Logo
image

ৰাজকোষ ভৰোৱাৰ লক্ষ্যৰে ৰাজ্যত পুনৰ সুৰাৰ মূল্যবৃদ্ধি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ জুনঃ ৰাজকোষ উদং চৰকাৰে এতিয়া যেন কৰ সংগ্ৰহৰ কোনো সুযোগেই এৰি দিব বিচৰা নাই৷ হিতাধিকাৰীক সন্তুষ্টি কৰাৰ বাবে ঋণ লৈ তৎ নোপোৱা অৱস্থাৰ সৃষ্টি হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বাবে এই মুহূৰ্তত আশা-ভৰসাৰ কেন্দ্ৰ হৈ পৰিছে সুৰাপায়ীসকল৷ অৰ্থাৎ আবকাৰী ৰাজহৰ জৰিয়তে ৰাজকোষ টনকিয়াল কৰাৰ কৰাৰ পৰিকল্পনা কৰিছে৷ সেই পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ বাবে বিজেপি-মিত্ৰজোঁটৰ চৰকাৰখনে লক্ষ্য কৰি লৈছে মদাহীক আবকাৰী ৰাজহৰ হাৰ বৃদ্ধি কৰাৰ স্বাৰ্থত পুনৰবাৰ সুৰাৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে৷ আবকাৰী বিভাগে বিলাতী সুৰাৰ দাম ন্যুনতম ৪ শতাংশৰ পৰা ২০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিব৷ পহিলা জুলাইৰ পৰাই কাৰ্যকৰী সুৰাকৈ সুৰাৰ মূল্য বৃদ্ধি কৰিব চৰকাৰে৷ এই সন্দৰ্ভত দুই-এদিনৰ ভিতৰতে আবকাৰী বিভাগে ৰাজপত্ৰিত জাননীও জাৰি কৰিব৷ যাৰ পৰিপ্ৰেক্ষিতত বিদেশী সুৰাৰ প্ৰতিটো ব্ৰেণ্ডৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ পূৰ্বেও ৰাজ্য চৰকাৰে সুৰাৰ মূল্য বৃদ্ধি কৰিছিল৷ চলিত বৰ্ষত আবকাৰী ৰাজহ ৩ হাজাৰ কোটি টকা আহৰণ কৰাৰ লক্ষ্যৰে সুৰাৰ মূল্য বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে৷ লক্ষণীয়ভাৱে ৰাজ্য চৰকাৰে ২০২২-২৩ বিত্তীয় বৰ্ষত ২,৪১২ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও উক্ত বৰ্ষটোত ২,২০১.৯৪ কোটি টকাহে ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু চলিত বিত্তীয় বৰ্ষত ৩ হাজাৰ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰাত সেই লক্ষ্য পূৰণৰ বাবে সুৰাৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হৈছে চৰকাৰে৷ আনহাতে ৰাজ্যত বৰ্তমান ১,৭০৮খন বিদেশী সুৰা বিপণী থকাৰ বিপৰীতে ৮৬৩খন দেশীয় সুৰাৰ বিপণী আছে৷ কিন্তু চৰকাৰে আবকাৰী ৰাজহৰ স্বাৰ্থত নতুনকৈ ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবেও প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ ২০২২-২৩ বৰ্ষৰ পৰা ২০২৭-২৮ বৰ্ষলৈ মুঠ ৬টা বছৰত সুৰাৰ পৰাই ২০ হাজাৰ কোটি টকা ৰাজহ সংগ্ৰহৰো পৰিকল্পনা আছে আবকাৰী বিভাগৰ৷ হিতাধিকাৰীক মাহে মাহে আৰ্থিক সাহায্য দিয়াৰ স্বাৰ্থতেই আবকাৰী ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে বিজেপি চৰকাৰে এতিয়া যেন গাঁৱৰ পদূলিয়ে পদূলিয়ে মদৰ বিপণী খুলিছে৷ শেহতীয়াকৈ ৰিলায়েন্স মাৰ্টতো সুৰা বিক্ৰীৰ অনুমতি বিচাৰি চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে মুকেশ আম্বানি গ্ৰুপে৷