Logo
image

মোদীক প্ৰশ্ন সোধা সাংবাদিক ছাব্ৰিনাক নিগ্ৰহ গৰিহণা হোৱাইট হাউছৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জুনঃ সদ্যসমাপ্ত আমেৰিকা ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰি চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে ‘দ্য ৱাল ষ্ট্ৰীট জাৰ্নাল’ৰ ৰাজনৈতিক সাংবাদিক ছাব্ৰিনা ছিদ্দিকি৷ ছাব্ৰিনাৰ বিৰুদ্ধে অনলাইনত প্ৰচণ্ড আক্ৰমণ চলোৱাসকল ভাৰতীয় বুলি চিহ্নিত কৰি হোৱাইট হাউছে এনে আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে৷ ছাব্ৰিনা ছিদ্দিকিয়ে প্ৰধানমন্ত্ৰী মোদীক সংখ্যালঘু আৰু গণতন্ত্ৰ সম্পৰ্কীয় প্ৰশ্ন কৰি মুলতঃ ভাৰতীয় নাগৰিকৰ পৰা উপৰ্যুপৰি আক্ৰমণৰ সন্মুখীন হৈছে৷ হোৱাইট হাউছে এগৰাকী সাংবাদিকৰ প্ৰতি এই ব্যক্তিগত আক্ৰমণক ‘চৰম অনলাইন নিগ্ৰহ’ বুলি বৰ্ণনা কৰি এই নিগ্ৰহৰ বিৰুদ্ধাচৰণ কৰিছে৷ হোৱাইট হাউছৰ শীৰ্ষ বিষয়া জন কিৰ্বিয়ে ‘ৱাল ষ্ট্ৰীট জাৰ্ণাল’ৰ প্ৰশ্নৰ প্ৰতি সহাঁৰি জনাই কৈছে যে, তেওঁলোকৰ এগৰাকী সাংবাদিক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ বিষয়ে হোৱাইট হাউছ অৱগত৷ ‘ৱাল ষ্ট্ৰীট জাৰ্নালে’ জনায়, তেওঁলোকৰ সাংবাদিক ছাব্ৰিনা ছিদ্দিকিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক প্ৰশ্ন কৰাৰ বাবে ভাৰতৰ ভিতৰৰ পৰা চৰম অনলাইন নিগ্ৰহৰ সন্মুখীন হৈছে৷ তেওঁক মুছলিম ধৰ্মাৱলম্বী হোৱাৰ বাবেও আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি সংবাদ পত্ৰখনে জনাইছে৷ ছাব্ৰিনাক মুলতঃ ভাৰতীয় নাগৰিকে অনলাইনত চলোৱা নিগ্ৰহক ধিক্কাৰ আৰু গৰিহণা দি হোৱাইট হাউছৰ শীৰ্ষ বিষয়া জন কিৰ্বিয়ে কয়–‘এয়া মুঠেই গ্ৰহণযোগ্য নহয়৷ তেওঁক চলোৱা এই নিগ্ৰহক আমি গৰিহণা দিছো৷ যিকোনো পৰিস্থিতিত, যিকোনো স্থানত এগৰাকী সাংবাদিকৰ ক্ষেত্ৰত আমাৰ স্থিতি একেই, ছাব্ৰিনাৰ ক্ষেত্ৰতো পৃথক নহয়৷ এনে নিগ্ৰহ কোনোমতেই গ্ৰহণযোগ্য নহয়৷ এয়া গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি আক্ৰমণ৷’ উল্লেখ্য, জন কিৰ্বি হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মুখ্য সমন্বয়ক৷ জন কিৰ্বিৰ এই বিবৃতিৰ পাছত হোৱাইট হাউছৰ পডিয়ামৰ পৰা হোৱাইট হাউছৰ প্ৰেছ সচিব কাৰেন জিন পিয়েৰে কয়–‘মই জনে আগবঢ়োৱা বিবৃতিৰ পাছত আমাৰ স্থিতি আৰু পৰিষ্কাৰ কৰি জনাব বিচাৰিছো৷ আমি নিশ্চিতভাৱে হোৱাইট হাউছৰ প্ৰশাসনৰ অধীনত আছো আৰু আমি সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰতি পূৰ্ণৰূপত উৎসৰ্গীত৷ মুক্ত সাংবাদিকতাৰ স্বাৰ্থতে আমি বিগত সপ্তাহত সংবাদমেল আয়োজন কৰিছিলো৷ ইয়াৰ লগতে আমি এগৰাকী সাংবাদিকক হোৱাইট হাউছৰ সংবাদমেলৰ পাছত তেওঁৰ প্ৰশ্নৰ বাবে কৰা নিগ্ৰহক কঠোৰ ভাষাৰে গৰিহণা দিছো৷’

প্ৰসংগতঃ হোৱাইট হাউছত প্ৰধানমন্ত্ৰী মোদী মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে সংবাদমেলত উপস্থিত আছিল৷ ২০১৪ চনৰ পৰা বিগত দুটা কাৰ্যকালত কোনো সংবাদমেল আয়োজন নকৰা আৰু সাংবাদিকৰ পৰা আঁতৰি থকা একমাত্ৰ ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে অভিলেখ সৃষ্টি কৰা নৰেন্দ্ৰ মোদীক হোৱাইট হাউছত ছাব্ৰিনাই সুধিছিল–‘বহু মানৱাধিকাৰ সংগঠনে ভাৰতত বৈষম্য হোৱা আৰু সমালোচকক মুখ বন্ধ কৰি ৰখা বুলি আলোচনা কৰে৷ আপোনালোকৰ চৰকাৰে ভাৰতত সংখ্যালঘু মুছলিম আৰু আন সংখ্যালঘুৰ অধিকাৰ সুনিশ্চিত কৰা তথা বাক স্বাধীনতাৰ অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা ল’ব?’ এই প্ৰশ্নৰ উত্তৰত মোদীয়ে ভাৰতত গণতন্ত্ৰ থকা আৰু সেইবাবেই কোনো বৈষম্য নথকা বুলি আওপকীয়া উত্তৰ দিছিল৷

এই প্ৰশ্নোত্তৰে ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু অনলাইনত ছাব্ৰিনাৰ বিৰুদ্ধে ভাৰতৰ পৰা উপৰ্যুপৰি আক্ৰমণৰ সূচনা হয়৷ এই আক্ৰমণৰ গুৰি ধৰে বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই৷ তাৰ পাছতে বিজেপিৰ অগণিত ভক্ত আক্ৰমণত জঁপিয়াই পৰে৷ অৱশেষত এই আক্ৰমণ নিগ্ৰহলৈ পৰ্যবসিত হোৱাত ‘ৱাল ষ্ট্ৰীট জাৰ্নালে’ হোৱাইট হাউছৰ হস্তক্ষেপ কামনা কৰে৷