Logo
image

পুনৰ আন্দোলন নকৰাৰ বণ্ডত চহী কৰাইহে এৰি দিলে বিক্ষোভকাৰীক

‘আমাৰ অসম’ৰ গুৱাহাটী আৰু শিৱসাগৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জুনঃ পুনৰ গণতন্ত্ৰ ধবংসৰ অভিযান আৰম্ভ হৈছে ৰাজ্যত৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকা উত্তপ্ত হৈ পৰাৰ সময়ত গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে প্ৰশাসন৷ ইয়াৰ অংশৰূপে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ  শিৱসাগৰ জিলাত গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰতিবাদী জনতাক প্ৰশাসনে পুনৰ আন্দোলন নকৰাৰ বণ্ডত চহী কৰাই এৰি দিয়া হৈছে৷ এই কাৰ্যই ৰাজ্যৰ সৰ্বত্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে৷ শিৱসাগৰ আৰু বৰাকত প্ৰতিবাদী জনতাক আটক কৰি ব’ণ্ডত চহী লৈছে এৰি দিয়াক লৈ উত্তাল বিভিন্ন দল সংগঠন৷ উল্লেখ্য,  শিৱসাগৰ জিলাত দল-সংগঠনৰ প্ৰতিবাদত তথা চৰকাৰৰ দৃষ্টিত অবাধ্য নেতাক ব’ণ্ড ছাইনেৰে তলা লগোৱাকাৰ্য অব্যাহত ৰাখিছে শিৱসাগৰ জিলা প্ৰশাসনে৷ বিগত দিনত শিৱসাগৰৰ বহুকেইটা দল-সংগঠনৰ নেতাক ব’ণ্ড ছাইন কৰি চৰকাৰৰ বিৰুদ্ধে আন্দোলন-প্ৰতিবাদ নকৰিবলৈ বাধ্য কৰোৱাৰ পাছত এইবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকাক চৰকাৰী শিকলিৰ জালত পেলায় শিৱসাগৰ জিলা প্ৰশাসনে৷ চৰকাৰৰ নিৰ্দেশনাত শিৱসাগৰ জিলা দণ্ডাধীশজনে ইতিমধ্যে লঘু গোচৰত শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনত গ্ৰেপ্তাৰ কৰাৰ লগতে চিতু বৰুৱা, প্ৰশান্ত বৰগোহাঁই, বিষ্ণু শইকীয়া আদিকে ধৰি বহুকেইজন দল-সংগঠনৰ নেতাক আৰক্ষীৰ দ্বাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ নি ব’ণ্ড ছাইন কৰাই ভৱিষ্যতৰ দিনত এবছৰৰ বাবে চৰকাৰবিৰোধী আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দি অন্যথা গ্ৰেপ্তাৰ কৰাৰ ভাবুকি প্ৰদান কৰিছিল৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰিতুমণি হাজৰিকাই বিগত দিনবোৰত সমষ্টি পুনৰনিৰ্ধাৰণক লৈ সৰৱ হোৱাৰ লগতে বহু প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব লৈছিল৷ আমগুৰি সমষ্টি বিলুপ্তকৰণৰ বিৰোধিতা কৰাৰ লগতে হাজৰিকাই সমষ্টি পুনৰনিৰ্ধাৰণৰ প্ৰস্তাৱিত খচৰা বাতিল কৰিবলৈ উঠি-পৰি লাগিছিল৷ ৰিতুমণি হাজৰিকাৰ এনে ভূমিকাত সন্ত্ৰষ্ট হৈ কালি নিশা হালোৱাটিং থানাৰ আৰক্ষীয়ে নিজঘৰৰ সমীপৰ পৰা ৰিতুমণিক আটক কৰি আমগুৰি থানাত চমজাই দিয়ে৷ ৰিতুমণিৰ পৰিয়ালৰ লোকক কোনো কথা নজনোৱাকৈ ঘাগু অপৰাধীৰ দৰে আমগুৰি থানাৰ আৰক্ষীয়ে নিশা ১১বজাত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত দণ্ডাধীশৰ আগত হাজিৰ কৰাই ব’ণ্ডত স্বাক্ষৰ কৰাই আগন্তুক এটা বছৰলৈ কোনো চৰকাৰবিৰোধী আন্দোলনত অংশ নল’বলৈ সকীয়াই দিয়ে দণ্ডাধীশে৷ উল্লেখ্য, আমগুৰি অঞ্চলৰ বহুকেইজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য-নেতাক ইতিমধ্যে শিৱসাগৰ জিলা দণ্ডাধীশে ব’ণ্ড ছাইন কৰোৱা বুলি জানিব পৰা গৈছে৷ এইখন চৰকাৰৰ দিনত যে খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব কৰা হৈছে সেয়া এনে ব’ণ্ড ছাইনসমূহে প্ৰমাণ কৰে৷

