Logo
image

টাইটানৰ অৱশিষ্ট অংশতে সন্ধান ওলাল ৫ আৰোহীৰ দেহাৱশেষৰ

বষ্টন,৩০ জুনঃ আটলান্টিক মহাসাগৰত সংঘটিত হোৱা মৰ্মান্তিক দুৰ্ঘটনাৰ ছদিনৰ পাছত অৱশেষত উদ্ধাৰ হৈছে ‘টাইটান’ নামৰ ছাবমেৰিনখনৰ ধবংসাৱশেষ৷ লগতে সন্ধান পোৱা গৈছে ছাবমেৰিনখনত থকা পাঁচ যাত্ৰীৰ দেহাংশৰো৷ অৱশ্যে মৃতদেহসমূহৰ পৰিচয় উদ্ধাৰ কৰাটো এতিয়ালৈকে সম্ভৱ হোৱা নাই৷ জানিব পৰা মতে ছাবমেৰিনখনৰ উদ্ধাৰ হোৱা অংশসমূহ পৰীক্ষা কৰাৰ পাছতহে জানিব পৰা যাব মৰ্মান্তিক দুৰ্ঘটনাটোৰ কাৰণ৷ উল্লেখ্য যে সমুদ্ৰতলীত পানীৰ প্ৰচণ্ড চাপত টাইটানৰ বিস্ফোৰণ ঘটিছিল৷ মাৰ্কিন উপকূল ৰক্ষাবাহিনীৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে সমুদ্ৰতলীত চলোৱা উদ্ধাৰ অভিযানৰ সময়ত বেছ কিছু দেহাংশ উদ্ধাৰ কৰা হৈছে৷ আপাততঃ মাৰ্কিন চিকিৎসা বিভাগে দেহাংশসমূহৰ নমুনা পৰীক্ষা কৰিব৷ ইয়াৰ পাছতহে দেহাংশৰ পৰিচয় সম্পৰ্কে জানিব পৰা যাব৷ জানিব পৰা মতে ‘টাইটান’ৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পাছত তাত থকা লোক কেইজনৰ মৃত্যু হোৱাটো নিশ্চিত হৈছিল৷ পৰৱৰ্তী সময়ত টাইটানৰ অৱশিষ্ট বা মৃত লোককেইজনৰ দেহাংশ উদ্ধাৰ কৰাটো সম্ভৱ নহ’ব বুলি একপ্ৰকাৰ ধাৰণা কৰিছিল উদ্ধাৰকাৰী বাহিনীয়ে৷ স্মৰ্তব্য যে আটলান্টিক মহাসাগৰত দুৰ্ঘটনাত জাহ যোৱা ‘টাইটানিক’ৰ ধবংসাৱশেষ চাবলৈ ‘টাইটান’ নামৰ ছাবমেৰিনখনেৰে সমুদ্ৰতলীৰ প্ৰায় ১৩,০০০ ফুট গভীৰতালৈ যাত্ৰা কৰিছিল ছাবমেৰিন প্ৰস্তুতকাৰক কোম্পানী এটাৰ মুখ্য কাৰ্যবাহী বিষয়া ষ্টকটন ৰাছ, ব্ৰিটিছ নাগৰিক হামিছ হাৰ্ডিং, ফৰাছী বিশেষজ্ঞ পণ হেনৰি নাৰ্গল, পাকিস্তানৰ ধনকুবেৰ ছাহজাদা ডাউদ আৰু তেওঁৰ পুত্ৰ ছুলেমানে৷ প্ৰাথমিকভাৱে জানিব পৰা মতে সমুদ্ৰতলীৰ ৪ কিলোমিটাৰ গভীৰত বিস্ফোৰণ ঘটা টাইটান নামৰ ছাবমেৰিনখনৰ আয়তন আছিল প্ৰায় এখন এছ ইউ ভি গাড়ীৰ সমান৷ মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত ছাবমেৰিনখনৰ ধবংসাৱশেষ উদ্ধাৰৰ বাবে নিউয়ৰ্কৰ এটা প্ৰতিষ্ঠানক দায়িত্ব অৰ্পণ কৰা হৈছিল৷ অৱশেষত ‘টাইটান’ৰ ধবংসাৱশেষ আৰু নিহতসকলৰ দেহাংশ ‘টাইটানিক’ৰ ধবংসাৱশেষৰ প্ৰায় পাঁচশ মিটাৰ তলৰ পৰা উদ্ধাৰ কৰে  অভিযানকাৰী দলটোৱে৷ অৱশ্যে টাইটানৰ বিস্ফোৰণ ঘটাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই৷