Logo
image

ইমান দুৰ্ঘটনা কিয়? উপায়ুক্তৰ বৈঠকত হুমকি মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জুনঃ ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা৷ দুৰ্ঘটনা  বৃদ্ধিত উদ্বিগ্ন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ পথ দুৰ্ঘটনা বৃদ্ধিৰ প্ৰসংগত আজি জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বৈঠকত বহিল মুখ্যমন্ত্ৰী৷ ডিচি, এছপিক মুখ্যমন্ত্ৰীয়ে দিলে হুমকি– ‘ইমান দুৰ্ঘটনা কিয়৷’ বিগত ৩ মাহত ৰাজ্যত পথ দুৰ্ঘটনাত মৃত্যু হৈছে ১৪৩৬ জন লোকৰ৷ বিগত মে’ মাহত ৰাজ্যত সৰ্বাধিক দুৰ্ঘটনা সংঘটিত হৈছে কামৰূপ জিলাত৷ জিলাখনত মে’ মাহত ৩২টা পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ ইয়াৰ পাছতে কামৰূপ মহানগৰ জিলাত বিগত মে’ মাহত ২৫টা পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ নগাঁৱত ২৪টা পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ উল্লেখ্য ২০২২ চনৰ জানুৱাৰী-মে’ মাহৰ পৰা ৰাজ্যত ২৮৯৯ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ কিন্তু চলিত বৰ্ষৰ জানুৱাৰী-মে’ মাহলৈ ৰাজ্যত ৩১৯১ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ চলিত মে’-জুন মাহতে ৰাজ্যত পথ দুৰ্ঘটনাত ৩০৬ জন লোকৰ মৃত্যু ঘটিছে৷ এনে পৰিস্থিতিত আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এখন জৰুৰী বৈঠকত মিলিত হয়৷ ৰাজ্য চৰকাৰৰ উচ্ছপদস্থ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত ৰাজ্যখনত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ সন্দৰ্ভত পৰিবহন বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আন্তগাঁথনি উন্নয়ন নিগম, লোকনিৰ্মাণ [এন এইছ], লোকনিৰ্মাণ [পথ] বিভাগৰ সৈতে পৰ্যালোচনা কৰে৷ যোৱা বছৰৰ তুলনাত এই বছৰ ৰাজ্যখনত পথ দুৰ্ঘটনা জনিত ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত মুখ্যমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰে আৰু কি কাৰণত এই পথ দুৰ্ঘটনাসমূহ সংঘটিত হৈছে তাক বিশ্লেষণ কৰি প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে৷ বৈঠকত ৰাজ্যখনত ইতিমধ্যে চিনাক্ত কৰা ১৩২ টা সঘন দুৰ্ঘটনাপ্ৰৱণ অঞ্চলত [ব্লেকস্পটসমূহত] যান-বাহন সুৰক্ষিতভাৱে চলাচলৰ বাবে সংশ্লিষ্ট বিভাগসমূহে লোৱা স্থায়ী সমাধানৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰে৷ মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক জিলাসমূহত থকা ব্লেকস্পটসমূহত সংশ্লিষ্ট বিভাগসমূহে লোৱা পদক্ষেপসমূহ চৰজমিন পৰ্যবেক্ষণ কৰি যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ তেওঁ লগতে সুৰা সেৱন কৰি গাড়ী চলোৱা, হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলোৱা, ভুল দিশত গাড়ী চলোৱা লোকসকলৰ বিৰুদ্ধে যান-বাহন আইনৰ অধীনত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা আৰু তেনে লোকৰ বাহন চালনৰ অনুজ্ঞাপত্ৰসমূহ বাতিল কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে৷ এতিয়াৰ পৰা সুৰাপান কৰি গাড়ী চলালে চালকক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে৷ দুৰ্ঘটনা সংঘটিত কৰা গাড়ীৰ ছমাহৰ বাবে বাতিল কৰা হ’ব আৰচি৷ মুখ্যমন্ত্ৰীয়ে গ্ৰামাঞ্চলত হেলমেট পৰিধান বাধ্যতামূলক কৰাৰ বাবে পৰিবহণ আৰু আৰক্ষী বিভাগক কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে৷ তেওঁ লগতে শ্ৰীৰামপুৰ গেটেৰে বহিঃৰাজ্যৰ পৰা প্ৰৱেশ কৰা প্ৰতিখন বাহনৰ লগতে অহা ১ ছেপ্টেম্বৰ ভিতৰত ৰাজ্যখনত থকা প্ৰতিখন যান-বাহনে যাতে পিছফালে ৰিফ্লেক্টৰ সংলগ্ন কৰে সেই দিশত যাৱতীয় পদক্ষেপ লৈ তাক সুনিশ্চিত কৰাৰ বাবেও কয়৷ গ্ৰাম্যপথৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথত পথ দূৰ্ঘটনা ৰোধ কৰিবলৈ স্পীড ব্ৰেকাৰ স্থাপন কৰাৰ লগতে উক্ত স্থানত সকলোৰে চকুত পৰাকৈ পৰ্যাপ্ত পথচিহ্নৰ  ব্যৱস্থা কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে পথ সুৰক্ষাৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে বিশেষকৈ যুৱ চামক এইক্ষেত্ৰত অধিক সজাগ কৰিবলৈ মহাবিদ্যালয়সমূহত বাটৰ নাট অনুষ্ঠিত কৰাৰ লগতে পথ সুৰক্ষাৰ সন্দৰ্ভত সৰু সৰু ভিডিঅ’ প্ৰস্তুত কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিবলৈ পৰিবহন বিভাগক কয়৷ এই ভিডিঅ’ সমূহ প্ৰতিটো চৰকাৰী অনুষ্ঠান আৰম্ভ হোৱাৰ আগত প্ৰদৰ্শন কৰাটো সুনিশ্চিত কৰাৰ বাবে যাৱতীয় নিৰ্দেশাৱলী প্ৰদান কৰিবলৈও তেওঁ মুখ্য সচিবক নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে লগতে পথ নিৰ্মাণৰ প্ৰকল্প লোৱাৰ সময়ত পথ সুৰক্ষাৰ দিশটো সন্মুখত ৰাখি পথৰ নক্সা প্ৰস্তুত কৰা আৰু এইক্ষেত্ৰত অভিযন্তাসকলক লৈ কৰ্মশালা আয়োজন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ জনসাধাৰণে যাতে পথ দুৰ্ঘটনাৰ ভয়াৱহতা অনুভৱ কৰিব পাৰে তাৰ বাবে প্ৰতি মাহে সংবাদ মাধ্যমৰ জৰিয়তে দুৰ্ঘটনাৰ পৰিসংখ্যা দাঙি ধৰিবলৈও পৰিবহণ আৰু আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰতি তিনিমাহৰ অন্তৰে অন্তৰে পৰিবহন মন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে সংশ্লিষ্ট বিভাগসমূহৰ সৈতে বিষয়সমূহ পৰ্যালোচনা কৰিব৷ মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক নিৰ্মাণকাৰ্য চলি থকাৰ সময়ত শ্ৰমিকসকলে যাতে সুৰক্ষা মূলক ব্যৱস্থা গ্ৰহণ কৰে সেইটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে৷ আজিৰ এই বৈঠকত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালকৰ প্ৰধান জি পি সিং, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা প্ৰমুখ্যে আৰক্ষী বিভাগ, পৰিবহন বিভাগ আৰু লোকনিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷ আজিৰ বৈঠকত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সদৰি কৰে যে অসম পুলিচে প্ৰতিমাহে যান-বাহনৰ ফাইন আৰোপৰ পৰা ৩ কোটি টকা সংগ্ৰহ কৰে৷ ২০২২-২৩ বৰ্ষত ২৪.৬৮ কোটি টকাৰ জৰিমণা সংগ্ৰহৰ বিপৰীতে চলিত বৰ্ষত ৫০.৪০ কোটি টকাৰ জৰিমণা সংগ্ৰহ কৰা হৈছে৷