Logo
image

অৰ্থনীতিবিদৰ ৰূপ বৰ্ণনা কৰি বিতৰ্কত অমিতাভ

আমাৰ অসম, ২৩ জানুৱাৰীঃ বিউটি উইথ ব্ৰেইন নে কেৱল বিউটি! কাৰ কি পছন্দ সেয়া বুজা টান৷ খেয়ালি মনৰ মেগা তাৰকাই কি ভাল পায় সেয়া বুজাটো আৰু টান৷ চেলুলয়ডত তাৰকা অভিনেতাই সদায় সুন্দৰীকে ভাল পায়, কুৰূপাৰ প্ৰতি নায়কে দৃষ্টি দিয়া দেখাতো দুৰূহ৷ চেলুলয়ডৰ পৰা বাহিৰলৈ ওলাই আহিলেও মেগা তাৰকাৰ দৃষ্টি সলনি নহয়৷ বিউটি উইথ ব্ৰেইনৰ ‘ব্ৰেইন’ক প্ৰশংসা নকৰি ‘বিউটি’ক গুৰুত্ব দি প্ৰশংসা কৰাৰ দায়ৰ পৰা কেতিয়াবা সাৰি যাব নোৱাৰে ৮০ চোঁও চোঁওকৈ থকা বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্ছন৷ অতি সম্প্ৰতি বৰ্ষীয়ান ‘বিগ বি’য়ে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুৰব্বী গীতা গোপীনাথৰ ৰূপৰ প্ৰশংসাত গদ্‌গদ্‌ হৈ সমালোচনাৰে শৰবিদ্ধ হৈছে৷ আই এম এফৰ মুৰব্বী গীতা গোপীনাথৰ গুণৰ প্ৰশংসা নকৰি বলীউডৰ শ্বাহেনশ্বাহ বিদুষী অৰ্থনীতিবিদগৰাকীৰ ৰূপৰ পিছত পৰিল কিয়– এই প্ৰশ্নৰেই অমিতাভ বচ্ছনক সমালোচনাৰে থকা-সৰকা কৰিছে ছ’চিয়েল মিডিয়াৰ ‘নেটিজেনে’৷

মঞ্চ আছিল কোন বনেগা কৌড়পতিৰ৷ টেলিভিছনৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’তে হ’ষ্ট অমিতাভ বচ্ছনে আই এম এফৰ মুৰব্বী ভাৰতীয় বংশোদ্ভৱ গীতা গোপীনাথক তেওঁৰ ৰূপৰ প্ৰশংসাৰে ওপচাই পেলালে৷ লগে লগে ছ’চিয়েল মিডিয়াত আৰম্ভ হ’ল আক্ৰমণ৷ অমিতাভ বচ্ছনে কিয় গীতা গোপীনাথক তেওঁৰ কাম আৰু পদমৰ্যাদাৰ বাবে প্ৰশংসা নকৰিলে৷ গীতা গোপীনাথতো ৰূপৰ জৰিয়তে বিশ্বৰ প্ৰথম মহিলা হিচাপে আই এম এফৰ মুৰব্বীৰ আসনত উপবিষ্ট হোৱা নাই, গুণৰ দ্বাৰাহে হৈছে৷ বিশ্বৰ আগশাৰীৰ অৰ্থনীতিবিদ হিচাপেই তেওঁ এই পদমৰ্যাদা লাভ কৰিছে৷ তথাপি অমিতাভ গীতা গোপীনাথৰ ৰূপক লৈ ইমান ব্যতিব্যস্ত কিয়?

গীতা গোপীনাথে অৱশ্যে অমিতাভ বচ্ছনৰ মুখত তেওঁৰ প্ৰশংসা শুনি আপ্লুত৷ তেওঁ নিজেই অমিতাভ বচ্ছনৰ অনুষ্ঠানৰ এই ভিডিঅ’ টুইট কৰিছে৷ তেওঁ লিখিছে– ‘এয়া মোৰ বাবে অতি ‘স্পেচিয়েল’ বিষয়৷ মই ‘বিগ-বি’ৰ বিৰাট ফেন, আজন্ম অনুৰাগী৷ এই প্ৰশংসা মই জীৱনত নাপাহৰো৷ অমিতাভ বচ্ছন সৰ্বকালৰ শ্ৰেষ্ঠ৷’