Logo
image

দাম বাঢ়িল সুৰাৰ, বিক্ৰী হ’ব মলতো

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ জুলাইঃ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ ধন দি সন্তুষ্ট কৰিবলৈ ঋণ লৈ তৎ নোপোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে এইবাৰ ৰাজ্যৰ অলিয়ে-গলিয়ে সুৰাৰ বন্যা বোৱাৰ বাবে শুকুৰবাৰে নতুন আবকাৰী নীতি বলৱৎ কৰিলে৷ এহাতে মুখ্যমন্ত্ৰীয়ে সুৰাপান কৰি বাহন চলোৱা চালকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ দিছে, আনহাতে পৌৰ এলেকাৰ শ্বপিং মল, বাণিজ্যিক অট্টালিকাৰ লগতে গ্ৰামাঞ্চলতো নতুনকৈ শ শ সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে অধিসূচনা জাৰি কৰি কাৰ্যত যেন যুৱ-প্ৰজন্মক পংগুত্বৰ দিশে ঠেলি দিছে৷ মাজ নিশালৈ ৱাইন শ্বপত সুৰা সুলভ কৰি বৰ্তমান উপলব্ধ বিদেশী সুৰাৰ দাম ১৫-২০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিছে আবকাৰী বিভাগে৷ এই নিৰ্দেশৰ জুলাই, শনিবাৰৰ পৰা কাৰ্যকৰী হ’ব৷ শুকুৰবাৰে আবকাৰী বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰে জাৰি কৰা ৰাজপত্ৰিত জাননী অনুসৰি গুৱাহাটীৰ লগতে প্ৰতিখন চহৰৰ পৌৰ এলেকা সমূহৰ শ্বপিং মল তথা বাণিজ্যিক অট্টালিকাত প্ৰিমিয়াম ৱাইন শ্বপৰ লাইচেন্স প্ৰদান কৰাৰ কৰিব৷ নতুনকৈ অনুজ্ঞাপত্ৰ দিবলগীয়া শীত-তাপ নিয়ন্ত্ৰিত বিলাসী সুৰাৰ বিপণীসমূহ নিশা ১১ বজালৈ উপলব্ধ হ’ব সুৰা৷ অৰ্থাৎ সাধাৰণ ৱাইন শ্বপ সমূহত নিশা ১০ বজালৈ সুৰা বিক্ৰীৰ অনুমতি আছে যদিও শ্বপিং মলৰ এছক্লুছিভ প্ৰিমিয়াম ৱাইন শ্ব’প সমূহত নিশা ১১ বজালৈ সুৰা বিক্ৰী কৰিব পাৰিব৷ অসমত বৰ্তমানলৈ পানীয় সুৰা বিক্ৰীৰহে অনুমতি আছে যদিও নতুন প্ৰিমিয়াম ৱাইন শ্বপসমূহত এলকহলযুক্ত চকলেট (লিকাৰ চকলেট) বিক্ৰী কৰিব পাৰিব৷ নকলেও হ’ব যে কম বয়সীয়া ছাত্ৰ-ছাত্ৰীয়ে শ্বপিং মললৈ গৈ এলকহলযুক্ত চকলেটৰ (লিকাৰ চকলেট) নিচাৰ সোৱাদ লোৱাৰ পথ প্ৰশস্ত হৈ পৰিল৷ নতুন সুৰানীতি অনুসৰি পৌৰ নিগমৰ এলেকাৰ ভিতৰত ন্যূনতম ৫০০ বৰ্গ ফুটৰ মজিয়াৰ বাণিজ্যিক অট্টালিকা তথা শ্বপিং মলত প্ৰিমিয়াম ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়া হ’ব৷ এইসমূহ বিলাসী বিপণীত আই এম এফ এল, বি আই অ, বি আই আই সুৰাৰ লগতে পৰম্পৰাগত সুৰাও বিক্ৰী কৰিব পাৰিব৷ তদুপৰি বিপণীসমূহে অতি কমেও বিদেশৰ পৰা আমদানিকৃত বি আই অ’ সুৰা তথা বীয়েৰৰ ২০টা বটল প্ৰদৰ্শন কৰি ৰাখিব লাগিব৷ সুৰাপায়ী গ্ৰাহকে শ্বপিং মলত আন আন সামগ্ৰী হাতেৰে স্পৰ্শ কৰি পছন্দ কৰাৰ দৰে প্ৰিমিয়াম ৱাইন শ্বপত বিলাতী সুৰাসমূহো প্ৰত্যক্ষ কৰাৰ বাবে সজাই-পৰাই ৰখাৰ সুবিধা থাকিব লাগিব৷ উক্ত এছক্লুচিভ সুৰা বিপণীসমূহ শীত-তাপ নিয়ন্ত্ৰিত হ’ব৷ নিবিদাৰ জৰিয়তে আবকাৰী বিভাগে এইসমূহ সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব যদিও অনুজ্ঞাপত্ৰৰ বাৰ্ষিক মাচুল ৪ লাখ টকা হ’ব ধাৰ্য কৰাৰ কথা অধিসূচনাখনত  উল্লেখ কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে ‘আমাৰ অসম’ কাকতত ইতিপূৰ্বে আবকাৰী বিভাগে বিদেশী সুৰাৰ মূল্য বৃদ্ধি আৰু ৰিলায়েন্স মাৰ্টত সুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰ দিয়াৰ পৰিকল্পনাৰ সন্দৰ্ভত সবিষ্টাৰে বাতৰি প্ৰকাশ পাইছিল৷ ‘আমাৰ অসম’ৰ উক্ত বাতৰিৰ সত্যতা প্ৰতীয়মান কৰি অৱশেষত শুকুৰবাৰে আবকাৰী বিভাগে ৰাজ্যৰ নতুন সুৰা নীতি আৰু বিলাতী সুৰাৰ দাম বৃদ্ধিৰ অধিসূচনা জাৰি কৰে৷ নতুন অধিসূচনা অনুসৰি জেনেৰেল, ৰেগুলাৰ, লাগজাৰী, এলিজেণ্ট প্ৰিমিয়াম আৰু ক্লাচিক প্ৰিমিয়াম প্ৰতিটো ব্ৰেণ্ডৰ সুৰাৰে সৰ্বোচ্ছ ২০ শতাংশ পৰ্যন্ত দাম বৃদ্ধি পাব৷ উল্লেখ্য, ইতিপূৰ্বে আবকাৰী বিভাগে প্ৰতিখন জিলাতে গাঁৱে-ভূঞে ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে স্থান চিনাক্ত কৰি তালিকা দিবলৈ জিলা আবকাৰী অধীক্ষকসকলক নিৰ্দেশ দিছিল৷ সেই নিৰ্দেশ মৰ্মে আবকাৰী অধীক্ষকসকলে ন্যূনতম ৩০০০ জনবসতি একো একোটা অঞ্চলক নতুন ৱাইন শ্বপ স্থাপনৰ বাবে স্থান চিনাক্ত কৰিছিল৷ আবকাৰী অধীক্ষকসকলে ৰাজ্যৰ প্ৰায় ৭০০টা স্থানত ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল৷ সেই প্ৰস্তাৱক বাস্তৱ ৰূপ দিয়াৰ বাবে গাঁৱে-ভূঞে, অলিয়ে-গলিয়ে নতুন সুৰা বিপণীৰ অনুজ্ঞাপত্ৰৰো নিবিদাৰ নীতি-নিয়মৰ অধিসূচনা জাৰি কৰিছে৷ এনে ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰৰ বাবে দুটা পৰ্যায়ত নিবিদা দাখিল কৰিব লাগিব৷ জিলা উপায়ুক্তই গঠন কৰি দিয়া জিলা পৰ্যায়ৰ নিবিদা কমিটীয়ে ফাইনেন্সিয়েল আৰু টেকনিকেল এই দুটা পৰ্যায়ত নিবিদা পত্ৰ পৰীক্ষা কৰিব৷ ফাইনেন্সিয়েল নিবিদাত উচ্ছ হাৰত ধন আদায় দিয়া ব্যৱসায়ীক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব৷ আবকাৰী বিভাগে গাঁও পঞ্চায়ত, পৌৰ নিগম এলেকাতো এইসমূহ সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব৷ নতুন সুৰা বিপণীৰ নিবিদা অনুসৰি এজন ব্যক্তিক এখন অনুজ্ঞাপত্ৰহে প্ৰদান কৰা হ’ব৷ কিন্তু নিবিদা কমিটীয়ে সন্তুষ্ট হ’লে অতিৰিক্ত অনুজ্ঞাপত্ৰৰ বাবেও আৱেদনৰ সুযোগ দিব পাৰিব৷ অৰ্থাৎ এজন ব্যক্তিয়ে এখনতকৈ অধিক ৱাইনশ্বপৰ অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব৷ এক কথাত আবকাৰী বিভাগৰ নতুন সুৰা নীতিয়ে ৰাজ্যৰ সুৰাৰ বন্যা হোৱাৰ লগতে উঠি অহা প্ৰজন্মটোক যে পংগুত্বৰ মুখলৈ ঠেলি দিব সেয়া নিশ্চিত হৈ পৰিছে৷ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক আইন-শৃংখলা অটুত ৰাখিবলৈ বাৰম্বাৰ নিৰ্দেশ দিয়াৰ লগতে দুৰ্ঘটনা ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিলেও সুৰাপায়ীৰ বাবেই যে মুখ্যমন্ত্ৰীৰ ঘোষণা ভেকোঁভাওনাত পৰিণত হ’ব সেয়া ধ্ৰুৱ সত্য৷  অৱশ্যে আবকাৰী বিভাগে ৰাজ্যত নতুনকৈ কিমান সংখ্যক ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিব তাক ৰাজহুৱা কৰা নাই যদিও নতুন সুৰা নীতিৰ জৰিয়তে বছৰি ৩ হাজাৰ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ গাঁৱে-ভূঞে সুৰা সুলভ হৈ পৰাত নতুন প্ৰজন্মটো বিপথগামী হ’লেও বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ যেন কোনো ভূক্ষেপ নাই৷ প্ৰিমিয়াম ৱাইনশ্বপত এলকহলযুক্ত চকলেট উপলব্ধ হোৱাত কমবয়সীয়া ছাত্ৰ-ছাত্ৰীয়ে এতিয়া সুৰাৰ প্ৰতি আসক্ত হৈ পৰাৰ আশংকা ঘণীভূত হৈছে৷