Logo
image

অভিযুক্ত বিমান ৰয়ৰ সন্ধান নাই, ডিজিপিৰ আৱেগিক সকীয়নি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ জুলাইঃ মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন গৃহ বিভাগত এতিয়া কলংকৰ দাগ! আৰক্ষী থানাসমূহক শিশু-মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত স্থান বুলি জ্ঞান কৰা হয় যদিও এতিয়া এইখন অসমতে আৰক্ষীয়ে পবিত্ৰ জ্ঞান কৰা থানাৰ ভিতৰতে অসহায় কিশোৰীক উন্মাদ আৰক্ষী বিষয়াই হাতত বেট লৈ কাপোৰ খুলি উলংগ হ’বলৈ বাধ্য কৰোৱাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে৷ নিশা থানাৰ বন্ধ কোঠাত কৰ্তব্যৰত আৰক্ষী বিষয়াই এগৰাকী অসহায় কিশোৰীক নিজ হাতে কাপোৰ নুখুলিলে বলপূৰ্বক নাঙঠ কৰা হ’ব বুলি ভাবুকি দিয়াত ভুক্তভোগী কিশোৰীগৰাকীয়ে দেহৰ প্ৰতিটো বস্ত্ৰ খুলি এজন পুৰুষৰ সন্মুখত উলংগ হিচাপে ধৰা দিয়াৰ দৰে চৰম লজ্জাজনক ঘটনাৰ বলি হ’ল৷ ১৭ বছৰীয়া কিশোৰীগৰাকীক উলংগ কৰি বিকৃত মানসিকতাৰ পৰিচয় দিয়া লম্পট আৰক্ষী বিষয়াজনে নিজৰ মোবাইলতো কন্যাসম বয়সৰ কিশোৰীগৰাকীৰ নগ্ন ফটো তুলিবলৈও কুণ্ঠাবোধ নকৰিলে৷ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ তদানীন্তন অ’ চি বিমান ৰয়ে বাল্য বিবাহজনিত গোচৰত আটক কৰা এগৰাকী কিশোৰীৰ সৈতে এই জঘন্য ঘটনাটো সংঘটিত কৰাৰ পাছতেই লজ্জানত কৰিছে সমগ্ৰ আৰক্ষী বিভাগক৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কাৰ্যকালত খোদ আৰক্ষী বিষয়াই থানাৰ ভিতৰত এগৰাকী অসহায় কিশোৰীৰ সৈতে কৰা ঘৃণনীয় কাৰ্যই অসম আৰক্ষীৰ মুৰব্বীজনক হতাশ কৰি তুলিছে৷ ঘগ্ৰাপাৰ থানাৰ উক্ত স্পৰ্শকাতৰ ঘটনাটোক আৰক্ষীৰ ইতিহাসত বিৰলৰো বিৰল ঘটনা বুলি অভিহিত কৰিছে জি পি সিঙে৷ এজন পৰিদৰ্শকে সমগ্ৰ আৰক্ষী পৰিয়ালটোক বিচলিত কৰা বুলিও মন্তব্য কৰি প্ৰচলিত আইন আৰু বিধি মৰ্মে অভিযুক্ত বিমান ৰয়ক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে আৰক্ষী সঞ্চালক প্ৰধানে৷ সামাজিক মাধ্যমত আৱেগভৰা এটা পোষ্ট লিখি ডিজিপি জি পি সিঙে এতিয়াৰ পৰা অসম আৰক্ষীয়ে থানাসমূহ বিশেষকৈ শিশু-মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত স্থান কৰি ৰখাত সেৱা মনোভাৱেৰে কাম কৰিব বুলি অসমবাসীক আশ্বাস প্ৰদান কৰিছে৷ ঘগ্ৰাপাৰ থানাৰ তদানীন্তন অ’ চি বিমান ৰয়ক বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰি অসম আৰক্ষীৰ বিষয়া-জোৱানসকলক আৱেগিক সকীয়নি দি জি পি সিঙে সামাজিক মাধ্যমত পোষ্টটোত উল্লেখ কৰিছে এইদৰে– ‘আমি যেতিয়া হায়দৰাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল নেচনেল পুলিচ একাডেমীত আৰক্ষী সেৱাত যোগদান কৰিছিলো, তেতিয়া আমাক এটা কথা সদায়ে শিকোৱা হৈছিল যে– আৰক্ষী থানাখন প্ৰতিজন আৰক্ষীৰ বাবে মন্দিৰ আৰু সকলো নাগৰিকৰ বাবে