Logo
image

১১খন জিলা এতিয়াও বানৰ কবলত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ জুনঃ ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হ’লেও বান বিভীষিকাৰ অন্ত পৰা নাই৷ বৰষুণ হ্ৰাস পালেও আজিও ৰাজ্যৰ ১১ খন জিলাৰ ৫৬৩ খন গাঁও বাঢ়নী পানীত বুৰ গৈ আছে৷ চৰকাৰী তথ্য অনুসৰি বজালী, বাগ্‌সা, বৰপেটা, দৰং, ডিব্ৰুগড়, গোলাঘাট, কামৰূপ, লখিমপুৰ, নগাঁও, নলবাৰী আৰু তামুলপুৰৰ ১ লাখ ৫৫ হাজাৰ লোক বৰ্তমানো বাঢ়নী পানীত ককবকাই থাকিবলগীয়া হৈছে৷ কেইবাটাও মথাউৰি ছিঙি নিয়াত বৰপেটা জিলাত সৰ্বাধিক ৮৭ হাজাৰ লোকে পানীৰ সৈতে সহৱস্থান কৰি আছে৷ তদুপৰি বিগত এসপ্তাহ ধৰি বাঢ়নী পানীৰ কবলত আছে বজালীৰ ৪৪ হাজাৰ লোক, লখিমপুৰৰ ১৭ হাজাৰ লোক আৰু নলবাৰীৰ ৬ হাজাৰ লোক৷ আনহাতে প্ৰশাসনে স্থাপন কৰা শতাধিক আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে ৩ হাজাৰ বানাক্ৰান্তই৷ ইফালে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বানত বৰ্তমানলৈ মুঠ ৫জন লোকৰ সলিল সমাধি ঘটিছে৷ তথ্য মতে সোমবাৰে পুনৰ বৰপেটাত ২ জন লোকৰ বানত মৃত্যু হৈছে৷ অৱশ্যে বেচৰকাৰী তথ্য মতে অসমত বাঢ়নী পানীৰ ফলত প্ৰায় ১০ জন লোক মৃত্যুমুখত পৰিছে৷ ইফালে পানী শুকালেও বহু লোক আপোন ঘৰখনলৈ উভটি যাব পৰা নাই৷ বানে ঘৰখন উটুৱাই নিয়াৰ লগতে পলসেৰে ভগ্ন ঘৰখন পুতি পেলোৱাত বানবিধবস্ত লোকে হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

সৰুক্ষেত্ৰীত আশ্ৰয় শিবিৰতে আছে বানাক্ৰান্ত

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদকঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে৷ পূৰ্বৰ তুলনাত বান কিছু পৰিমাণে কমিছে যদিও বানাক্ৰান্ত ৰাইজে আজিও আশ্ৰয় শিবিৰতে থাকিবলৈ বাধ্য হৈছে৷ কিয়নো বানৰ কিছু কমিছে যদিও বানাক্ৰান্ত ৰাইজৰ ঘৰ-বাৰীৰ পৰা পানী শুকাবলৈ আৰু দুই-তিনিদিনৰ প্ৰয়োজন হ’ব৷ ফলত বানাক্ৰান্ত ৰাইজে আশ্ৰয় শিবিৰতে নানা অসুবিধাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে৷ উল্লেখ্য, সৰ্থেবাৰী ৰাজহ চক্ৰৰ মুঠ ৭৯খন গাঁও সম্পূৰ্ণৰূপে বানৰ কৱলত পৰিছে৷ বানাক্ৰান্ত ৰাইজে ৰাজহ চক্ৰটোৰ বিভিন্ন স্থানত ২৫টা আশ্ৰয় বিগত ছদিন ধৰি আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আহিছে৷ অৱশ্যে, বানাক্ৰান্ত ৰাইজৰ মাজত জিলা প্ৰশাসনে চাউল, দাইল, মিঠাতেল, মমবাতি, মহ খেদোৱা ধূপ কাঠি আদিৰ লগতে পশুখাদ্য যোগান ধৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি বানাক্ৰান্ত ৰাইজে জানিবলৈ দিছে৷ ইফালে, সমগ্ৰ সৰুক্ষেত্ৰী সমষ্টি বানৰ কৱলত পৰা সমষ্টিবাসী আজিও সকলো ফালৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈ আছে৷ মন কৰিবলগীয়া কথা যে, সৰ্থেবাৰী-বৰপেটা সংযোগী পথ, পাঠাশালা-সৰ্থেবাৰী, টিহু-সৰ্থেবাৰী লোক নিৰ্মাণৰ পথ,  সৰ্থেবাৰী নগৰৰ গাতে লাগি থকা ক্ষুদ্ৰ গোমূৰা-শান্তিপুৰ সংযোগী পথ, বামুন্দী-সৰ্থেবাৰী পথ, শিংৰা-বামুন্দী পথ, গহিয়া-ৰঙীয়া নদীৰ পাম পথ, হাঁহচৰা-ভক্তৰডবা পথ আজিও পানীৰ তলতে আছে৷

