Logo
image

শিক্ষামন্ত্ৰীক তুলাধুনা কলেজ শিক্ষক সংস্থাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুনঃ ‘ড॰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী থাকোতে কামবোৰ হৈ গৈছিল৷ তেওঁৰ ওচৰলৈ কিবা কাম লৈ গ’লে কেতিয়াও নিৰাশ নকৰিছিল৷ বৰ্তমানৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ওচৰলৈ ৫০ বাৰ গ’লেও কাম নহয়৷ নতুন বিশ্ববিদ্যালয়বোৰত উপাচাৰ্য আৰু চকীদাৰ নিযুক্তিৰ বাহিৰে একো কৰা নাই৷’–এই বিস্ফোৰক অভিযোগ উত্থাপন কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুক কাৰ্যতঃ তুলাধুনা দিয়ে অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক ড॰ জয়ন্ত বৰুৱাই৷ কলেজ শিক্ষকক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৰা শেহতীয়া মস্কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ড॰ বৰুৱাই কয়–‘শিক্ষামন্ত্ৰীগৰাকী যথেষ্ট ভদ্ৰ মানুহ৷ কিন্তু তেওঁ যি তাচিছল্যসূচক, অগণতান্ত্ৰিক আৰু অভব্য মন্তব্য দিছে, সেই মন্তব্যই আমাৰ সকলকো দুঃখিত কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমক যি দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ বাবে সপোন দেখিছে, সেই সপোনক বাস্তৱত ৰূপ দিয়াৰ বাবে আমি কলেজ শিক্ষকসকলেও দিনাই নিশাই কাম কৰি আছো৷ শেহতীয়াকৈ ৰাজ্যৰ মহাবিদ্যালয়সমূহক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে৷ কিন্তু কলেজ শিক্ষকসকলে হায়াৰচেকেণ্ডাৰীৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্যন্ত ক্লাচ কৰিবলগা হৈছে৷ নতুন বিশ্ববিদ্যালয়বিলাকত উপাচাৰ্য আৰু চকীদাৰ  নিযুক্তিৰ বাহিৰে কাকো নিযুক্তি দিয়া হোৱা নাই৷ সমগ্ৰ ভাৰতৰ ভিতৰতে নাকৰ মূল্যায়নত অসমে উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিছে৷ ইউজিচিৰ নিয়ম অনুসৰি আমি ১৮০ দিন ক্লাছ কৰিব লাগে৷ কিন্তু এনআৰচি, গুণোৎসৱ, নিৰ্বাচনৰ দায়িত্বতো আমাক নিয়োজিত কৰা  হয়৷ গুণোৎসৱত ৯ দিনে আমাক দায়িত্ব দিয়া হৈছে৷ আমাক কৰ্তব্যৰ কথা সোঁৱৰোৱা শিক্ষামন্ত্ৰীক আমি প্ৰশ্ন কৰিছো যে তেওঁ আমাৰ নায্য প্ৰাপ্য কামবিলাক কিমান কৰি দিছে৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আমোলত ৰাজ্যৰ ৫৯৬ জন কলেজ শিক্ষকৰ পদোন্নতিৰ পাছতো ডেৰ বছৰে দৰমহা বৃদ্ধি বা ফিক্সেশ্বন হোৱা নাই৷ ৪৩০ জন কলেজ শিক্ষকৰ সহকাৰী অধ্যাপকৰ পৰা সহযোগী অধ্যাপকলৈ পদোন্নতি বন্ধ কৰি ৰখা হৈছে৷ প্ৰায় পাঁচ শতাধিক শিক্ষকৰ বিভিন্ন পৰ্যায়ৰ পদোন্নতি ফাইল নিষ্পত্তিবিহীনভাৱে পৰি আছে৷ শিক্ষকৰ পেঞ্চনৰ ব্যৱস্থা এনপিএছৰ পৰা অ’পিএছ কৰা নহ’ল৷ ৯৯.