আটাইতকৈ নিৰাপদ তথা সুৰক্ষিত আশ্ৰয়স্থল৷ আজি এটা ঘটনাক লৈ মই গভীৰভাৱে ব্যথিত হৈছো আৰু হতাশ-যন্ত্ৰণাত ভুগিছো৷ এজন পৰিদৰ্শকে আমাৰ সকলোকে লজ্জানত কৰিলে, আৰক্ষীৰ সমগ্ৰ পৰিয়ালটো আজি এই ঘটনাক লৈ বিচলিত আৰু উদ্বিগ্ন৷ আজি মই অসমবাসীক আশ্বস্ত কৰিব বিচাৰিছো– আৰক্ষী সঞ্চালক প্ৰধান হিচাপে মোৰ ওপৰত যি দায়িত্ব ন্যস্ত কৰা হৈছে, তাক সম্পূৰ্ণৰূপে প্ৰয়োগ কৰি অসম আৰক্ষীৰ যি গৌৰৱ তাক অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিম৷ ঘটনাটো বিৰলৰো বিৰলতম ঘটনা বুলি মই নিশ্চিত হৈছো আৰু আৰক্ষী সঞ্চালকপ্ৰধান তথা অসম আৰক্ষী বাহিনীৰ মুৰব্বী হিচাপে আইন আৰু প্ৰচলিত বিধি অনুসৰি পৰিদৰ্শক বিমান ৰয়ক অসম আৰক্ষীৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছো৷ এই সিদ্ধান্ত আৰক্ষীৰ সকলো লোকৰ বাবে আমাৰ এটা কঠোৰ বাৰ্তা৷ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজ্যত আইন শাসন প্ৰৱৰ্তন কৰিব বিচাৰিছে আৰু অসমবাসীৰ সেৱাত আৰক্ষীক বিশেষভাৱে নিয়োজিত কৰিব বিচাৰিছে৷ ইয়াৰ দ্বাৰা অসম আৰক্ষীৰ সকলো কৰ্মীলৈ আমি এটা কঠোৰ সকীয়নি আৰু পৰামৰ্শ প্ৰেৰণ কৰিলো যে আৰক্ষী থানাসমূহৰ পবিত্ৰতা আৰক্ষী লোকসকলে ৰক্ষা কৰিব লাগিব আৰু থানাখন হ’ব লাগিব আমাৰ শিশু আৰু মহিলাৰ বাবে আটাইতকৈ নিৰাপদ স্থান৷ ইয়াৰ অন্যথা বিশেষকৈ শিশু আৰু মহিলাৰ ক্ষেত্ৰত সকলোৱে বিমান ৰয়ৰ দৰে পৰিণাম ভূগিব লাগিব৷ মই অসমবাসীক আজি আশ্বাস দিছো– অসম আৰক্ষীয়ে তেওঁলোকৰ ওপৰত ন্যস্ত দায়িত্ব ৰাজ্যৰ স্বাৰ্থ আৰু অসমবাসীৰ সেৱাত সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰিব৷ জয় হিন্দ৷’ লক্ষণীয়ভাৱে অ’ চি বিমান ৰয়ৰ কু-কাৰ্যয়ে অসম আৰক্ষীক লজ্জানত কৰাত উদ্বিগ্ন ডিজিপি জি পি সিঙে শুকুৰবাৰে নিজেই ঘগ্ৰাপাৰ থানাত উপস্থিত হৈ তদন্তৰ অগ্ৰগতিৰ বুজ লয়৷ ডিজিপিৰ লগতে নলবাৰী এছ পি সুধাকৰ সিঙেও ঘগ্ৰাপাৰ থানাত উপস্থিত হৈ ভুক্তভোগী কিশোৰীগৰাকীয়ে এজাহাৰত নাম উল্লেখ কৰা এছ আই লিজা টায়েক সোধা-পোছা কৰে৷ তদুপৰি এই গোচৰটোৰ তদন্তকাৰী বিষয়াই থানাখনৰ প্ৰতিজন আৰক্ষীয়ে মোবাইল ফোন জব্দ কৰি ভাগে ভাগে জেৰাও কৰে৷ ইফালে নিকৃষ্ট ঘটনাটো সংঘটিত কৰা অ’ চি বিমান ৰয়ে আত্মগোপন কৰাৰ ২৪ ঘণ্টাৰ অতিক্ৰম কৰাৰ পাছতো স্মাৰ্ট অসম আৰক্ষীয়ে অভিযুক্তজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ বিমান ৰয়ে যাতে অসম এৰি পলায়ন কৰিব নোৱাৰে, তাক নিশ্চিত কৰাৰ বাবে সকলো পথতো চোকা নজৰ ৰাখিছে আৰক্ষীয়ে৷ অৱশ্যে শীঘ্ৰেই বিমান ৰয়ক গ্ৰেপ্তাৰ কৰি ২০-৩০ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিব বুলিও আশ্বাস প্ৰদান কৰিছে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে৷

ঘগ্ৰাপাৰ থানাত যুৱ-ছাত্ৰৰ বিক্ষোভ

