Logo
image

থানাতে কিশোৰীক যৌন আতিশয্য

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি, ২৯ জুনঃ আৰক্ষীৰ খাকী পোচাকত পুনৰ লাগিল দাগ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ সৈতে আৰক্ষীৰ সম্পৰ্ক মধুৰ হ’ব লাগে বুলি মন্তব্য কৰাৰ সময়তে নলবাৰী জিলাৰ এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে কিশোৰী নিৰ্যাতনৰ ঘটনা৷ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে এনে গুৰুতৰ অভিযোগ৷ থানাৰ ভিতৰতে কিশোৰীগৰাকী আৰক্ষীৰ আতিশয্যৰ বলি হ’বলগীয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্ৰতিক্ৰিয়াৰো  সৃষ্টি কৰিছে৷ প্ৰাপ্ত খবৰ মতে, ২১ জুনত এজন মুছলমান যুৱকৰ সৈতে পলাই যোৱাৰ সময়তে ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত বালিতাৰা গাঁৱৰ হিন্দু সম্প্ৰদায়ৰ কিশোৰীগৰাকীক আটক কৰিছিল নলবাৰী আৰক্ষীয়ে৷ কিশোৰীগৰাকীৰ ঘৰ ঘগ্ৰাপাৰ আৰক্ষীৰ অধীনত হোৱা বাবে পাছত ধৃত কিশোৰীগৰাকীক ঘগ্ৰাপাৰ থানালৈ প্ৰেৰণ কৰা হৈছিল৷ পাছত নিশা ঘগ্ৰাপাৰ আৰক্ষী থানাৰ কৰ্তব্যৰত উপ-পৰিদৰ্শকজনে থানাৰ ভিতৰতে কিশোৰীগৰাকীক বলপূৰ্বকভাৱে উলংগ কৰি ফটো উঠোৱাৰ অভিযোগ হৈছে৷ থানাখনৰ ভিতৰতে কিশোৰীগৰাকীক আৰক্ষী বিষয়াজনে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কিশোৰীগৰাকীয়ে৷ আৰক্ষী বিষয়াজনৰ এনে নিৰ্লজ্জ কাণ্ড সন্দৰ্ভত সোমবাৰে কিশোৰীগৰাকীয়ে নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে৷ এই এজাহাৰৰ ভিত্তিত জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশমৰ্মে নলবাৰী সদৰ থানাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪[বি]/৫০৯ আৰু পকছ’ আইনৰ অধীনত ১২/১৪ [১] ধাৰামৰ্মে ২৮৭/২০২৩ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে৷ জনসেৱাৰ হকে নিয়োজিত আৰক্ষীৰ এনে নিৰ্লজ্জ কাণ্ডক সকলোৱে ধিক্কাৰ দিছে৷ আনহাতে, কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা নকৰাৰো অভিযোগ উত্থাপন হৈছে৷