্য উন্মোচন হোৱা নাই৷ বিগত ১৫ মে’ৰ নিশা প্ৰায় ২ বজাত নগাঁও জিলাৰ কলিয়াবৰত এক পথ দুৰ্ঘটনাত জোনমণি ৰাভাৰ মৃত্যু ঘটাৰ পাছতে বিতৰ্কৰ আৱৰ্তত সোমাই পৰে নগাঁৱৰ সেই সময়ৰ দায়িত্বত থকা একাংশ আৰক্ষী বিষয়া৷ জোনমণি ৰাভাৰ মৃত্যুৰ পাছত সৰ্বাধিক চৰ্চাত থকা বিষয়াজন হৈছে সেই সময়ত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভা৷ জোনমণি ৰাভাৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল আভাজ্যোতি ৰাভাৰ৷ সেয়েহে জোনমণি প্ৰসংগত বহু কথা জানিছিল আভাজ্যোতিয়ে৷ আনকি জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভায়ো আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে বহু অভিযোগ আনিছিল৷ ১৫মে’ৰ নিশা জোনমণি ৰাভা বহু দেৰিলৈকে আভাজ্যোতি ৰাভাৰ লগত থকাৰো তেওঁ অভিযোগ কৰিছিল৷  উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাছৰে পৰা কিয় চৰ্চালৈ আহিছে আভাজ্যোতি ৰাভা?  জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰা অসম আৰক্ষীৰ চি আই ডিয়ে কিয় বাৰে বাৰে জেৰা কৰিছিল আভাজ্যোতি ৰাভাক? আভাজ্যোতি ৰাভাক শেহতীয়াভাৱে চি বি আয়ে নগাঁৱত দুদিন জেৰা কৰে৷ অসম আৰক্ষীৰ তদন্তকাৰী চি আই ডি দলৰ আগত কি কৈছিল আভাজ্যোতি ৰাভাই? বিষয়াজনৰ ভাষ্যৰ উদ্ধৃতিৰে প্ৰকাশিত খবৰ মতে, ১৫ মে’ৰ নিশা জোনমণি ৰাভা আভাজ্যোতি ৰাভাৰ সৈতে একেলগে পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলেৰ চৰকাৰী বাসভৱনলৈ গৈছিল৷ ১৫মে’ৰ সন্ধ্যাৰ পৰা জোনমণিয়ে আভাজ্যোতি ৰাভাক বহুবাৰ ফোন কৰিছিল৷ সেইদিনা নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত দুটা ফৈদৰ মাজত এক সংঘাতৰ সৃষ্টি হৈছিল৷ এই ঘটনাৰ ফলত যাতে আইন-শৃংখলাজনিত পৰিস্থিতি বিনষ্ট নহয় তাক নিয়ন্ত্ৰণৰ বাবে আভাজ্যোতি ৰাভাই আদালত চৌহদত কৰ্তব্য পালন কৰি আছিল৷ নিশা ৮বজাৰ পাছত জোনমণি ৰাভাই আভাজ্যোতিক লগ পোৱাৰ বাবে আদালত চৌহদত উপস্থিত হৈছিল৷ জোনমণিয়ে আভাজ্যোতিক বিশেষ গুৰুত্বপূৰ্ণ কথাৰ বাবে আলোচনা কৰিব বিচাৰিছিল বুলি জনাইছিল৷ ইয়াৰ পাছতে নিশা প্ৰায় ৯ বজাত আভাজ্যোতি আৰু জোনমণি হয়বৰগাঁও আৰক্ষী চকীলৈ যায়৷ জোনমণিয়ে আভাজ্যোতিক লখিমপুৰৰ নকল সোণৰ ব্যৱসায়ীৰ লগত টকাৰ লেনদেনৰ কথা জনাইছিল৷ আনকি ১৫মে’ৰ দিনৰ প্ৰায় ১২বজাত নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত লীনা দলেই এই বিষয়ে জোনমণি ৰাভাক প্ৰশ্নও কৰিছিল৷ কিন্তু জোনমণি ৰাভাই এই অভিযোগ অস্বীকাৰ কৰিছিল বুলি আভাজ্যোতিক