‘আমাৰ অসম’ৰ ঘগ্ৰাপাৰৰ প্ৰতিবেদকঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ থানাত এগৰাকী কিশোৰীক উলংগ কৰি আৰক্ষী বিষয়াই ফটো তোলাৰ অভিযোগ আৰু আৰক্ষী বিষয়াই থানাৰ পৰা পলায়ন কৰা ঘটনাই সমগ্ৰ জিলাখনত উত্তেজনাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, ঘগ্ৰাপাৰ থানাৰ এজন এছআইপৰ্যায়ৰ বিষয়াই ঘগ্ৰাপাৰ থানাত ২১জুনৰ নিশা নাঙঠ কৰি ফটো তোলাৰ অভিযোগ তুলি নলবাৰী থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী কিশোৰীগৰাকীয়ে৷ তাক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আজি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিং ঘগ্ৰাপাৰ থানাত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে সংবাদ মাধ্যমক কয় যে- সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত বিমান ৰয়৷ বিমান ৰয়ক ইতিমধ্যে বৰ্খাস্ত কৰা হৈছে৷  অতিশীঘ্ৰে পলাতক আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে চাৰ্জছীট দাখিল কৰা হ’ব৷ শিশু মহিলাৰ ক্ষেত্ৰত অসম পুলিচ সংৱেদনশীল হ’ব লাগিব৷ সকলো জনসাধাৰণৰ থানাৰ বাহিৰে- ভিতৰে সুৰক্ষিত হৈ থাকিব৷ আনহাতে, শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঘগ্ৰাপাৰ থানা চৌহদত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদীসকলে ‘অভিযুক্ত আৰক্ষী বিষয়া বিমান ৰয়ক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক’ অসম পুলিচ হাই হায়,  গৃহ বিভাগ হায় হায় আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নলবাৰী জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি, সম্পাদক ক্ৰমে নিৰোজ দাস আৰু যোগেশ কলিতাই কয় যে থানাৰ ভিতৰত যেতিয়া কিশোৰীৰ সুৰক্ষা নাই তেতিয়াহ’লে জনসাধাৰণৰ নিৰাপত্তা ক’ত, কেনেদৰে থানাৰ ভিতৰত কিশোৰীগৰাকীক শাৰীৰিক নিৰ্যাতন চলাই আৰক্ষী বিষয়াজন পলায়ন কৰিলে, সেই কথাই গৃহ বিভাগৰ ব্যৰ্থতা প্ৰমাণ কৰিছে৷ অতিশীঘ্ৰে আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰি গৃহ বিভাগৰ দায়িত্ব পালন কৰিবলৈ চৰকাৰক আহ৩ান জনায়৷ উল্লেখ্য, কিশোৰীগৰাকী এজন কিশোৰৰ সৈতে পলাই যোৱাত ৰাইজে ধৰি নলবাৰী সদৰ থানাত গতাই দিয়াৰ পাছত নলবাৰী আৰক্ষীয়ে নিশাই যুৱক-যুৱতী হাল ঘগ্ৰাপাৰ থানা এলেকাৰ বাসিন্দা হোৱা হেতুকে ঘগ্ৰাপাৰ আৰক্ষী থানাত গতাই দিছিল৷  ইপিনে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক ক্ৰমে গুণজ্যোতি পাঠক অক্ষয় ডেকাই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰক্ষকেই যেতিয়া ভক্ষক হয় তেতিয়াহ’লে আমি কাৰ ওপৰত বিশ্বাস ৰাখিম৷ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীজন এইক্ষেত্ৰত নিমাত কিয় বুলি প্ৰশ্ন কৰি দুখী আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী জনায়৷