Logo
image

বৃক্ক ভালে ৰাখিবলৈ এইখিনি কৰক

বৃক্কই সঠিকভাৱে কাম নকৰিলে বিভিন্নধৰণৰ গুৰুতৰ সমস্যাৰ সৃষ্টি হয়৷ বৃক্কজনীত ৰোগত আক্ৰান্ত হ’লে জীৱন নাশ পৰ্যন্ত হ’ব পাৰে৷ সেই বাবে বৃক্ক ভালে ৰখাৰ বাবে সততে সাৱধান হ’ব লাগে

⬛পৰ্যাপ্ত পৰিমাণে পানী খাওকঃ বৃক্ক ভালে ৰখাৰ বাবে প্ৰতিদিনে কমেও ৮-১০ গিলাছ পানী খোৱা উচিত৷ পৰ্যাপ্ত পৰিমাণে পানী নাখালে বৃক্কত পাথৰ হোৱাৰ আশংকা থাকে আৰু তাৰ ফলত কেতিয়াবা বৃক্ক বিকল পৰ্যন্ত হ’ব পাৰে৷ 

⬛ নিমখ কমাই খাওকঃ অতিৰিক্ত নিমখে বৃক্কৰ যথেষ্ট ক্ষতি কৰে৷ সেয়েহে নিমখ খোৱাৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগে৷ বৃক্ক সুস্থ ৰখাৰ বাবে অতিৰিক্ত নিমখ খোৱাৰ পৰা বিৰত থাকিব লাগে৷ 

⬛ অতিৰিক্ত  প্ৰ’টিন খোৱাৰ পৰা বিৰত থাককঃ মাত্ৰাধিক প্ৰ’টিন থকা খাদ্য বৃক্কৰ বাবে ক্ষতিকাৰক৷ সেয়েহে বেছি প্ৰ’টিন থকা খাদ্য এৰাই চলিব লাগে৷ 

⬛ ৰক্তচাপ স্বাভাৱিক মাত্ৰাত ৰখাৰ চেষ্টা কৰকঃ ৰক্তচাপ ১৪০/৯০ ওপৰত থাকিলে বৃক্কজনিত সমস্যা সৃষ্টি হোৱাৰ আশংকা থাকে৷ সেয়েহে বৃক্ক ভালে ৰখাৰ বাবে ৰক্তচাপ  ১৩০/৮০ অথবা ইয়াৰ  তলত ৰাখিবলৈ চেষ্টা কৰিব লাগে৷ ৰক্তচাপ নিয়ন্ত্ৰণত থকাৰ বাবে নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰাৰ লগতে নিমখ খোৱাৰ পৰিমাণ কমাব লাগে৷ 

⬛ ডায়েবেটিছ নিয়ন্ত্ৰণত গুৰুত্বঃ ডায়েবেটিছত আক্ৰান্ত হ’লেও বৃক্কৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ সেয়েহে ডায়েবেটিছত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লৈ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰিব লাগে৷ কেতিয়াবা শৰীৰত ছুগাৰৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলতো বৃক্কৰ ক্ষতি হ’ব পাৰে৷ 

⬛ ঔষধ খোৱাৰ ক্ষেত্ৰত সতৰ্ক হওকঃ ৰোগত আক্ৰান্ত হ’লে  ঔষধ খোৱাতো জৰুৰী যদিও কেতিয়াবা মাত্ৰাধিক ঔষধ সেৱনৰ ফলত বৃক্কৰ ক্ষতি হ’ব পাৰে৷ সেয়েহে ঔষধ খোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক হ’ব লাগে৷ 

⬛ প্ৰয়োজনতকৈ বেছি ভিটামিন ক্ষতিকাৰকঃ এজন সুস্থ মানুহৰ বাবে প্ৰতিদিনে ৫০০ মিলিগ্ৰামৰ বেছি ভিটামিনৰ প্ৰয়োজন নাই৷ প্ৰয়োজনতকৈ মাত্ৰাধিক ভিটামিনযুক্ত খাদ্য গ্ৰহণ কৰিলে বৃক্কত পাথৰ হোৱাৰ আশংকা বৃদ্ধি পায়৷ সেয়েহে এই ক্ষেত্ৰত সতৰ্ক হোৱাতো প্ৰয়োজন৷ 

⬛ যিকোনো ধৰণৰ পানীয় খোৱাৰ পৰা বিৰত থাককঃ বজাৰত উপলব্ধ বিভিন্নধৰণৰ পানীয় খোৱাৰ পৰাও বৃক্কৰ ক্ষতি হ’ব পাৰে৷ সেয়েহে তেনেধৰণৰ পানীয় খোৱাৰ পৰা বিৰত থাকিব লাগে৷ 

⬛ ধূমপান আৰু মদ্যপানৰ অভ্যাস ত্যাগ কৰকঃ ধূমপান বা মদ্যপানৰ কাৰণেও বৃক্কই কাৰ্যক্ষমতা হেৰুৱাব পাৰে৷ ধূমপান বা মদ্যপানৰ ফলত বৃক্কলৈ তেজৰ প্ৰৱাহ মন্থৰ হৈ পৰে৷ কেতিয়াবা ইয়াৰ ফলত বৃক্ক বিকল হ’ব পাৰে৷

⬛ নিয়মীয়াকৈ বৃক্ক পৰীক্ষা কৰকঃ উচ্ছ ৰক্তচাপ, ডায়েবেটিছ অতিৰিক্ত ওজন অথবা পৰিয়ালৰ কোনোজনৰ বৃক্কজনিত সমস্যা থাকিলেও বৃক্ক ৰোগ হোৱাৰ আশংকা থাকে৷ সেয়েহে বছৰেকত ক্ৰমেও এবাৰ বৃক্ক পৰীক্ষা কৰাটো জৰুৰী৷