Logo
image

বিধায়কক গ্ৰেপ্তাৰ কৰিলে হাইলাকান্দিৰ এছপি লীনাই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক আৰু হাইলাকান্দিৰ প্ৰতিনিধি, ২৯ জুনঃ থানাৰ ভিতৰতে বিজেপি কৰ্মীক প্ৰহাৰ কৰি হাইলাকান্দি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল বৰাকৰ আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী৷ হাইলাকান্দি আৰক্ষীয়ে নিজাববীয়া গোচৰত বুধবাৰে এ আই ইউ ডি এফৰ বিধায়কজনক গ্ৰেপ্তাৰ কৰে৷ অভিযোগ অনুসৰি বুধবাৰে পুৱতি নিশা ২ বজাত হাইলাকান্দি কাটাখাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক গগৈৰ সন্মুখতে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে ২০জনীয়া গুণ্ডাবাহিনীক লগত লৈ  প্ৰাণৰ আশংকাত  আশ্ৰয় লোৱা বিজেপি কৰ্মী আতাউৰ ৰহমানক শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল৷ আনকি বিধায়ক নিজাম উদ্দিনে  বিজেপি কৰ্মী আতাউৰ ৰহমানৰ এখন বাহনৰো  গ্লাছ ভাঙি চূৰ্ণবিচূৰ্ণ কৰিছিল৷ আৰক্ষীয়ে বাধা দিয়াৰ পাছতো বিধায়কজনে মাফিয়া কায়দাত বিজেপি কৰ্মীজনক মাৰধৰ কৰাৰ অভিযোগ উঠিছে৷ ইয়াৰ পাছতেই হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নিৰ্দেশত বুধবাৰে পাঁচগ্ৰাম থানাত আৰক্ষীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত বিধায়ক নিজাম উদ্দিন চৌধুৰীক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পাছতেই আৰক্ষীয়ে বিধায়কজনক হাইলাকান্দি জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ হাইলাকান্দিৰ এছপি লীনা দলেয়ে জানিবলৈ দিয়া মতে– নিশা আতাউৰ ৰহমান নামৰ ব্যক্তিজনে কাটাখাল আৰক্ষী চকীত প্ৰাণৰ শংকাত ভুগি আশ্ৰয় লৈছিল৷ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে হত্যাৰ বাবে খেদি ফুৰা বাবেই আতাউৰ ৰহমানে আৰক্ষীৰ ওচৰত নিৰাপত্তা বিচাৰি অহা বুলি প্ৰকাশ কৰিছিল৷ কিন্তু ইয়াৰ পাছতেই প্ৰায় ২০জনীয়া সতীৰ্থৰ দলক লগত লৈ আৰক্ষীৰ চকুৰ সন্মুখতে থানাৰ ভিতৰতে ভুক্তভোগী আতাউৰ ৰহমানক মাৰধৰ কৰিছিল৷ আৰক্ষীক কৰ্তব্যত বাধা দিয়া আৰু  এজন নাগৰিকক হত্যাৰ অপচেষ্টা চলোৱাৰ অভিযোগত বিধায়কজনৰ বিৰুদ্ধে পাঁচগ্ৰাম থানাত গোচৰত ৰুজু কৰি অৱশেষত অভিযুক্ত নিজাম উদ্দিন চৌধুৰীক গ্ৰেপ্তাৰ কৰা হ’ল৷ লক্ষণীয়ভাৱে বুধবাৰে প্ৰায় ৰ ঘণ্টা সোধা-পোছাৰ অন্তত বিধায়ক নিজাম উদ্দিন চৌধুৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও বিধায়কজনে সংবাদ মাধ্যমৰ আগত হাইলাকান্দিত আৰক্ষী চলোৱা বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেহে ষড়যন্ত্ৰমূলকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰিছে৷ ইফালে ভুক্তভোগী আতাউৰ ৰহমানে অভিযোগ উত্থাপন কৰি কয় যে– মঙলবাৰে নিশা ১১ বজাত হাইলাকান্দি জিলাৰ পাঁচগ্ৰামৰ পৰা আলগাপুৰলৈ যোৱাৰ সময়ত ধলেশ্বৰ পইণ্টত বিধায়ক নিজাম উদ্দিন চৌধুৰী আৰু তেওঁৰ লগত থকা আন তিনি ব্যক্তিয়ে আগুচি ধৰি তেওঁৰ AS ০১ FH ৩৯৭৮ নম্বৰৰ ছুইফট গাড়ীত লোহাৰ ৰ’ড আৰু লাঠিৰে আক্ৰমণ চলায়৷ কিন্তু তেওঁ সৌভাগ্যক্ৰমে তাৰ পৰা পলাই গৈ কাটাখাল আৰক্ষী চকীত আশ্ৰয় লয়৷ কিন্তু বিধায়কজনে নিজৰ AS ১১L ০৭৮৬ নম্বৰৰ এণ্ড্ৰোভাৰ গাড়ী লৈ খেদি খেদি কাটাখাল আৰক্ষী চকীত সোমাই চোকা অস্ত্ৰলৈ তাৰ ওপৰত আক্ৰমণ চলায়৷ লগতে তেওঁৰ ডিঙিত থকা সোণৰ চেইন আৰু নগদ ১০ হাজাৰ টকা লুট কৰি লৈ যায়৷ এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে পাঁচগ্ৰাম আৰক্ষী চকীৰ¸ ভাৰতীয় দণ্ডবিধিৰ ১৪৭/১৪৮/১৪৯ /৩৪১/৩৪২/৪৪৮/৩২৪/৩০৭/৩২৭ ধাৰাত  ৫৯/২৩ নম্বৰত গোচৰ ৰজু কৰি বুধবাৰে বিয়লি চ্ছ্ৰ বজাত বিধায়কজনক ঘৰৰ পৰা আটক কৰি হাইলাকান্দি সদৰ থানালৈ লৈ আনে৷ পৰৱৰ্তী সময়ত বিধায়ক নিজাম উদ্দিনক গ্ৰেপ্তাৰ কৰে৷ ইফালে গ্ৰেপ্তাৰৰ পাছতেই বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে গুৰুতৰ অভিযোগ কৰি কয় যে – তেওঁৰ গ্ৰেপ্তাৰৰ আঁৰত আছে চুপাৰি ছিণ্ডিকেট চক্ৰ৷ প্ৰতিনিশা পাঁচগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন ৰংমায়ে ২০ৰ পৰা ৩০খন বাৰ্মিজ চুপাৰিৰ ট্ৰাক বহিঃৰাজ্যলৈ যোৱাত সহায় কৰে৷ মঙলবাৰে নিশাও এনে এখন গাড়ীক লৈ কাজিয়া হৈছিল৷ এই খবৰ পাই তেওঁ কাটাখাল থানাত উপস্থিত হৈছিল৷ কিন্তু ষড়যন্ত্ৰমূলকভাৱে তেওঁক হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলিও বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে অভিযোগ কৰিছে৷