বণ্ডত চহী লৈ গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰাৰ অপচেষ্টা

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি বিভিন্ন অংশৰ ৰাইজৰ মাজত যে ক্ষোভৰ উদ্‌গীৰণ হৈছে সেয়া বৰাক উপত্যকাৰ সৰ্বাত্মক সাধাৰণ ধৰ্মঘটৰ মাজেৰে আকৌ এবাৰ স্পষ্ট হৈছে৷ বৰাক উপত্যকাৰ সৰ্বসাধাৰণ ৰাইজে উপত্যকাটোত দুখন আসন কৰ্তন কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে৷ ভয় ভাবুকিৰে এই ধৰ্মঘট বিফল কৰাৰ বাবে পুলিচ প্ৰশাসনে দুদিন আগৰে পৰা নানা পদক্ষেপ হাতত লৈছিল যদিও ৰাইজে সৰ্বাত্মক ৰূপত ধৰ্মঘট সফল কৰি তোলে৷ চিপিআই[এম]অসম ৰাজ্যিক কমিটীয়ে বৰাকবাসীক অভিনন্দন জ্ঞাপন কৰিছে৷ ধৰ্মঘটৰ সফলতাত অসম চৰকাৰ বাৰুকৈয়ে বিব্ৰত হৈ বিৰোধী নেতাসকলক সম্পূৰ্ণ অগণতান্ত্ৰিক বণ্ডত চহী কৰিবলৈ হেঁচা প্ৰয়োগ কৰে৷ আজি ধৰ্মঘটৰ সময়ত চিপিআই[এম]ৰ কাছাৰ জিলা কমিটীৰ সম্পাদক দুলাল মিত্ৰকে ধৰি কেবাগৰাকী ৰাজনৈতিক নেতাক আটক কৰি এবছৰৰ বাবে এই বিষয়ত সভা-সমাৱেশ, ৰাজহুৱা বক্তব্য নতুবা ৰাজহুৱা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰা বিৰত থকাৰ বণ্ডত চহী কৰিলেহে মুকলি কৰা হ’ব বুলি পুলিচ প্ৰশাসনে হেঁচা প্ৰয়োগ কৰে৷ চিপিআই[এম]সহ বিৰোধী নেতাসকলে এই অগণতান্ত্ৰিক বণ্ডত চহী কৰিবলৈ অস্বীকাৰ কৰে৷ কিয়নো শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ নাগৰিকৰ এক মৌলিক অধিকাৰ৷ বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ভয় ভাবুকিৰে গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰাৰ স্বৈৰতান্ত্ৰিক আৰু স্বেচ্ছাচাৰী পদক্ষেপৰ বিৰুদ্ধে সকলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে চিপিআই[এম]এ আহ্বান জনায়৷ আটকাধীন ৰাজনৈতিক নেতাসকলৰ অনমনীয় স্থিতিৰ বাবে বণ্ড অবিহনেই প্ৰশাসনে আটকাধীন ব্যক্তিসকলক মুক্তি দিবলৈ বাধ্য হয়৷