Logo
image

সেই ‘বন্ধু’ আহিয়েই হেণ্ডকাফ পিন্ধালে প্ৰৱঞ্চক জয়ন্তক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ জুনঃ ‘আত্মীয় কিম্বা বন্ধু হ’লেও অপৰাধী তথা অভিযুক্তৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰাটো অসম আৰক্ষীৰ ধৰ্ম৷’– অসম আৰক্ষীৰ এই নীতি বচন আখৰে আখৰে পালন কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গুৱাহাটীৰ গীতানগৰ থানাৰ এজন আৰক্ষী বিষয়া৷ প্ৰৱঞ্চক বন্ধুক কোনো ৰেহাই নিদি বাকচৰ ভিতৰত লুকাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি চৰ্চাৰ মধ্যমণি হৈ পৰা আৰক্ষী বিষয়াজন হৈছে প্ৰিয়ব্ৰত শৰ্মা৷ গুৱাহাটীৰ গীতানগৰ থানাৰ এছআই প্ৰিয়ব্ৰত শৰ্মাই প্ৰৱঞ্চকৰূপে পৰিচিত বন্ধু জয়ন্ত দাসক নিজ হাতে হেণ্ডকাফ পিন্ধোৱা কাৰ্যই স্বাভাৱিকতেই চৰ্চা লাভ কৰিছে৷ আৰক্ষী বিষয়াজনে বন্ধুত্ব সম্পৰ্ক থাকিলেও ৰেহাই নিদিয়া প্ৰৱঞ্চক জয়ন্ত দাসৰ কু-কাহিনী শুনিলে সকলোৰে চকু কপালত উঠিব৷  ব’হাগ বিহুত গীতানগৰ থানাত আৰক্ষীৰ সৈতে বিহু নৃত্য কৰা, ঘৰৰ কাষৰ থানা হোৱাৰ সুযোগতে গীতানগৰ থানালৈ অবাধ অহা-যোৱা থকা ৪২০ জয়ন্ত এতিয়া নিজেই গীতানগৰ থানাৰ লকআপৰ আলহী হ’বলগীয়া হ’ল৷ কিছুদিন আগলৈকে গীতানগৰ থানাৰ সন্মুখত বিলাসী ফৰচুনাৰ বাহনৰ পৰা নামি আগে-পিছে বাউঞ্চাৰক লগত লৈ থানাৰ ভিতৰত ডেমকেয়াৰ প্ৰৱেশ কৰি আৰক্ষীৰ সৈতে হাঁহি হাঁহি ফটো তোলা প্ৰৱঞ্চক জয়ন্তই অৱশেষত হেণ্ডকাফসহহে প্ৰৱেশ কৰিলে৷ গীতানগৰ থানালৈ সঘন অহা-যোৱা থকা প্ৰৱঞ্চক জয়ন্তৰ থানাখনৰ আৰক্ষী বিষয়াসকলৰ সৈতেও আছিল ঘনিষ্ঠ সম্পৰ্ক৷ সেই সূত্ৰে বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি তোলে এছআই প্ৰিয়ব্ৰত শৰ্মাৰ সৈতে৷ অৱশ্যে যিজন আৰক্ষী বিষয়াৰ সৈতে কিছুদিন একেশাৰীতে গাত গা লগাই বহি ছ’চিয়েল মিডিয়া ফেচবুকত ‘বন্ধুৰ সৈতে বিশেষ মুহূৰ্ত’ বুলি ষ্টেটাচ লিখি ফটো আপলোড কৰা প্ৰৱঞ্চক জয়ন্তই বিধিৰ বিপাকত অৱশেষত ফটোত বন্ধু বুলি পৰিচয় দিয়া আৰক্ষী বিষয়াজনৰ হাততেই গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল৷ আপুনি শুনিলে আচৰিত হ’লেও প্ৰৱঞ্চক জয়ন্ত দাসৰ দৈনন্দিন জীৱনশৈলী দেখিলে কল্পনাও কৰিব নোৱাৰিব সি যে এটা মহা ঠগ৷ ডিঙিত মোটা সোণৰ চেইন পৰিধান কৰাই নহয়, প্ৰৱঞ্চক জয়ন্তই সোঁৱে-বাঁৱে ৰাখিছিল কেইবাটাও বাউঞ্চাৰ৷ ঠগ-প্ৰৱঞ্চনাৰে বিভিন্নজনৰ ধন সৰকোৱা গীতানগৰৰ নাৰিকলবস্তিৰ গৃহ নং-১৬১ নিৱাসী ৪৩ বছৰীয়া জয়ন্ত দাসে ৰাজকীয় জীৱন অতিবাহিত কৰিছিল৷ এক কথাত আনৰ টকাৰে সমাজ সেৱকৰ পৰিচয় দি গীতানগৰ অঞ্চলত প্ৰভাৱশালী