Logo
image

কেন্দুকোনাত চলন্ত বাছত অগ্নিকাণ্ড

আমাৰ অসমৰ, কমলপুৰৰ প্ৰতিবেদক, ২৭ জুনঃ কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুকোনাত আজি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । কেন্দুকোনা চকত ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত এখন  চলন্ত আল্ট্ৰা বাছত অগ্নিকাণ্ড সংঘটিত হোৱাত সমগ্ৰ অঞ্চলটোত হুৱাদুৱা লাগে । AS14 L5529 নম্বৰৰ বাছখনত  অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
 গুৱাহাটীৰ পৰা পাঠশালালৈ গৈ থকা অৱস্থাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দুকোনাত যান্ত্ৰিক বিজুতিৰ ফলত হঠাৎ  জুই জ্বলি উঠে আল্ট্ৰা বাছ খনত ফলত যাত্ৰীবাহি বাছ খনত যাত্ৰী সকলৰ মাজত আতংকময়  পৰিস্থিতিৰ উদ্ভৱ হয়। ততাতৈয়াকৈ বাছ খনৰ কৰ্মচাৰী তথা স্থানীয় ৰাইজৰ সহযোগিতাত পানী ছতিয়াই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। প্ৰণিধানযোগ্য যে  এই অগ্নিকাণ্ডৰ ফলত দুই এজন যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত হৈছে যদিও সৌভাগ্যক্ৰমে  কোনো এজন যাত্ৰীৰ আঘাত গুৰুতৰ হোৱা নাই।