ডবকাদেউৰী নৈ বেদখলকাৰীৰ কৱলত, কৃত্ৰিম বানত বিনষ্ট কৃষিভূমি

‘আমাৰ অসম’ৰ ডবকাৰ প্ৰতিবেদকঃ বেদখল আৰু নৈৰ প্ৰাকৃতিক গতিত মাটিপুতি ঘৰ সজাৰ ফলত ক্ৰমাৎ নিঃশেষ হৈছে ডবকাৰ এখন নৈ৷ ডবকা পাহাৰৰ নামনি অংশৰ পৰা অতিজৰে পৰা বৈ অহা দেউৰী জান নৈখনে ডবকা চহৰৰ পাঁচটা ৱাৰ্ড স্পৰ্শ কৰি বৈ গৈছে৷ ডবকা পৌৰসভাৰ এক, দুই, তিনি, চাৰি আৰু দহ নম্বৰ ৱাৰ্ডৰ মাজেৰে যোৱা নৈখন সম্প্ৰতি অস্তিত্বৰ সংকটত পৰিছে৷ পৌৰ এলেকাত ব্যাপক হাৰত বেদখলৰ ফলত নৈখন সংকুচিত হোৱাৰ বিপৰীতে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত দেউৰী জান নৈৰ এটা অংশ পুতি পেলোৱাৰ লগতে শেহতীয়াকৈ নৈৰ প্ৰাকৃতিক গতি বন্ধ কৰি এচাম লোকে নিৰ্মাণকাৰ্য অব্যাহত ৰখাত নৈখনৰ গতি সম্পূৰ্ণৰূপে বন্ধ হৈছে৷ ফলত এজাক বৰষুণ দিলেই ডবকাৰ সূতাৰগাঁও, বুঢ়ীগাঁও আৰু মিকিৰআটি হাওগাঁও আদি অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হয়৷ কেৱল সেয়াই নহয়, নৈৰ পানী আবদ্ধ হৈ বৃহৎ অঞ্চল এটা জলাশয়লৈ পৰ্যবসিত হৈ পৰাত বিগত তিনি বছৰৰ পৰা উক্ত গাঁওকেইখনৰ কৃষকে খেতি কৰিব পৰা নাই৷ ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সূতাৰগাঁৱৰ অংশত নৈৰ সুঁতি বন্ধ কৰি ঘৰ নিৰ্মাণ কৰাত নৈৰ প্ৰাকৃতিক গতি বন্ধ হৈ পৰিছে৷ ফলত দেউৰীজান নৈৰ উজনি অংশত এজাক বৰষুণ দিলেই কৃত্ৰিম বানৰ সৃষ্টি হয়৷ আক্ৰান্ত গাঁওকেইখনৰ ৰাইজে প্ৰতিবছৰে ৰাজহ চক্ৰ বিষয়া, জিলা উপায়ুক্তক লিখিত অভিযোগ দিও কোনো সুফল পোৱা নাই৷ এই স্পৰ্শকাতৰ বিষয়টো সমাধানৰ বাবে যমুনামুখ সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমলে হোজাই মহকুমাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লাচিত দাসক এখন চিঠি লিখিছিল৷ সেই চিঠিখনৰ ওপৰত যোৱা ১৭ মেঅত ডবকা ৰাজহ চক্ৰ বিষয়া স্নেহা ভৰালীয়ে ডিআৰচি ০২/২০২২/১৩৫৭ মৰ্মে সংশ্লিষ্ট লাট মণ্ডলক চৰজমিন তদন্ত কৰি জোখমাপৰ প্ৰতিবেদন দিবলৈ হুকুম জাৰি কৰিয়েই দায়িত্ব সামৰে৷ পৰৱৰ্তী গাঁওকেইখনৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ৰাজহ চক্ৰ বিষয়া, হোজাইৰ মহকুমাধিপতিক লগ ধৰি অভিযোগ দিয়ে যদিও কোনো সুফল লাভ কৰা নাই৷ ফলত ক্ষোভিত ৰাইজে দেউৰী জান নৈৰ সুঁতি মুকলি কৰাৰ দাবীত ডবকাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ সিদ্ধান্ত লয়৷ আইন-শৃংখলা পৰিস্থিতি আৰু এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে হ’ব পৰা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিত দুৱৰা আৰু অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামোলীৰ বুজনিত ৰাইজে পথ অৱৰোধৰ পৰা আঁতৰি আহে৷ ৰাজহ বিভাগ আৰু সাধাৰণ প্ৰশাসন বিভাগৰ সৈতে জড়িত সমস্যা এটা সমাধান কৰিব নোৱৰাটো জিলা প্ৰশাসনৰ সামূহিক ব্যৰ্থতা বুলি ৰাইজে অভিযোগ কৰিছে৷ ডবকা ৰাজহ চক্ৰ বিষয়াৰ গাফিলতি আৰু মহকুমা প্ৰশাসনৰ নীৰৱতাত ক্ৰমাৎ কালৰ সোঁতত হেৰাই গৈছে ডবকাৰ এখন নৈ৷ ৰাইজৰ প্ৰশ্ন– পূৰ্বৰ দৰে ব’বনে ডবকাৰ দেউৰী জান?