৯৯ শতাংশ কলেজ শিক্ষকেই নিষ্ঠা আৰু আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰি আছে৷  ইয়াৰ বাবেই ৰাজ্যত নাকৰ মূল্যায়নত বিভিন্ন কলেজ ‘এ প্লাছ’ বা ‘এ’ গ্ৰেড পাবলৈ সক্ষম হৈছে৷ গৰম বন্ধ মাহতো কলেজ শিক্ষকসকলে ১৭ জুলাইলৈকে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ কামত ব্যস্ত থাকিব লাগিব৷ ইয়াৰ মাজতো যদিহে কোনো শিক্ষকে কামত ফাকি দিছে বুলি মন্ত্ৰীয়ে ভাবিছে তেন্তে তেওঁলোকক বিচাৰি উলিয়াই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক, কিন্তু সকলো শিক্ষককে সাঙুৰি ৰাজহুৱা অপমান কৰাটো যুক্তিসংগত নহয়৷ এনইপি অনুসৰি চৰকাৰে হায়াৰ ছেকেণ্ডাৰী শাখাটো কলেজৰ পৰা উঠাই দিয়াৰ কথা কৈছিল যদিও ইয়াকো আজিকোপতি কাৰ্যকৰী নকৰিলে৷’

শিক্ষামন্ত্ৰীক ধিক্কাৰ সন্মিলিত শিক্ষক মঞ্চৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে চৰম অবিবেচকভাৱে ‘শিক্ষকৰ মূৰত মাল নাই’ ধৰণৰ এক নিম্নখাপৰ তৰল বাক্য প্ৰয়োগ কৰি সমগ্ৰ শিক্ষক সমাজখনৰ মৰ্য্যদা হানি কৰা কাৰ্যত জাঙুৰ খাই উঠিছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ৷ ৰাজ্যৰ শিক্ষক সমাজৰ দহটা শিক্ষক সংগঠনৰ দ্বাৰা গঠিত  সন্মিলিত শিক্ষক মঞ্চৰ অন্তৰ্গত শিক্ষক সংগঠন ক্ৰমে– সদৌ অসম উচ্ছতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা, সদৌ অসম জুনিয়ৰ কলেজ শিক্ষক আৰু কৰ্মচাৰী সন্থা, অসম হাইস্কুল শিক্ষক সন্থা, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থা, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থা, সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থা, সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজ, সদৌ অসম ষ্টেট পুল শিক্ষক সন্থা আৰু নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থা, অসমে শিক্ষামন্ত্ৰীজনে চৰম অবিবেচকভাৱে ‘শিক্ষকৰ মূৰত মাল নাই’ ধৰণৰ তৰল বাক্য এখন শৈক্ষিক সভাত উচ্ছাৰিত কৰি সমগ্ৰ শিক্ষক সমাজখনৰ মৰ্যাদা হানি কৰা বুলি বিষোদগাৰ প্ৰকাশ কৰিছে৷ এটা বিবৃতিযোগে মঞ্চই কয় যে যিকোনো শৈক্ষিক সমস্যা সমাধানত ব্যৰ্থ ৰাজ্য শিক্ষা ব্যৱস্থা অধঃপতনে নিয়াত খোদ শিক্ষামন্ত্ৰীজনৰ কাৰ্যকলাপ দায়ী৷ আজি তীব্ৰ ক্ষোভ উজাৰি সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ দহ শিক্ষক সংগঠনৰ উমৈহতীয়া মঞ্চখনে লগতে কয় যে বিভাগীয় কতৃৰ্পক্ষই নিজৰ দক্ষতা দেখুৱাব নোৱাৰি এই ধৰণৰ মন্তব্য প্ৰয়োগ কৰি সমস্যাসমূহ যাতে শিক্ষক মহলে দাঙি নধৰে তাৰ বাবে সদায় শিক্ষক সমাজক হেয় কৰা মন্তব্য প্ৰয়োগ কৰি সাধাৰণ ৰাইজৰ পৰা শিক্ষক সমাজখনক আঁতৰাবলৈ চেষ্টা কৰি আহিছে৷ অৰ্থাৎ চৰকাৰীখণ্ডত শিক্ষকে নপঢ়ুৱাই, গতিকে অভিভাৱকসকলে যেন ছাত্ৰ-ছাত্ৰী চৰকাৰীখণ্ডত নিদি ব্যক্তিগতখণ্ডত দিয়ে৷ যদিও মহাবিদ্যালয় পৰ্যায়ৰ সভাত ‘শিক্ষকৰ মূৰত মাল নাই’ কাৰণে নপঢ়ুৱাই বুলি কৈছিল, প্ৰকৃত পক্ষে পৰৱৰ্তী স্পষ্টীকৰণত এফালে বিদ্যালয় শিক্ষাত ৭৮ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণৰ বিষয়টো অনুকিয়াই পুনৰ স্কুলীয়া আৰু উচ্ছ শিক্ষা শিতানৰ শিক্ষকে পাঠদান নকৰা বিষয়টোহে উত্থাপন কৰি নিজৰ মতত অলৰ অচৰ থকা দেখা গ’ল৷ এবাৰৰ বাবেও স্কুলীয়া শিক্ষকে ফলাফল ভাল কৰা বুলি শলাগ লোৱা পৰিলক্ষিত নহ’ল৷ প্ৰকৃতপক্ষে এই ধৰণৰ মন্তব্যৰ জৰিয়তে ব্যক্তিগতখণ্ডৰ শিক্ষা ব্যৱস্থাক বৰপীৰা পাৰি দিয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ আখৰা বুলি আজি শিক্ষক মঞ্চই অভিহিত কৰিছে৷ মঞ্চই কয়– স্কুলীয়া শিক্ষা খণ্ডত হাতত লোৱা কেইটামান ব্যৰ্থ আৰু আধৰুৱা কৰ্মৰ জ্বলন্ত উদাহৰণ হৈছে অ-সমাপ্ত তথা আধাতে পৰিসমাপ্তি ঘটোৱা বদলীকৰণ ব্যৱস্থা, মাতৃভাষাত কিতাপ যোগানত ব্যৰ্থতা, বিদ্যালয় সমূহৰ আন্তঃগাঁথনি উন্নীত কৰিব নোৱাৰা, বহু বিদ্যালয়ত বিদু্যৎসংযোগ ব্যৱস্থা কৰিব নোৱাৰা তথা পৰিপূৰক ব্যৱস্থা কৰাত ব্যৰ্থ৷ বিজ্ঞান শাখাযুক্ত ৰাজ্যৰ প্ৰায়বিলাক বিজ্ঞানাগাৰৰ অৱস্থা অতি পুতৌজনক৷ ছাত্ৰ-ছাত্ৰীক পাঠদানত সহায়ক হোৱাকৈ ডেমনষ্ট্ৰেচন দিব পৰাকৈ বিজ্ঞানাগাৰ সমূহত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞানৰ একো একোজন স্নাতক পৰ্যায়ৰ শিক্ষক তথা একোজন বিয়াৰাৰ প্ৰয়োজন৷ চৰকাৰ হাতত বিজ্ঞান শিক্ষাৰ বাবে এনে কিমান শিক্ষক-কৰ্মচাৰী প্ৰয়োজন তাৰ তথ্য চৰকাৰীভাৱে এতিয়ালৈ সংগ্ৰহ কৰা নাই৷ ফলত চেগা- চোৰোকাকৈ শিক্ষক নিযুক্তি হৈ আছে যদিও উপযুক্ত স্থানত শিক্ষকৰ চাহিদা পূৰণত ব্যৰ্থ, অৰ্থাৎ প্লেনিঙৰ অভাৱ বুলি মঞ্চই দাবী কৰিছে৷ আজিৰ তাৰিখত ছাত্ৰ-ছাত্ৰীক উন্নত ডেস্ক-বেঞ্চ যোগানৰ লগতে একাদশ, দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ঐক্য সাঁজ যোগান ধৰিব পৰা নাই৷ প্ৰায় বিদ্যালয় ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক- ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দ্বাৰা সঞ্চালন কৰি ৰাখিছে৷ অৰ্থাৎ প্ৰধান শিক্ষক-সহকাৰী প্ৰধান শিক্ষক-অধ্যক্ষ-উপাধ্যক্ষৰ পদ পূৰণত ব্যৰ্থ শিক্ষা বিভাগ৷ সৰহভাগ বিদ্যালয়ত আজিও পূৰণ নহ’ল শিক্ষকৰ খালী পদসমূহ৷ স্নাতকোত্তৰ অৰ্হতা থকা স্নাতক শিক্ষকক পাৰিতোষিক নিদিয়াকৈ একাদশ, দ্বাদশ শ্ৰেণীত পাঠদান কৰাই থাকি শোষণ কৰি থকাহে পৰিলক্ষিত হৈছে৷ ৫০০-৬০০ ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ত আজিও