Logo
image

সমষ্টি পুনৰ নিৰ্ধাৰণঃ মুখ্যমন্ত্ৰীৰ সুখ-দুখ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুনঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা কেতিয়া সুখী হয় আৰু কেতিয়া তেওঁ দুখী হয়? অসমৰ ৰাইজৰ বাবে হয়তো এইটো লাখটকীয়া প্ৰশ্ন৷ শেহতীয়াভাৱে দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক কেন্দ্ৰ কৰি ৰাজ্যৰ অধিকাংশ অঞ্চলতে ক্ষোভ আৰু বিদ্ৰোহৰ জুই জ্বলি আছে৷ কংগ্ৰেছ, এআইইউডিএফ, ৰাইজৰ দল, জাতীয় পৰিষদ, বাওঁপন্থী দলৰ কথাটো বাদেই খোদ শাসকীয় দল বিজেপিৰ একাংশ মন্ত্ৰী, সাংসদ আৰু নেতা-কৰ্মীয়ে এই খচৰাক লৈ অসন্তুষ্ট আৰু ইতিমধ্যে ইয়াৰ বহিঃপ্ৰকাশ ঘটিছে৷ অসমৰ লাখ লাখ ৰাইজে ইমান দিনে জানিবলৈ বিচাৰি থকা মুখ্যমন্ত্ৰীৰ সুখ-দুখৰ প্ৰসংগ সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগতো সাঙোৰ খাই আছে৷ 

নিজ মুখে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সংবাদ মাধ্যমৰ আগত তেওঁ কেতিয়া সুখ অনুভৱ কৰে আৰু কেতিয়া দুখী হয় সেই কথা কয়৷ বৰাকত কোনে প্ৰতিবাদ কৰি আছে৷ এআইইউডিএফ বা বাওঁপন্থী দলসমূহে আন্দোলন কৰিলে মই শান্তিত শুই দিওঁ৷ ঠিকে আছে তেওঁলোকক অলপ কষ্ট দিব পাৰিছোঁ৷ এআইইউডিএফ বা আজমলৰ মানুহে যেতিয়া অলপ চটফটায় সেইদিনাখন ৰাতি মোৰ টোপনি ধুনীয়া হয়৷ পিছদিনা ফূৰ্তিত কথা পাতোঁ৷ এআইইউডিএফক জ্বালা দিবলৈয়েতো মই মুখ্যমন্ত্ৰী হৈছোঁ৷ বাওঁপন্থী আৰু আজমলৰ মানুহবিলাক যেতিয়া চটফটাই থাকে তেতিয়া ৰাতি মোৰ ভাল টোপনি হয়৷ এইকেইদিন মোৰ টোপনি ভাল হৈ আছে৷ অৱশ্যে জালুকবাৰীৰ পৰা দুখন গাঁও কৰ্তন হৈছে৷ মই ইয়াত দুখ পামেই৷ এইখিনি মানুহে ইমান দিন মোক ভোট দি আছিলে৷ জালুকবাৰীৰ পৰা শুৱালকুছি আঁতৰি গ’ল৷ মই সঁচাকৈয়ে দুখী৷ ব্যক্তিগতভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ মোতকৈ অসুখী কোনো নাই৷ আজি ২৫ বছৰ পিতৃৰ দৰে পালন কৰা সমষ্টি এটা ভাঙি গ’ল৷ গতিকে ময়ো দুখী৷ মই অসুখী৷ অৱশ্যে অসমবাসী এই খচৰাক লৈ সুখী৷