Logo
image

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া মাধ্যম প্ৰত্যাহাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জুনঃ যি সময়ত বিশ্ববিদ্যালয় অনুদান আয়োগে [ইউজিচি] দেশৰ বিশ্ববিদ্যালয় তথা উচ্ছশিক্ষাৰ প্ৰতিষ্ঠানসমূহক মাতৃভাষা মাধ্যমতে ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান আহৰণ তথা পৰীক্ষাত লিখাৰ বাবে অনুমতি দিবলৈ পৰামৰ্শ দিছে, যি সময়ত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমো মাতৃভাষাত প্ৰস্তুত কৰিবৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে পূৰ্ণগতিত  প্ৰস্তুতি চলাইছে– সেই সময়তে ৰাজ্যৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়, কোক্‌ৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত ঘটিছে সম্পূৰ্ণ বিপৰীত ঘটনা৷ দেশৰ নতুন শিক্ষানীতি তথা ইউজিচিৰ ঘোষিত নীতিৰ বিপৰীতে বড়োলেণ্ড বিশ্ববিদ্যালয় কতৃৰ্পক্ষই স্নাতক পৰ্যায়ত অসমীয়া মাধ্যম প্ৰত্যাহাৰ কৰিছে৷ এয়া নিঃসন্দেহে অসমীয়া ভাষাৰ ওপৰত প্ৰচণ্ড আঘাত, অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিষাদৰ বতৰা৷ চলিত বৰ্ষৰ ২৮ মাৰ্চত অনুষ্ঠিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহত স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে আধুনিক ভাৰতীয় ভাষাৰ বাহিৰে [এমআইএল] আন সকলো বিষয়ত মেজৰৰ পৰীক্ষাৰ উত্তৰবহীত কেৱল ইংৰাজীতহে লিখিব পাৰিব৷ স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত ইংৰাজীত লিখাটো বাধ্যতামূলক কৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ে৷ ইয়াৰ পোনপটীয়া অৰ্থ হ’ল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ ৫৯খন কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়াৰ পৰা মেজৰৰ পৰীক্ষাত পূৰ্বৰ দৰে অসমীয়াত লিখিব নোৱাৰিব৷ ২৮ মাৰ্চত অনুষ্ঠিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ বৈঠকৰ সিদ্ধান্ত মৰ্মেই ২৬ জুনত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পঞ্জীয়কে এক জাননী জাৰি কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰে– ‘বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজৰ স্নাতক মেজৰ, বৃত্তিগত পাঠ্যক্ৰমত ইংৰাজীত লিখাটো বাধ্যতামূলক কৰা হৈছে৷’ পোনপটীয়াকৈ নক’লেও জাননীখনত এইদৰেও ইংগিত দিয়া হৈছে যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজসমূহৰ স্নাতক শ্ৰেণীৰ পাছ কোৰ্চ বা সাধাৰণ পাঠ্যক্ৰমতো পৰ্যায়ক্ৰমে অসমীয়া ভাষাত লিখাটো বন্ধ কৰা হ’ব৷ ছাত্ৰ-ছাত্ৰীসকলে পাছ কোৰ্চত অসমীয়াত লিখাটো ষ্টাডি মেটেৰিয়েলৰ ওপৰত নিৰ্ভৰ কৰিব বুলিও জাননীখনত উল্লেখ কৰা হৈছে৷ বড়োলেণ্ড বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ এই অসমীয়া ভাষাবিদ্বেষী কাৰ্যই বিটিএডিৰ অসমীয়াভাষীসকলৰ লগতে সমস্ত অসমীয়াভাষীৰ আৱেগ-অনুভূতিত আঘাট হানিছে৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজসমূহৰ সেইসকল ছাত্ৰ-ছাত্ৰী ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে– যিসকলৰ মাতৃভাষা অসমীয়া৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অসমৰ বিভিন্ন শ্ৰেণীৰ ৰাইজ আৰু দল-সংগঠনৰ তীব্ৰ বিৰোধ আৰু প্ৰতিবাদৰ পাছতে হিমন্তবিশ্ব শৰ্মা চৰকাৰে বিদ্যালয়ত  ষষ্ঠ শ্ৰেণীৰ পৰাই অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত পঢ়ুৱাবৰ বাবে উঠিপৰি লাগিছে৷ অসম চৰকাৰৰ এই অসমীয়া তথা মাতৃভাষাবিৰোধী সিদ্ধান্তত উৎসাহিত হৈয়েই হয়তো বড়োলেণ্ড বিশ্ববিদ্যালয়ে যুদ্ধকালীন তৎপৰতাৰে স্নাতক পৰ্যায়ৰ মেজৰ পাঠ্যক্ৰমৰ পৰা অসমীয়া মাধ্যমক বিদায় দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্তক লৈ ৰাজ্যৰ বৌদ্ধিক তথা শৈক্ষিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই সন্দৰ্ভত অসম সাহিত্য সভা আৰু আছুকে ধৰি জাতীয় সংগঠনসমূহৰ ভূমিকা কেনে হ’ব সেয়া নি(য় লক্ষণীয় হ’ব৷ কোৱা বাহুল্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি এটা অসমীয়া ভাষাবিৰোধী চক্ৰ সক্ৰিয় হৈ থকাৰ অভিযোগ বহুদিনীয়া৷ শেহতীয়াভাৱে কাৰো দাবী বা হেঁচা অবিহনেই বড়োলেণ্ড বিশ্ববিদ্যালয়ে স্নাতক শ্ৰেণীৰ মেজৰ পাঠ্যক্ৰমৰ পৰা অসমীয়া মাধ্যমক বিতাড়ন কৰা আৰু স্নাতক শ্ৰেণীৰ সাধাৰণ পাঠ্যক্ৰমৰ পৰাও অসমীয়া মাধ্যমক বিদায় দিবলৈ চলোৱা প্ৰচেষ্টাই ৰাজ্যজুৰি যে ক্ষোভৰ জুই জ্বলাব সেয়া কাৰ্যতঃ নিশ্চিত৷