Logo
image

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিদ্ৰোহ নাইঃ মুখ্যমন্ত্ৰী

ডিজিটেল সংবাদ,তেজপুৰঃ ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিজেপি বিধায়কৰ মাজতে বিদ্ৰোহ আৰম্ভ হোৱা নাই৷ শুকুৰবাৰে তেজপুৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি ৩০ তাৰিখ৷ ২০ তাৰিখৰ পিছত মই বহু বিধায়কক লগ পাইছোঁ৷ সমষ্টি পুনৰ নিৰ্ধাৰণকলৈ কোনো বিদ্ৰোহৰ  কথা নাই আৰু এয়া সম্ভৱেই নহয়৷ এইখন কেৱল খচৰাহে৷ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি যিসকলে ৰাজপথত আন্দোলন কৰিছে, তেওঁলোকৰ কিয় আন সমষ্টিত নিৰ্বাচন খেলাৰ সাহস নাই? একেখন অসমতে থাকি সিমানখিনি সাহস গোটোৱাৰ প্ৰয়োজন থাকিব লাগে বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ তদুপৰি তেওঁ কয় যে যিহেতু এইখন খচৰাহে ইয়াত ২০-৩০শতাংশ বা ৫ শতাংশ সাল-সলনি নিশ্চয় নিৰ্বাচন আয়োগে কৰিব পাৰে৷ আয়োগে ইমেইল দিছে,কাৰোবাৰ আপত্তি থাকিলে ইমেইল কৰিব পাৰে৷