Logo
image

বাৰাক অ’বামাৰ সন্দেহ

বাৰাক অ’বামা আমেৰিকা যুক্তৰাজ্যৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, যাৰ স’তে গভীৰ বন্ধুত্ব থকা বুলি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈ আহিছে৷ বাৰাক অ’বামা ৰাষ্ট্ৰপতি হৈ থাকোঁতে তেওঁ ভাৰত ভ্ৰমণলৈ অহাৰ সময়ত নৰেন্দ্ৰ মোদীৰ স’তে তেওঁৰ গভীৰ বন্ধুত্বৰ বিষয়ে বহু বাতৰি প্ৰকাশ হৈছিল৷ দুয়োৰে বন্ধুত্ব হেনো ইমান গভীৰ হৈ পৰিছিল যে সি ব্যক্তিগত পৰ্যায়ৰ প্ৰগাঢ় বন্দুত্বত পৰিণত হৈছিল৷ দুয়ো আনকি ইজনে সিজনক ‘তই’ বুলি সম্বোধন কৰিবলৈও আৰম্ভ কৰিছিল৷ ইংৰাজী ভাষাত কেনেকৈ ‘তই’ সম্বোধন কৰা হয় তাকে লৈ সেই সময়ত যথেষ্ট চিত্তাকৰ্ষক আৰু গুৰুত্বপূৰ্ণ আলোচনা হৈছিল৷ শাসক দল বিজেপিয়ে দাবী কৰিছিল যে পৃথিৱীৰ আটাইতকৈ ধনী আৰু ক্ষমতাশালী দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ স’তে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এই সুমধুৰ সম্পৰ্কই প্ৰমাণ কৰিছিল যে ভাৰত বিশ্বগুৰু হোৱাৰ পথত তীব্ৰগতিত আগবাঢ়িছে৷ সেই অ’বামাই এইবাৰৰ মোদীৰ আমেৰিকাৰ ভ্ৰমণৰ সময়ত গণ্ডগোল লগালে৷ মোদীৰ ভ্ৰমণৰ প্ৰাক্‌মহূৰ্তত এটা সাক্ষাৎকাৰত অ’বামাই ক’লে, যদিহে ভাৰতে সংখ্যালঘুসকলৰ অধিকাৰ সুৰক্ষিত নকৰে, তেনেহ’লে ইয়াৰ ফলস্বৰূপে বা কুফলস্বৰূপে ভাৰতখন ভাঙি-ছিঙি যাব পাৰে৷ সাক্ষাৎগ্ৰহণকাৰী চিএনএনৰ সাংবাদিক খ্ৰীষ্টিয়ানী আমনপ’ৰে মোদীক এজন ‘ইলিবাৰেল ডেমক্ৰেট’ বুলি অৰ্থাৎ মোদী এজন গণতান্ত্ৰিক ব্যক্তি, কিন্তু উদাৰবাদী নহয় বুলি অভিহিত কৰিছিল আৰু তেনে ব্যক্তিৰ শাসন কৰি থকা দেশত গণতন্ত্ৰৰ প্ৰতি যি ভাবুকিৰ সৃষ্টি হৈছে, তাৰ স’তে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কিদৰে মোকাবিলা কৰিব লাগে সুধিছিল৷ অ’বামাই উত্তৰত কৈছিল যে বিষয়টো জটিল৷ কিন্তু আমেৰিকাই বহু কাৰণত তেনেবোৰ দেশ আদৰ্শ গণতন্ত্ৰ নহ’লেও সম্পৰ্ক বজাই ৰাখিব লাগে৷ অ’বামাই কৈছিল যে ৰাষ্ট্ৰপতিয়ে মোদীক লগ পালে ব্যক্তিগতভাৱে বা ৰাজহুৱাকৈ এখন হিন্দু সংখ্যাগৰিষ্ঠ দেশত মুছলমান সংখ্যালঘুৰ সুৰক্ষাৰ বিষয়টো উত্থাপন কৰিব লাগে৷ চৰকাৰ আৰু বিজেপিয়ে মোদীৰ অতি ঘনিষ্ঠবন্ধু বুলি দাবী কৰা অ’বামাৰ কথাই চৰকাৰ আৰু বিজেপি দুয়োটাকে অস্বস্তিত পেলালে৷ তাৰ পাছতেই আন এক আহুকালৰ সৃষ্টি কৰিলে ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিক চাব্ৰিনা ছিদ্দিকিয়ে৷ ভাৰতত কোনোদিনে সংবাদ মেলত সাংবাদিকৰ প্ৰত্যক্ষ প্ৰশ্নৰ সন্মুখীন নোহোৱা মোদী আমেৰিকাত সাংবাদিকৰ থিতাতে সোধা প্ৰশ্নৰ সন্মুখীন হ’ব লগা হ’ল৷ চাব্ৰিনাই ভাৰতত সংখ্যালঘুৰ ওপৰত হৈ থকা নানা নিৰ্যাতন আৰু সেইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰে লোৱা ব্যৱস্থাৰ বিষয়ে জানিব বিচাৰিলে৷ মোদীয়ে উত্তৰত ক’লে যে ভাৰত এখন সাংবিধানিক গণতন্ত্ৰ, সংবিধানে সকলোকে সমান অধিকাৰ দিছে আৰু চৰকাৰ সংবিধান অনুসৰি চলে৷ ইয়াৰ পাছতেই চাব্ৰিনা ছ’চিয়েল মিডিয়াত তুমুল আক্ৰমণৰ সন্মুখীন হ’ল৷ স্বয়ং হোৱাইট হাউছে এই আক্ৰমণক গৰিহণা দিব লগা হ’ল, এই তথ্যও প্ৰকাশ হ’ল যে চাব্ৰিনাক ট্ৰল কৰাসকলৰ প্ৰায় আটাইবোৰেই হিন্দু৷
প্ৰশ্ন হ’ল, বিজেপি দল আৰু চৰকাৰে ভাৰতৰ সীমাৰ ভিতৰত এটা আৰু ভাৰতৰ সীমা পাৰ হোৱাৰ লগে লগে অৰ্থাৎ আন্তৰ্জাতিক ক্ষেত্ৰত আন এটা নীতি অৱলম্বন কৰে নেকি? বিজেপি দল আৰু চৰকাৰৰ দেশ আৰু বিদেশৰ বাবে দুটা সুকীয়া নীতি, দুটা সুকীয়া চেহেৰা আছে নেকি? দেশৰ ভিতৰৰ নীতি বা দেশৰ ভিতৰৰ দেখুওৱা চেহেৰাটোৰ বিষয়ে বিদেশত প্ৰশ্ন উত্থাপন হ’লে সেয়েহে বিজেপি চৰকাৰ আৰু দল অস্বস্তিত পৰিবলগীয়া হয় নেকি? 
বিজেপি দল আৰু চৰকাৰে ভাৰতত এনে এক ধাৰণা সৃষ্টি কৰিব বিচাৰে যে বিজেপিৰ শাসন কালত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পৰা আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতৰ প্ৰতিপত্তি বাঢ়িছে৷ নৰেন্দ্ৰ মোদী এজন বিশ্বনেতাৰূপে উজলি উঠিছে৷ কিন্তু সেই মোদী আমেৰিকালৈ যোৱাৰ আগে আগে তেওঁৰ অতি আদৰৰ আৰু অতি ঘনিষ্ঠ বন্ধু অ’বামাই দিয়া সাক্ষাৎকাৰত বা আমেৰিকাত থাকোঁতেই মোদী সাংবাদিকৰ মুখামুখি হৈ অস্বস্তিকৰ প্ৰশ্নৰ উত্তৰ দিবলগীয়া হোৱাটোৱে বিজেপি চৰকাৰ, দল বা নৰেন্দ্ৰ মোদীৰ বৰ্ধিত প্ৰতিপত্তিলৈ ইংগিত নিদিয়ে৷ ই তাৰ সম্পূৰ্ণ বিপৰীতটোলৈহে প্ৰমাণ কৰে৷ মোদীৰ ভ্ৰমণৰ পাছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে প্ৰাক্তন ৰাষ্ট্ৰপতি অ’বামাক দুপৰীয়াৰ আহাৰৰ বাবে নিমন্ত্ৰণ কৰাৰ বাতৰি প্ৰকাশ পাইছে৷ মোদীক প্ৰশ্ন সোধাৰ বাবে আক্ৰমণৰ সন্মুখীন হোৱা সাংবাদিক চাব্ৰিনাৰ সমৰ্থনত আমেৰিকাৰ চৰকাৰ মুকলিকৈ থিয় দিছে৷ 
আন্তৰ্জাতিক ক্ষেত্ৰখনত ভাৰতক আজি এখন লিবাৰেল সাংবিধানিক গণতন্ত্ৰৰূপে নহয়, এখন হিন্দু সংখ্যাগৰিষ্ঠবাদী হিন্দু সোঁপন্থী দলৰ শাসনাধীন দেশৰূপেহে অধিক জনাজাত আৰু এই ধাৰণা পশ্চিমৰ গণতান্ত্ৰিক দেশসমূহতেই প্ৰবল৷ আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতৰ ভাবমূৰ্তিক লৈ বিজেপি দল বা চৰকাৰ বিশেষ উদ্বিগ্ন যেন নালাগে৷ তেওঁলোকৰ লক্ষ্য হ’ল ভাৰতত থকা তেওঁলোকৰ  ভোটাৰসকল, সেই ভোটাৰসকলৰ মাজত ভাৰতৰ বিশ্বগুৰুৰ আৰু মোদীৰ বিশ্বনেতাৰ শক্তিশালী ভাবমূৰ্তি এটা বজাই ৰখাতহে তেওঁলোক আগ্ৰহী৷ 
কিন্তু আজিৰ পৃথিৱীত দুখন মুখ লৈ চলাটো অতি কঠিন৷ বিদেশত ভাৰতৰ ভাৰতত দেখুওৱা চেহেৰাটো ওলাই পৰে, আৰু ভাৰতত ভাৰতে বিদেশত দেখুওৱা চেহেৰাটো ওলাই পৰে৷ দুয়োটাৰ মাজৰ পাৰ্থক্যও জলজল পটপট হৈ পৰে৷ কট্টৰ সমৰ্থক ভোটাৰৰ মনত যেতিয়া  প্ৰশ্নৰ উদয় হয়, সন্দেহ জাগে, সেয়া ৰাজনৈতিক দলৰ বাবে বিপজ্জনক, কাৰণ তাৰ ফলত দলটোৰ মূল ভেটিটোত খহনীয়া আৰম্ভ হয়৷