বিদ্যমান এজনীয়া চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী৷ ইপিনে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিও প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক দিব নোৱাৰৰ লগতে ২০১৩ চনত উন্নীত কৰা একাংশ হাইস্কুল, হায়াৰ চেকেণ্ডাৰী বিদ্যালয়ত প্ৰধান শিক্ষক-অধ্যক্ষৰ পদ সৃষ্টি কৰিব পৰা নাই৷ বিদ্যালয় সমূহত পুথিভড়াল মানে বিনা মুলীয়া পাঠ্যপুথিৰ সমাহাৰ৷ জ্ঞান আহৰণ কৰিব পৰা তথা নীতিশিক্ষা অৰ্জন কৰিব পৰা নতুন কিতাপ-পত্ৰ যোগানত বিভাগ ব্যৰ্থ৷ মাত্ৰ সাৰ্থক এটাতে দেখা যায় যে সেয়া হৈছে সময়ে সময়ে বিদ্যালয়ত শিক্ষকৰ উপস্থিতিক কেন্দ্ৰ কৰি ভয়-ভাবুকি দি থকা৷ ডিজিটেল কৰ্মৰ নামত শিক্ষকক পাঠদানৰ পৰা আঁতৰাই অন্য কৰ্মত ব্যস্ত কৰি ৰখা হৈছে৷ বিগত প্ৰায় ৩০ বছৰে শিক্ষকৰ আৰ্জিত চুটি ১০ দিনৰ পৰা অন্য ৰাজ্যিক কৰ্মচাৰীৰ দৰে ৩০ দিনলৈ বৃদ্ধি কৰা আৰু সপ্তাহত দুটা দিন বন্ধ দিয়া দাবীটো আলোচনালৈ আনে আৰু আওপাক দি ঠাণ্ডা বস্তাত ভৰাই ৰখাটো ব্যৰ্থতা নহয় জনো বুলি মঞ্চই প্ৰশ্ন কৰে৷ শিক্ষক সমাজে কোনো দিনে গ্ৰীষ্মকালীন বন্ধ অথবা শীতকালিন বন্ধ বিচৰা নাই৷ ভেকেচন ডিপাৰ্টমেণ্টৰ নাম দি শিক্ষক সমাজখনক প্ৰাপ্য আৰ্জিত ছুটীৰ পৰা বঞ্চিত কৰি ৰাখিছে৷ ৰাজ্যৰ শ শ অ-প্ৰাদেশীকৃত বিদ্যালয়ত সেৱা আগবঢ়াই থকা স্কুলসমূহ প্ৰাদেশীকিকৰণ কৰিব নোৱাৰাতো শিক্ষকৰ মূৰত নিশ্চিতভাৱে মগজু নোহোৱাতো নুবুজায়৷ শিক্ষা বিভাগে আজিলৈ নিজৰ উদ্যোগত শিক্ষকসকলক প্ৰশিক্ষণ দিয়াত ব্যৰ্থ হৈছে৷ যি প্ৰশিক্ষণ দিয়া হৈছে সেয়া হয় ছেবা নহ’লে শিক্ষা সংসদে ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ ধনৰে অনুষ্ঠিত কৰি আহিছে বুলিও মঞ্চই দোহাৰে৷ লগতে  মঞ্চই কয়– এনে প্ৰশিক্ষণে শিক্ষকৰ মোহ ভঙ্গ কৰিছে, কিয়নো ইয়াৰ ফলত কোনো ধৰণৰ মূল্যাংকন চাকৰি খতিয়ানত সংযুক্ত কৰাৰ ব্যৱস্থা নাই৷ ছাত্ৰ-ছাত্ৰীক বিনা মুলীয়া কিতাপ, পোছাক যোগান দিলেই শিক্ষা ব্যৱস্থাৰ উন্নয়ন নহয়, ইয়াৰ লগত মূল আহিলা শিক্ষক সমাজখনৰ সন্মান অটুট ৰাখিব পৰা বাতাবৰণ চৰকাৰী ভাৱে তথা বিভাগীয় ভাৱে সৃষ্টি কৰিলেহে শৈক্ষিক উত্তৰণ ঘটিব বুলি দহ শিক্ষক সংগঠনে মতপোষণ কৰে৷ মঞ্চই এইটো কয় যে যদি চৰকাৰৰ দৃষ্টিত কৰ্তব্য পালন নকৰা শিক্ষক আছে তেন্তে তেনে শিক্ষককৰ বিপৰীতে বিধিগত ব্যৱস্থা লওক৷ কিন্তু একাংশ শিক্ষকৰ আচৰণক কেন্দ্ৰ কৰি সমূহ শিক্ষকমহলে আঘাত পাব পৰা মন্তব্যৰ পৰা বিৰত থাকিবলৈ সংশ্লিষ্ট সকলোকে সকীয়াই দিয়ে শিক্ষক মঞ্চই৷ অন্যথা শিক্ষক সমাজে নিজৰ স্বাভিমান ৰক্ষাৰ্থে অনাগত দিনত ব্যৱস্থা লবলৈ বাধ্য হ’ব বুলিও হুংকাৰ দিয়ে৷