জনাইছিল৷ পিছে জোনমণিয়ে এই বিষয়ে আৰক্ষী অধীক্ষকৰ ওচৰত মিছা মতা বুলিও আভাজ্যোতিক জনায় আৰু সেয়া তেওঁৰ ভুল আছিল বুলিও আক্ষেপ কৰে৷ এছপি লীনা দলেক এই কথা স্বীকাৰ কৰাৰ বাবে তেওঁ আভাজ্যোতিক আৰক্ষী অধীক্ষকৰ চৰকাৰী আৱাসলৈ যাবৰ বাবে জোনমণিয়ে লগ ধৰে৷ আভাজ্যোতি ৰাভা জোনমণিৰ প্ৰস্তাৱত সন্মত হয় আৰু এছ পি লীনা দলেৰ বাংলালৈ যায়৷ এছপিৰ বাংলা পোৱাৰ পাছত আভাজ্যোতি ৰাভাই লীনা দলেক জোনমণি ৰাভাই তেওঁক লগ ধৰিবলৈ অহাৰ বিষয়ে জনায়৷ লীনা দলেই জোনমণিক তেওঁৰ কোঠালৈ মাতি পঠিয়ায়৷  আভাজ্যোতি ৰাভাৰ ভাষ্য মতে, জোনমণিয়ে এছপি লীনা দলেক লখিমপুৰত উৎকোচ লোৱাৰ বিষয়টো স্বীকাৰ কৰে আৰু তেওঁৰ চৰকাৰী আৱাসত ৪ লাখ টকা থকাৰ কথা স্বীকাৰ কৰে৷ জোনমণি ৰাভাৰ এই স্বীকাৰোক্তিৰ পাছতে এছপি লীনা দলেই সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমাৰ কুমবাং আৰু নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীক এছ পি বাংলালৈ মাতি আনে৷ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙক তাৎক্ষণিকভাৱে জোনমণি ৰাভাক ৰিজাৰ্ভ ক্ল’জ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ লগতে জোনমণি ৰাভাৰ ঘৰত তালাচী চলাবলৈ যোৱাৰ বাবে প্ৰস্তুত হ’বলৈ কয়৷ লীনা দলেই জোনমণিক কোৱাৰ্টাৰলৈ যাবলৈ নিৰ্দেশ দিয়ে৷ এছপিৰ নিৰ্দেশৰ পাছতে জোনমণি ৰাভা আৰু মনোজ ৰাজবংশী জোনমণিৰ গাড়ীত উঠি আঁতৰি যায়৷ সেই সময়ত মনোজ ৰাজবংশীয়ে জোনমণি ৰাভাৰ গাড়ীখন চলাইছিল৷ আভাজ্যোতি ৰাভা এছপি বাংলাৰ পৰা পুনৰ হয়বৰগাঁও আৰক্ষী চকীলৈ উভতি যায়৷ আভাজ্যোতিয়ে হয়বৰগাঁও আৰক্ষী চকীলৈ ঘূৰি যোৱাৰ চি চি টি ভি ফুটেজ আৰু নিশা থানাত থকাৰ চি চি টি ভি ফুটেজো প্ৰয়োজনত জমা দিব পাৰিব বুলি তদন্তকাৰী বিষয়াক জনাইছিল৷ আৰক্ষীৰ এটা সূত্ৰৰ পৰা জানিব পৰা মতে, জোনমণি ৰাভাৰ কোৱাৰ্টাৰত অ’চি মনোজ ৰাজবংশীয়ে গাড়ীসহ জোনমণি ৰাভাক থৈ অহাৰ কেইমুহূৰ্তমানৰ পাছতে জোনমণিয়ে নিজৰ গাড়ীখন লৈ তীব্ৰগতিত ওলাই গৈছিল৷ ইয়াৰ কিছুসময়ৰ পাছতে জোনমণি ৰাভাই জখলাবন্ধাত এটি পথ দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যুক সাবটি লোৱাৰ খবৰ আহিছিল৷ সেই নিশা জোনমণি ৰাভা কিয় জখলাবন্ধালৈ গৈছিল তাক লৈ সৃষ্টি হৈছে ব্যাপক ৰহস্যৰ৷ ইতিমধ্যে জোনমণিৰ মৃত্যুৰ তদন্তৰ বাবে অহা চি বি আইৰ দলটোৱে শুকুৰবাৰে লখিমপুৰত তদন্ত প্ৰক্ৰিয়া সামৰি পুনৰ নগাঁৱলৈ ঘূৰি আহিছে৷ জানিব পৰা মতে, লখিমপুৰত চি বি আইৰ দলটোৱে ঘটনা সংক্ৰান্তত বহু তথ্য লাভ কৰিছে৷