Logo
image

তিনি গগৈৰ মিলিত হুংকাৰে তোলপাৰ লগালে শিৱসাগৰ

‘আমাৰ অসম’ৰ শিৱসাগৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ,১ জুলাইঃ তিনি গগৈৰ হুংকাৰে উত্তাল কৰিলে শিৱসাগৰ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ সন্মিলিত হুংকাৰে অসমৰ ৰাজনীতিত পট পৰিৱৰ্তনৰ ইংগিত বহন কৰাৰো ইংগিত দিছে ৰাজনৈতিক পৰ্যবেক্ষক মহলে৷ উল্লেখ্য, উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ আহ্বানক্ৰমে শিৱসাগৰত অনুষ্ঠিত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীলৈ আজি হাজাৰ হাজাৰ জনতাই  মুক্তমনে ওলাই আহিল৷ ওলাই আহিল বিজেপিবিৰোধী ৰাজনৈতিক দলসমূহৰ নেতৃত্বৰ লগতে জাতি-জনগোষ্ঠী সংগঠনসমূহৰ নেতা-কৰ্মী৷ শিৱসাগৰ নগৰৰ মাজমজিয়াত দিনৰ প্ৰায় ১১ বজাৰ পৰা আৰম্ভ হোৱা এই গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমষ্টি বিলুপ্তিকৰণৰ সন্দৰ্ভত অসম বিধানসভাৰ বিৰোধী দলপতি তথা নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেবব্ৰত শইকীয়াই সমষ্টি বিলুপ্তিকৰণ আৰু সীমানিৰ্ধাৰণ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধীতা কৰি কয় যে অসমৰ ৰাইজে এই খচৰাক কোনো কাৰণতে মানি নলয়৷ ইতিমধ্যে সমগ্ৰ অসমত ইয়াৰ প্ৰতিবাদ হৈছে৷ চৰকাৰ তথা নিৰ্বাচন আয়োগে এই সিদ্ধান্ত বাতিল কৰিবই লাগিব বুলি তেওঁ প্ৰকাশ কৰে৷ ইয়াৰ লগতে তেওঁ কয় যে ডিলিমিটেশ্বনৰ বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে কংগ্ৰেছৰ লগতে বিজেপিবিৰোধী ৰাজনৈতিক দলসমূহে দেশৰ নিৰ্বাচন আয়োগৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই আহিছে৷ বিগত সময়ত অসমলৈ নিৰ্বাচন আয়োগ আহোঁতে সকলো বিৰোধী ৰাজনৈতিক দল-জাতি-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিয়ে আয়োগক সাক্ষাৎ কৰি সমষ্টি পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়াক বাতিল কৰিবলