Logo
image

২৪খন ৰিলায়েঞ্চ মাৰ্টত সুৰা বিপণী খোলাৰ প্ৰস্তাৱ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ জুনঃ বাৰ কিম্বা ৱাইন শ্বপেই নহয়, এতিয়াৰে পৰা ৰিলায়েন্সৰ শ্বপিং মলতো উপলব্ধ হ’ব বিদেশী সুৰা৷ মুকেশ আম্বানিৰ মালিকানাধী ৰিলায়েন্সে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰতিখন মফচলীয়া চহৰতে মুকলি কৰিছে ৰিলায়েন্স মাৰ্ট তথা ৰিলায়েন্স বজাৰ৷ কাপোৰ, ইলেক্ট্ৰনিক সামগ্ৰী ঔষধৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য  খাদ্য সামগ্ৰীলৈ সকলোৱেই বিক্ৰী কৰে ৰিলায়েন্সত৷  অসমৰ ৰিলায়েন্স মাৰ্টত অচিৰেই উপলব্ধ হ’ব বিদেশী সুৰা৷ ৰিলায়েন্স মাৰ্টত সুৰা বিক্ৰীৰ বাবে কোম্পানী কতৃৰ্পক্ষই ৰাজ্য চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে৷ ৰাজ্যৰ ২৪ খন জিলাৰ ৰিলায়েন্স মাৰ্টত সুৰা বিক্ৰী কৰাৰ বাবে আবকাৰী বিভাগৰ পৰা অনুমতি বিচাৰিছে৷ অৱশ্যে ৰাজ্য চৰকাৰে বৰ্তমান ৰিলায়েন্সৰ প্ৰস্তাৱক বিবেচনাৰ পৰ্যায়ত আছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, ৰিলায়েন্স মাৰ্টত সুৰা উপলব্ধ হোৱাৰ লগে লগে ৰাজ্যৰ থলুৱা সুৰা ব্যৱসায়ীসকললৈ আৰ্থিক লোকচানৰ আশংকা ঘণীভূত হৈ পৰিছে৷ কিয়নো সচৰাচৰ ৰিলায়েন্স মাৰ্টত আন আন সামগ্ৰী সমূহৰ দৰেই এম আৰ পিতকৈ কিছু ৰেহাই মূল্যত সুৰা বিক্ৰী কৰিলে গ্ৰাহকৰ চাহিদা বৃদ্ধি হোৱাটো নিশ্চিত৷ তেনেস্থলত থলুৱা ব্যৱসায়ীৰ ৱাইন শ্বপসমূহত বিক্ৰী হ্ৰাস পাব৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, ৰিলায়েন্স মাৰ্টত সুৰা সুলভ হৈ পৰাৰ লগে লগে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ সুবিধা লোৱাৰ আশংকা আছে৷ নিয়ম অনুসৰি ২১ বছৰ বয়সৰ তলৰ যুৱক-যুৱতীক সুৰা বিক্ৰী কৰাত নিষেধাজ্ঞা আছে৷ ৱাইন শ্বপ সমূহে এই সন্দৰ্ভত সতৰ্কীকৰণ জাননী আঁৰি ৰখা দেখা যায়৷ কিন্তু ৰিলায়েন্স মাৰ্টত বজাৰ কৰাত গ্ৰাহকৰ বয়সৰ কোনো ধৰা বন্ধা নিয়ম নথকাত, ইয়াৰ সুযোগ লৈ কমবয়সীয়া ছাত্ৰ-ছাত্ৰীয়ে মুকলিকৈ সুৰা ক্ৰয় কৰিব পাৰিব৷ ফলত ভৱিষ্যত প্ৰজন্মৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ আশংকাই দেখা দিছে৷ অৱশ্যে আবকাৰী ৰাজহেৰে কোষাগাৰ চহকী কৰা ৰাজ্য চৰকাৰৰ  ৰিলায়েন্সৰ প্ৰস্তাৱক সন্মতি দিব নে নাই, সেয়া সময়তহে স্পষ্ট হ’ব৷