Logo
image

হাইকমাণ্ডৰ নিৰ্দেশ অগ্ৰাহ্য, মুখ্যমন্ত্ৰিত্ব নেৰে বীৰেন সিঙে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ জুলাইঃ অশান্তজৰ্জৰ মণিপুৰত পুনৰ আৰম্ভ হোৱা মৃত্যুৰ মিছিলৰ মাজতে শুকুৰবাৰে ৰচিত হ’ল পদত্যাগৰ নাটকৰ মাজেৰে বিজেপিৰ হাইকামাণ্ডক অগ্ৰাহ্য কৰাৰ বিৰল পদক্ষেপ৷ দিল্লীৰ পৰা হাইকামাণ্ডৰ নিৰ্দেশত পদত্যাগ কৰিবলৈ মণিপুৰলৈ উভতি অহা মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যত উপস্থিত হৈয়েই সমৰ্থকৰ ‘হেঁচা’ত পৰি পদত্যাগ নকৰে বুলি ঘোষণা কৰি অমান্য কৰিলে বিজেপিৰ শীৰ্ষনেতাৰ নিৰ্দেশ৷ কেৱল হাইকামাণ্ডৰ নিৰ্দেশ অমান্যই নহয়, সমৰ্থকৰ ‘হেঁচা’ আৰু সমৰ্থকে পদত্যাগ পত্ৰ ফালি পেলোৱাৰ বাবেই এনে সিদ্ধান্ত ল’বলৈ বাধ্য হোৱা বুলি ৰাজহুৱা ঘোষণা কৰিলে ঘৰ পাই শক্তি ঘূৰাই পোৱা এন বীৰেন সিঙে৷ মুখ্যমন্ত্ৰীৰ আসনৰ ক্ষেত্ৰত নিজৰ কতৃৰ্ত্ব কিমান তাকো প্ৰদৰ্শন কৰিলে মণিপুৰৰ বিজেপি মুখ্যমন্ত্ৰীজনে৷ অথচ তেওঁক দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পদত্যাগ কৰিবলৈ স্পষ্ট নিৰ্দেশ দিছিল আৰু অন্যথা বিজেপিৰ হাইকামাণ্ডে অশান্তজৰ্জৰ ৰাজ্যখনৰ বিজেপি চৰকাৰৰ ক্ষেত্ৰত নিজে কঠোৰ সিদ্ধান্ত ল’ব বুলি কৈছিল৷ কিয়নো এই পৰ্যন্ত মণিপুৰৰ পৰিস্থিতি ৰাজ্য চৰকাৰে চম্ভালি পৰা নাই বুলি দেশজুৰি তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছিল৷ এনে পৰিস্থিতিত দিল্লীত হাইকামাণ্ডৰ সন্মুখত পদত্যাগৰ নিৰ্দেশৰ প্ৰতি সহাঁৰি জনালেও নিজ ৰাজ্যত আহি উপস্থিত হোৱাৰ পাছত পৰিৱৰ্তিত পৰিস্থিতিত পদত্যাগ নকৰে বুলি ঘোষণা কৰি হাইকামাণ্ডৰ নিৰ্দেশ ওফৰাই পেলালে এন বীৰেন সিঙে৷ স্মৰণকালত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে কোনো ৰাজ্যিক নেতাই আৰু মুখ্যমন্ত্ৰীয়ে এনে সাহস প্ৰদৰ্শন কৰিব পৰা নাই৷ আনকি নিজ হাতেৰে চৰকাৰ গঢ়া কৰ্ণাটকৰ বৰ্ষীয়ান নেতা এছ য়েডিয়ুৰাপ্পায়ো কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে এনে সাহস প্ৰদৰ্শন কৰিব পৰা নাছিল৷ য়েডিয়ুৰাপ্পাই যিদৰে কাৰ্যকালৰ মাজতে হাইকামাণ্ডৰ নিৰ্দেশত মুখ্যমন্ত্ৰীৰ আসন এৰিবলৈ বাধ্য হৈছিল, সেইদৰে হাইকামাণ্ডৰ নিৰ্দেশত কাৰ্যকালৰ মাজতে মুখ্যমন্ত্ৰীৰ আসন এৰিবলৈ বাধ্য হৈছিল ত্ৰিপুৰাৰ বিপ্লৱ দেব, গুজৰাটৰ দুই মুখ্যমন্ত্ৰী আনন্দীবেন পেটেল, বিজয় ৰূপানী, উত্তৰাখণ্ডৰ ত্ৰিবেন্দ্ৰ সিং ৰাৱট, তিৰথ সিং ৰাৱটে৷ তদুপৰি হাইকামাণ্ডৰ নিৰ্দেশত কাৰ্যকালৰ অন্তত মুখ্যমন্ত্ৰীৰ আসন অনিচ্ছা সত্ত্বেও হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়াই দিবলৈ বাধ্য হৈছিল সৰ্বানন্দ সোণোৱাল৷ ইয়াৰ বিপৰীতে হাইকামাণ্ডৰ নিৰ্দেশ অমান্য কৰাৰ সাহস দেখুৱালে মণিপুৰৰ এন বীৰেন সিঙে৷ এন বীৰেন সিঙৰ এই লুটি বাগৰ মৰা কাৰ্যকলাপৰ বিৰুদ্ধে এতিয়াও বিজেপিৰ হাইকামাণ্ডে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই৷ আনকি এন বীৰেন সিঙে পদত্যাগ নকৰাৰ আকস্মিক সিদ্ধান্তৰ ক্ষেত্ৰতো মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে কেন্দ্ৰীয় শীৰ্ষ নেতৃত্ব৷ এই মুহূৰ্তত এন বীৰেন সিঙক দমন কৰাৰ বাবে কেন্দ্ৰৰ শীৰ্ষ নেতৃত্বৰ হাতত চৰকাৰ ভাঙি ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰাৰ গত্যন্তৰ নাই৷ সেই পদক্ষেপ লোৱাটো বিজেপিৰ বাবে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ দৰে হ’ব৷ কিয়নো মণিপুৰত এতিয়া শাসনত থকা চৰকাৰখন বিজেপিৰ নিজৰেই চৰকাৰ৷
