Logo
image

প্ৰচণ্ড মূল্যবৃদ্ধি, কুৰ্বানিত বাধাৰ মাজতে আজি ঈদ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৯ জুনঃ বৃহস্পতিবাৰে পৱিত্ৰ ঈদ৷ বিশ্বৰ প্ৰান্তে প্ৰান্তে ইছলাম ধৰ্মাৱলম্বীসকলে পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে ঈদ পালনৰ প্ৰস্তুতি চলাইছে৷ দেশৰ আন আন ঠাইৰ লগতে অসমতো ঈদৰ আয়োজন চলিছে পূৰ্ণোদ্যমে৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত ঈদৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে৷ দুই ৰাকাত ৱাজিব নামাজ পঢ়িবলৈ ৰাজ্যৰ ঈদগাহ ময়দান, মছজিদসমূহ কাগজৰ ফুলৰ মালাৰে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে৷ পবিত্ৰ স্থানসমূহত উলহ-মালহেৰে ঈদ-উজ-আজাহা উদ্‌যাপনৰ বাবে সাজু হৈছে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজ৷ বৃহস্পতিবাৰে  দুই ৰাকাত ৱাজিব নামাজ পঢ়ি ইছলাম ধৰ্মাৱলম্বী লোকসকলে জীৱ-জন্তু কুৰ্বানি দিব৷ ইফালে ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰাৰ  মাজতে মহানগৰীৰ বজাৰত ঈদৰ সামগ্ৰী ক্ৰয় কৰিবলৈ ভিৰ কৰিছে গ্ৰাহকে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ ঈদগাহ, মছজিদসমূহ সজাই-পৰাই তোলা হৈছে৷ মহানগৰীৰ পুৰণি আমবাৰীৰ বুঢ়া জামে মছজিদ, মাছখোৱাৰ বুঢ়া মছজিদ, হাতীগাঁও, লাখটকীয়াৰ ৰনং জামে মছজিদকে ধৰি বিভিন্ন উপাসনাথলী ঈদ উপলক্ষে সজাই-পৰাই তোলা হৈছে৷ ঈদৰ বাবেই ছাগলী আৰু গৰুৰ বিক্ৰী সাধাৰণ অৱস্থাতকৈ বৃদ্ধি পাইছে৷ মহানগৰীৰ ছাগলী বজাৰত যোৱা বছৰৰ তুলনাত ছাগলীৰ বিক্ৰী প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে৷ ৰাজ্যৰ আন আন ঠাইৰ লগতে গুৱাহাটী মহানগৰীতো আৰক্ষীৰ একাংশৰ উপৰি দুষ্টচক্ৰই গৰুৰ সৰবৰাহত বাধা প্ৰদান কৰাৰ অভিযোগ উঠিছে৷ প্ৰতিটো গৰুৰ নামত এটা বিশেষ সংগঠনৰ একাংশ নেতা আৰু আৰক্ষীৰ একাংশ অসাধু বিষয়া-কৰ্মচাৰীয়ে তিনি হাজাৰকৈ টকা কমিছন লোৱাৰ অভিযোগ উত্থাপন হৈছে৷ টকা আদায় নিদিলে দুষ্টচক্ৰই গৰুসমূহ জব্দ কৰি আৰক্ষীক গতাই দিয়ে বুলি একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে অভিযোগ কৰিছে৷ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীলৈ গৰুৰ চোৰাং সৰবৰাহ অব্যাহত থকাৰ অভিযোগ উঠিছে৷ ইফালে, ঈদৰ বাবেই দোকানে-বজাৰে ব্যাপক ভিৰ পৰিলক্ষিত হৈছে যদিও অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক অতিষ্ঠ কৰিছে৷ ঈদৰ সময়ছোৱাত আপোনজনৰ আনন্দৰ সমভাগী হোৱাৰ পৰাও বঞ্চিত হৈছে বহু পৰিয়াল– বজাৰত বস্তুৰ জুই-ছাই দামৰ বাবে৷ শাক-পাচলিৰ পৰা আৰম্ভ কৰি ফলমূল, চাউল, দাইল, তেল, নিমখকে ধৰি প্ৰায় সকলো সামগ্ৰীৰ দাম বাঢ়িছে৷ পেট্ৰ’ল, ডিজেল, কেৰাচিন, ৰন্ধন গেছ আদিৰ বৰ্ধিত মূল্যৰ কথা নক’লোঁৱেইবা৷ ঈদৰ বাবে গুৱাহাটী মহানগৰীত মানুহৰ ভিৰো কমিছে৷ মহানগৰীৰ শাক-পাচলিৰ ব্যৱসায়ী, মাছৰ ব্যৱসায়ী, ঠেলাৱালা, ৰিক্সাচালক, চিটীবাছ চালক, বিভিন্ন ক্ষেত্ৰৰ শ্ৰমিকসকলৰ বুজন অংশ ইছলাম ধৰ্মাৱলম্বী৷ তেওঁলোক ঈদৰ বাবে গাঁৱলৈ যোৱাত গুৱাহাটী মানুহৰ ভিৰ আৰু যান-জঁট তুলনামূলকভাৱে হ্ৰাস পাইছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ‘ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণৰ বাবে ঈদ-উজ্‌-জোহা এক পৱিত্ৰ উৎসৱ৷ এই উৎসৱে মানৱতাবোধৰ আদৰ্শৰে আমাক সকলোকে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়৷ ঈদ-উজ্‌-জোহা উদ্‌যাপনে ত্যাগ, কৰুণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰি সমাজত ঐক্য, শান্তি, সমন্বয়ৰ বান্ধোন অধিক সুদৃঢ় কৰে৷’ সদৌ অসম ছাত্ৰ সন্থা [আছু] আৰু উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে [নেছ’] ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী ৰাইজক শুভেচ্ছা জনাইছে৷ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থায়ো ৰাইজক ঈদৰ শুভেচ্ছা জনাইছে৷