Logo
image

কাজিৰঙা নে যোৰহাট? প্ৰাৰ্থিত্বক লৈ মুখ খুলিলে গৌৰৱে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,৩০ জুনঃ সমষ্টি পুনৰ নিৰ্ধাৰণে ৰাজ্যৰ বহু ৰাজনৈতিক নেতাৰ ভাগ্যৰেখা সলনি কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ সেয়া কোনো লোকসভাৰ সাম্ভাব্য প্ৰাৰ্থী বা সাংসদৰ ক্ষেত্ৰতে হওঁক অথবা বিধানসভাৰ সাম্ভাব্য প্ৰাৰ্থী বা বিধায়কৰ ক্ষেত্ৰতে হওঁক৷ কলিয়াবৰ লোকসভা সমষ্টি কৰ্তন কৰাৰ পাছতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ, জনপ্ৰিয় নেতা, সাংসদ গৌৰৱ গগৈৰ ক্ষেত্ৰতো তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে৷  কলিয়াবৰ লোকসভা সমষ্টি কৰ্তন কৰি কাজিৰঙা সংসদীয় সমষ্টিৰ প্ৰস্তাৱ দিয়া হৈছে, যিটো সমষ্টিৰ পৰা কৰ্তন কৰা হৈছে কংগ্ৰেছৰ ভোটবেংকখ্যাত বিশাল এলেকা৷ গতিকে কাজিৰঙা লোকসভা সমষ্টিৰ পৰা জয়ী হৈ অহাটো হয়তো গৌৰৱ গগৈৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হ’ব৷ ইয়াৰ বিপৰীতে যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ স্থিতি কিছু পৰিমানে মজবুট৷ এই সমষ্টিটোত আহোমসকলৰ সমৰ্থনো গৌৰৱ গগৈয়ে পোৱাৰ সম্ভাৱনা অধিক৷ উক্ত সমষ্টিটোৰ অধীনতে তিতাবৰ সমষ্টি বৰ্তমানেও কংগ্ৰেছৰ দখলত আছে৷ কাজেইগৌৰৱ গগৈৰ বাবে এই সমষ্টিটো কিছু পৰিমানে আশাব্যঞ্জক৷ ইয়াৰ পৰিপ্ৰেক্ষিততে যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব পাৰে বুলি চৰ্চা হৈছে৷ এনে চৰ্চাৰ মাজতে মুখ খুলিছে সাংসদ গৌৰৱ গগৈয়ে৷ তেওঁ কয়– এইটো এটা বিভাজনকামী খচৰা৷ কিন্তু অসমৰ ৰাইজে যদি মোক বিচাৰে মই পুনৰ সাংসদ হৈ আহিম৷ অসমৰ ৰাইজে যদি বিচাৰে মোক পুনৰ লোকসভাৰ ভিতৰত দেখা পাব৷ যদি নিৰ্বাচনী যুঁজ তীক্ষ্ণ হয় মই ভালেই পাম৷ মই প্ৰত্যাহ্বান লৈ ভাল পাওঁ৷ মই প্ৰত্যাহ্বান দেখি পলাই যোৱা মানুহ নহয়৷ মই প্ৰত্যাহ্বানক স্বাগমত জনাম৷ বিজেপিৰ আটাইতকৈ প্ৰিয় ‘খেল’ খিলঞ্জীয়া৷ যেতিয়াই প্ৰয়োজন হয় তেতিয়াই এই ‘খেল’খন খেলিব বিচাৰে৷ কিন্তু অসমৰ মানুহে বিজেপিৰ সকলো ষড়যন্ত্ৰ বুজি পোৱা হ’ল৷ এইখন কংগ্ৰেছৰ ভয়ত বিজেপিয়ে সৃষ্টি কৰা খচৰা৷ এই খচৰায়ো উদ্ধাৰ কৰিব নোৱাৰিব বিজেপিক৷ ২০২৪ত বিজেপিক বিদায় দিব ৰাইজে৷ এই খচৰা প্ৰস্তুত কৰাৰ সময়ত লাইট নাছিল বাবেই খচৰাখন এন্ধাৰ৷