ব্যক্তি হিচাপেও চৰ্চিত হৈছিল জয়ন্ত দাস৷ কিন্তু ‘এশ গৰু মাৰিলে বাঘৰো মৰণ’– এই আপ্তবাক্যশাৰীৰ দৰেই আৰক্ষী বিষয়াক বন্ধু বুলি পৰিচয় দি ঘনিষ্ঠতাৰ প্ৰমাণ দিবলৈ থানাৰ ভিতৰত একেলগে আড্ডা মৰা ফটো ফেচবুকত আপলোড কৰা প্ৰৱঞ্চক জয়ন্তই অৱশেষত যেন খোদ গীতানগৰ আৰক্ষীৰ জালতেই বন্দী হৈ পৰিল৷ মুম্বাইৰ একুৱা ডাইনেমিক ছলিউশ্বন নামৰ এটা প্ৰতিষ্ঠানক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত ৩৩ কোটি টকাৰ ছ’লাৰ লাইট সংযোগৰ ঠিকা দিয়াৰ নামত ৯২ লাখ টকা সৰকাইছিল প্ৰৱঞ্চক জয়ন্ত দাসে৷ আনকি প্ৰতিষ্ঠানটোক ভুৱা ৱৰ্ক অৰ্ডাৰো প্ৰদান কৰিছিল জয়ন্তই৷ এই সন্দৰ্ভত এপ্ৰিল মাহতে দিয়া এজাহাৰৰ ভিত্তিত পলাতক প্ৰৱঞ্চক জয়ন্ত দাসক মঙলবাৰে গীতানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পূৰ্বে প্ৰৱঞ্চকটোৰ বিৰুদ্ধে ডিফু থানাতো কাৰ্বি স্বায়ত্তশাসিত পৰিষদে এজাহাৰ দাখিল কৰিছিল৷ একে প্ৰৱঞ্চনাৰে এটা প্ৰতিষ্ঠানৰ পৰা প্ৰায় ৰূকোটি টকা সৰকাই নিছিল মহা ঠগ জয়ন্ত দাসে৷

অংকুৰ বাহিনী পাঁচদিনলৈ আৰক্ষী জিম্মাত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ ‘লাখৰ ঘৰত নহয়৷ কোটিৰ ঘৰত হ’ব ঠগ-প্ৰৱঞ্চনাৰে সৰকোৱা ধনৰ পৰিমাণ৷’ তেজপুৰত গ্ৰেপ্তাৰ হোৱা ভুৱা উপায়ুক্ত তথা মূল অভিযুক্ত অংকুৰ শইকীয়া আৰু প্ৰধান সহযোগী বিশাল হাজৰিকা সন্দৰ্ভত এই আশংকা প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ দুয়োৰে মাজত দীঘলীয়া সম্পৰ্ক আছিল আৰু বিশালৰ ঘৰেই আছিল অংকুৰৰ মূল বাহৰ৷ আজি দুয়োকে পাঁচদিনৰ বাবে আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰিছে তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশে৷ আনহাতে, বিশালৰ পিতৃ আৰু ভাতৃসহ বাকী আঠজনক প্ৰেৰণ কৰা হৈছে ন্যায়িক জিন্মালৈ৷ আনহাতে, ভুৱা উপায়ুক্ত আৰু সহযোগী গ্ৰেপ্তাৰৰ সমস্ত ঘটনাৰ মূল তদন্তকাৰী বিষয়া শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক[অপৰাধ শাখা] বিৰিঞ্চি বৰুৱাই সন্ধ্যা তেজপুৰ আদালতত উপস্থিত হৈ দুই মূল অভিযুক্তক পাঁচদিনৰ আৰক্ষী জিন্মাত লোৱাৰ কথা উল্লেখ কৰি তদন্তৰ পাছত হয়তো ঠগ-প্ৰৱঞ্চনাৰে সৰকোৱা ধনৰ পৰিমাণ কোটিৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা কৰিছে৷ ভুৱা উপায়ুক্ত অংকুৰ আৰু ভুৱা সহায়ক বিশাল যে মহা ঠগ-প্ৰৱঞ্চক সেয়া আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহাৰ কথা উল্লেখ কৰি তেওঁ যি ব্যক্তিয়ে অংকুৰ-বিশালৰ লগত চাকৰি লোৱা বা বদলিৰ ক্ষেত্ৰত ধনৰ লেনদেন কৰিছিল তেওঁলোকক বিনাদ্বিধাই আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান জনাইছে৷ আনহাতে, এই দলটোৰ সৈতে পুত্ৰ আটক হোৱাৰ খবৰ লাভ কৰি এজনৰ মাতৃ ধপলিয়াই আহিল তেজপুৰলৈ৷ তেজপুৰ আদালতত পুত্ৰক চাবলৈ সন্ধ্যালৈ অপেক্ষা কৰি থকা মাতৃয়ে অংকুৰ-বিশালৰ উপযুক্ত শাস্তিৰ দাবী তুলিছে৷ উল্লেখ্য, তেওঁৰ পুত্ৰই দেহৰক্ষীৰ দৰে এটা চৰকাৰী চাকৰি পোৱাৰ আশাতে ভুৱা উপায়ুক্তৰ কাষ চপা বুলি উল্লেখ কৰে৷ ইপিনে, চাকৰি দিয়াৰ প্ৰলোভনেৰে আনৰ ধন আত্মসাৎ কৰি বিলাসী জীৱন কটোৱা অংকুৰ এণ্ড কোম্পানীৰ বিৰুদ্ধে উত্থাপিত হৈছে নিতৌ ন-ন তথ্য৷ বিশেষকৈ চৰকাৰী চাকৰি প্ৰদানৰ নামত টকা আদায় লোৱা ব্যক্তি ইজনৰ পাছত সিজনে অংকুৰ শইকীয়া আৰু তেওঁৰ মূল সহযোগী জামুগুৰিহাটৰ বিশাল হাজৰিকাৰ বিৰুদ্ধে গোচৰ তৰিছে৷ আনকি, আৰক্ষীয়ে ধৃত অংকুৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় নগদ এক লাখ ৭৯ হেজাৰ পাঁচশ টকা৷ দুদিন পূৰ্বে তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চক দলটোক ভাৰতীয় দণ্ডবিধি আইনৰ ১২০[বি], ১৭১, ৪১৯, ৪২০ আৰু ৪৬৮ ধাৰামৰ্মে তেজপুৰ আৰক্ষী থানাত পঞ্জীভুক্ত ৫৪৭/২০২৩ নম্বৰ গোচৰ পঞ্জীয়ন হৈছে৷ ইতিমধ্যেই অংকুৰক লগত লৈ যোৱা নিশা বিশালৰ জামুগুৰিৰ ঘৰত চলোৱা তালাচীত বিভিন্ন ভুৱা ছীলসহ আপত্তিজনক নথি-পত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে বিশালৰ ঘৰলৈ অংকুৰৰ সঘন আহ-যাহৰ তথ্যও স্পষ্ট হোৱাৰ বিপৰীতে বিশালৰ একাংশ আত্মীয়ই বিশাল অংকুৰৰ জালত পৰা বুলি দাবী কৰিছে৷

জামুগুৰিহাটত স্বয়ম্ভু উপাযুক্ত, উত্তপ্ত পৰিস্থিতি

‘আমাৰ অসম’ৰ জামুগুৰিহাটৰ প্ৰতিবেদকঃ হিন্দী চিনেমাৰ কায়দাৰে নিজকে জিলা উপায়ুক্ত বুলি চিনাকি দি তেজপুৰত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা স্বয়ম্ভু উপাযুক্ত অংকুৰ শইকীয়াক কালি নিশাৰ ভাগত তদন্তৰ খাতিৰত তেওঁৰ লগত গ্ৰেপ্তাৰ হোৱা জামুগুৰিহাটৰ শেনচোৱা গাঁৱৰ বিশাল হাজৰিকাৰ বাসগৃহলৈ আৰক্ষীয়ে লৈ অহা সময়ত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ গ্ৰেপ্তাৰ হোৱা স্বয়ম্ভু উপাযুক্ত অংকুৰ শইকীয়াক লগত লৈ জামুগুৰিহাটৰ বিশাল হাজৰিকাৰ বাসগৃহত আৰক্ষীয়ে তালাচী চলাই উভতি যাবৰ সময়ত গাঁওখনৰ একাংশ ৰাইজে অংকুৰ হাজৰিকাই পতা ঠগ-প্ৰৱঞ্চনাৰ জালখনত ভৰি দি বিশাল হাজৰিকাৰ দৰে গাঁওখনৰ শিক্ষিত যুৱকজনে বদনামৰ ভাৰ ল’বলগা হোৱাৰ বাবেই ক্ষুণ্ণ হৈ পৰা একাংশ গঞাই অংকুৰ শইকীয়াক দেখি উত্তেজিত হৈ পৰে আৰু তেওঁক খেদি যায়৷ অৱশ্যে আৰক্ষীয়ে সেইসময়ত ততাতৈয়াকৈ সেই স্থানৰ পৰা স্বয়ম্ভু উপাযুক্ত অংকুৰ শইকীয়াক লৈ যাবলৈ বাধ্য হয়৷