Logo
image

কিম্ভূত ৰূপ লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত লাচিত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৮ জুনঃ সমকালীন ৰাজনীতিত অসমীয়া বীৰ লাচিত বৰফুকন অতি প্ৰাসংগিক৷ মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনে কৰা যুদ্ধ আৰু লাচিতৰ শৌৰ্যক সাম্প্ৰতিক সময়ত মহিমামণ্ডিত কৰি তোলাৰ এটা প্ৰয়াস ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চলি আছে৷ বিজেপিয়ে  লাচিতক হিন্দু বীৰ বুলি প্ৰতিষ্ঠা কৰিবলৈকো আপ্ৰান চেষ্টা চলাই আছে৷ অৱশ্যেই সেই কাৰণ ৰাজনৈতিক৷ পিছে তাৰ মাজতে এখন ভাৰতীয় সংবাদপত্ৰ ‘নৱভাৰত টাইমছে’ লাচিত বৰফুকনৰ বীৰত্বৰ গুণ গান গাবলৈ গৈ অসমীয়া বীৰগৰাকীৰ অতি বিকৃত ছবি প্ৰকাশ কৰিছে৷ লাচিতৰ যিকেইখন ছবি নৱভাৰত টাইমছে ব্যৱহাৰ কৰিছে, তাৰ সৈতে আহোম সেনাপতিজনৰ বুৰঞ্জীত বৰ্ণিত চেহেৰাৰ কোনো সাদৃশ্য নাই৷ পনীটেইল বন্ধা চুলি, থুতৰিত ওলমি থকা দাড়ি, ‘৩৫ মিলিমিটাৰ’ৰ চকু, শৰীৰত যুদ্ধৰ অদ্ভূত বৰ্মৰে এয়া যেন জেংগিজ খাঁৰ কোনো সৈনিক বা পালি সেনাপতিহে৷ লাচিত বুলি যিকেইখন ছবি ব্যৱহাৰ কৰা হৈছে, তেনে যোদ্ধা চীনা পুৰণি মাৰ্চিয়েল আৰ্টৰ ছবিতহে দেখা যায়৷ অথবা এই যোদ্ধাক কোনোৱে মংগোলীয় প্ৰাচীন যোদ্ধাৰ সৈতেও সাদৃশ্য থকা বুলি ক’ব খোজে৷ জেংগিজ খাঁৰ পালি সেনাপতিয়েই হওঁক বা কোনো অনামী মংগোলীয় যোদ্ধা, নৱভাৰত টাইমছত সুৰেন্দ্ৰ প্ৰতাপ সিং নামৰ সাংবাদিকে বৰ্ণনা কৰা লাচিতৰ বীৰত্বৰ কাহিনীৰ সৈতে সংযোজিত ছবিৰ সৈতে অসমৰ বীৰ লাচিতৰ কোনো সাদৃশ্য নাই৷ বিকৃত, অতি বিকৃতভাৱে লাচিত বৰফুকনৰ বিষয়ে হোৱা এই প্ৰচাৰৰ বিৰোধিতা, প্ৰতিবাদ ইতিমধ্যে ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে৷ খাটি অসমীয়াই দাবী কৰিছে, অসম চৰকাৰে আনুষ্ঠানিকভাৱে লাচিত বৰফুকনৰ বিকৃতকৰণৰ প্ৰতিবাদ কৰক৷ দিল্লীত লাচিত বৰফুকনক ৰাষ্ট্ৰীয় হিন্দু বীৰ হিচাপে প্ৰতিষ্ঠা কৰা ৰাজ্য চৰকাৰে অন্ততঃ অসমীয়াৰ অনুভূতিত আঘাত কৰা ঘটনাটো সেই একে উৎসাহ আৰু সাহসেৰে মোকাবিলা কৰক৷