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে হাইকামাণ্ডৰ নিৰ্দেশ অগ্ৰাহ্য কৰিবৰ বাবে অৱশ্যে নাটকৰ আশ্ৰয় ল’বলগীয়া হয়৷ শুকুৰবাৰে পুৱা যেতিয়া তেওঁ নতুন দিল্লীৰ পৰা ইম্ফললৈ উভতি আহিছিল, তাৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ সূত্ৰক উদ্ধৃত কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে জনাই দিছিল ৰাজ্যত উপস্থিত হৈয়েই বীৰেন সিঙে মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰিব৷ তেওঁৰ কাৰ্যালয়ে ইতিমধ্যে ৰাজ্যপালক বীৰেন সিঙে সাক্ষাৎ কৰাৰ সময়ো লৈছিল৷ কিন্তু বীৰেন সিং আহি ইম্ফলত উপস্থিত হোৱাৰ পাছতে নাটকীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ বীৰেন সিঙৰ সমৰ্থকৰ বৃহৎ এটা দলে তেওঁৰ চৰকাৰী বাসভৱন বেৰি ধৰে আৰু তেওঁৰ পদত্যাগৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰে৷ বিশাল জনতাই তেওঁৰ বাসভৱনৰ সন্মুখত বহি পৰি মুখ্যমন্ত্ৰীৰ কনভয় ওলাই অহাত বাধা প্ৰদান কৰে৷ একেদৰে আন এটা বিশাল দলে ৰাজভৱনৰ সন্মুখতো অৱস্থা কৰি মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ প্ৰৱেশ অসম্ভৱ কৰি তোলে৷ কোনোমতে মুখ্যমন্ত্ৰীয়ে তেওঁৰ বাসভৱনৰ পৰা প্ৰতিবাদকাৰীৰ প্ৰতিবাদ নেওচি আগবাঢ়ে যদিও তেওঁৰ কনভয়ে ৰাজ্যপালৰ বাসভৱনত প্ৰৱেশ কৰিবলৈ সক্ষম নহ’ল৷ ৰাজভৱনৰ সন্মুখতে তেওঁক হাজাৰ হাজাৰ সমৰ্থকে বেৰি ধৰে৷ তেওঁলোকে দাবী কৰে, এই পৰিস্থিতিত মুখ্যমন্ত্ৰী বীৰেন সিঙে পদত্যাগ কৰিলে ৰাজ্যৰ অৱস্থা আৰু প্ৰতিকূল হৈ পৰিব৷ এনে পৰিস্থিতিত ৰাজ্যক কোনে নেতৃত্ব দিব বুলি অনেকেই প্ৰশ্ন কৰে৷ তেনে সময়তে ৰাজভৱনৰ সন্মুখত এক নাটকীয় পৰিস্থিতিত এটা মহিলাৰ দলে মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু তেওঁৰ সংগীসকলক ঘেৰি ধৰে৷ তাৰ মাজৰ পৰাই এগৰাকী মহিলাইমুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ পত্ৰখন থপিয়াই কাঢ়ি নি টুকুৰা-টুকুৰকৈ ফালি পেলায়৷ তাৰ পাছতে এন বীৰেন সিঙে আকস্মিকভাৱে ঘোষণা কৰে যে ৰাইজৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই তেওঁ পদত্যাগৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে৷ অৱশ্যে সংবাদ মাধ্যমৰ মতে এই সকলোবোৰ আছিল এন বীৰেন সিং আৰু তেওঁৰ ঘনিষ্ঠই তৈয়াৰ কৰা নাটক, যাতে এক প্ৰতিবাদী পৰিস্থিতিৰ সৃষ্টি হয় আৰু সেই প্ৰতিবাদৰ ওচৰত সেও মানি এন বীৰেন সিঙে পদত্যাগৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হয়৷ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ এই কৌশল স্বাভাৱিকতে কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বই বুজি পাইছে৷ কিন্তু এই মুহূৰ্তত এন বীৰেন সিঙৰ কৌশলী সিদ্ধান্তৰ বিৰুদ্ধে বিজেপিৰ হাইকামাণ্ডে কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই৷