Logo
image

উত্তৰ গুৱাহাটী মাজগাঁও ফেৰী ঘাটত অঘটন

আমাৰ অসম'ৰ,২৭ জুনঃ  উত্তৰ গুৱাহাটীৰ মাজগাঁও ফেৰী ঘাটত আজি আবেলি এটা শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাটোত ধনজিত ইংতি নামৰ এজন জল পৰিবহন কৰ্মচাৰীয়ে শোকাৱহ ভাৱে মৃত্যুক সাৱতিৱলগীয়া হয় । প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়া মতে আনদিনাৰ দৰে আজিও আবেলি গুৱাহাটী ফেৰী ঘাটৰ পৰা উত্তৰ গুৱাহাটী মাজগাঁও ফেৰী ঘাটলৈ যাত্ৰী সহ আহিছিল  এম ভি পুঠিমাৰী নামৰ জাহাজখন আৰু উক্ত ফেৰীখন পাৰঘাট চপোৱাৰ থিক সময়ত এম ভি বাঘবৰত কৰ্মৰত কৰ্মচাৰী গৰাকী পৰি যায় পানীত । কৰ্মচাৰী জনক উদ্ধাৰ কৰিবলৈ ফেৰী খনত থকা যাত্ৰী তথা কৰ্মচাৰী সকলে আপ্ৰাণ চেষ্টা চলাই যদিও নদীৰ কোবাল সোঁতত হেৰাই যায় যুৱক জন । পৰবৰ্তী সময়ত এচ ডি আৰ এফৰ জোৱানে কৰ্মচাৰী জনৰ মৃতদেহ উদ্ধাৰ কৰে । কৰ্মচাৰী জনৰ মৃত্যুত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰী সকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে ।