Logo
image

অভিন্ন দেৱানী বিধি আসন্ন, মোদী সক্ৰিয়

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৮ জুনঃ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে দেশত অভিন্ন দেৱানী বিধি বলৱৎ কৰিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা-মিছৰ ভ্ৰমণৰ পৰা উভতি আহিয়েই মঙলবাৰে অভিন্ন দেৱানী বিধিক লৈ যিদৰে জঁপিয়াই পৰিছে, তালৈ চাই অনুমান কৰা হৈছে, সাধাৰণ নিৰ্বাচনৰ পূৰ্বেই মোদী চৰকাৰ অভিন্ন দেৱানী বিধি বলৱৎ কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ৷ মঙলবাৰে ভুপালত প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ সমাৱেশত কয়–‘কোনো পৰিয়ালত যদি প্ৰত্যেক সদস্যৰ বাবে ভিন ভিন আইন থাকে তেন্তে কি সংসাৰ চলাব পাৰি? তেনেদৰেই দেশৰ এটা এটা সম্প্ৰদায়ৰ বাবে যদি পৃথক পৃথক আইন থাকে, তেন্তে দেশ  আগুৱাব নোৱাৰে৷ সংবিধানত সকলোৰে বাবে সমান আইনৰ কথা লিখা আছে৷ উচ্ছতম ন্যায়ালয়েও অভিন্ন দেৱানী বিধিৰ পক্ষে কৈছে৷’ ৰাজনৈতিক বিশ্লেষকৰ দাবী, প্ৰধানমন্ত্ৰী যিদৰে অভিন্ন দেৱানী বিধিৰ পক্ষে সক্ৰিয় হৈ পৰিছে, তেওঁৰ চৰকাৰে এই বিধি সাধাৰণ নিৰ্বাচনৰ পূৰ্বেই বলৱৎ কৰাৰ পৰিকল্পনা কৰিছে৷ যদি সেয়াই হয়, তেন্তে এবছৰৰো কম সময়ৰ ভিতৰত দেশৰ পাৰিবাৰিক আইন এখনেই হৈ পৰিব৷ অৰ্থাৎ মুছলিম পাৰ্ছ’নেল ল’ আৰু হিন্দু মেৰেজ এক্ট নামৰ দুখন পাৰিবাৰিক আইন নাথাকিব৷ দুয়োটা ধৰ্মাৱলম্বীৰ বাবেই অভিন্ন দেৱানী বিধি বলৱৎ হ’ব৷ এই বিষয়টোক লৈ দেশত জনমত সৃষ্টিৰ বাবেই মোদীয়ে আজি সক্ৰিয়তাৰে উত্থাপন কৰা বুলি ৰাজনৈতিক বিশে¡ষকে ধাৰণা কৰিছে৷ প্ৰধানমন্ত্ৰীৰ মঙলবাৰৰ বক্তব্যতে সেয়া স্পষ্ট হৈ পৰিছে৷ মোদীৰ দাবী–‘যিসকল তিনি তালাকৰ পক্ষত, তেওঁলোকে মুুছলিম মহিলাৰ প্ৰতি অন্যায় কৰিছে৷ তিনি তালাক যদি ইছলামৰ অপৰিহাৰ্য, তেন্তে মিছৰ, পাকিস্তান, ইন্দোনেছিয়া, বাংলাদেশ, কাতাৰত কিয় তিনি তালাক নাই৷’

প্ৰসংগতঃ, বিজেপি আৰু আৰ এছ এছ-ৰ ঘোষিত সূচীৰ ভিতৰত মোদী চৰকাৰে ৰাম মন্দিৰ, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ কৰ্তন, ‘কা’ বাস্তৱায়িত কৰিছে৷ পূৰ্ব ঘোষিত কৰ্মসূচী অভিন্ন দেৱানী বিধি বলৱৎ কৰা বাকী৷ চৰকাৰৰ দ্বিতীয় কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে মোদী চৰকাৰে অভিন্ন দেৱানী বিধি বলৱৎ কৰি একে সময়তে  কৰ্মসূচী ৰূপায়ণ আৰু তাকে নিৰ্বাচনী আহিলা কৰিবলৈ আগবাঢ়িছে৷ সম্ভৱতঃ ২০২৪ৰ নিৰ্বাচনত বিজেপিৰ ‘ট্ৰাম্প কাৰ্ড’ হ’ব অভিন্ন দেৱানী বিধি৷