Logo
image

অম্বুবাচীৰ নাম লৈ শক্তিপীঠত ভাঙৰ আড্ডা

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিগত বছৰৰ দৰে এইবেলিও ২২ জুনৰ মাজনিশা কামাখ্যাৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰ পাছত আৰম্ভ হৈছে অম্বুবাচী মহাযোগ। এই অম্বুবাচী মহাযোগৰ ২৬ জুনৰ পুৱা নিবৃত্তিৰ পাছতে সামৰণি পৰিব। ইফালে কামাখ্যা দেৱালয়ৰ পৰিৱেশ অক্ষুণ্ণ বজাই ৰখাৰ স্বাৰ্থত প্ৰথমবাৰৰ বাবে এইবাৰ কামাখ্যা দেৱালয়সহ নীলাচল পাহাৰত ভক্তৰ থকা-খোৱাৰ বাবে কোনোধৰণৰ শিৱিৰ স্থাপন কৰা হোৱা নাই। সমান্তৰালভাৱে কামাখ্যা দেৱালয় পৰিচালনা কৰাৰ দায়িত্বত থকা কামাখ্যা বৰদেউৰী সমাজে দেৱালয় চৌহদক ধুমপান নিষিদ্ধ ক্ষেত্ৰ তথা অঞ্চল হিচাপে ঘোষণা কৰিছিল। কিন্তু সেই ঘোষণাক আওকাণ কৰি দেৱালয় চৌহদৰ ঠাই বিশেষে চলি আছে ভাং, গাঞ্জাকে ধৰি নিচাযুক্ত সামগ্ৰীৰ অবাধ বেহা। কামাখ্যা দেৱালয়ৰ একাংশ বাসিন্দাই কৰা অভিযোগ মতে, কামাখ্যাৰ পৰা ভূৱনেশ্বৰী মন্দিৰ সংযোগী পথৰ মা বগলা মন্দিৰৰ সমীপত নিশা ৮ মান বজাৰ পৰা আৰম্ভ হয় এই অবাধ বেহা। পুৱতি নিশালৈকে চলি থকা এই বেহাৰ বাবে বগলা মন্দিৰৰ সমীপত থকা বাসিন্দাসকলৰ নিশা শান্তি-শৃংখলাত ব্যাঘাত জন্মিছে৷ এই  সন্দৰ্ভত কৰ্তব্যৰত আৰক্ষীক অবগত কৰাৰ পাছতো আৰক্ষীয়ে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰা বুলি স্থানীয় লোকে অভিযোগ কৰিছে। এই আড্ডাত ভাগ লোৱা সকলৰ বেছিভাগেই যুৱক আৰু তেওঁলোক গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ বাসিন্দা। সন্ধিয়াৰ পাছত তেওঁলোকে দল বান্ধি বগলা মন্দিৰৰ সমীপলৈ আহে আৰু পুৱতি নিশালৈকে ভাং, গাঞ্জাকে ধৰি নিচাযুক্ত সামগ্ৰীৰ পোহাৰ মেলি অম্বুবাচীৰ দৰে উত্তৰ পূবৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানৰ পৰিৱেশ বিনষ্ট কৰিছে।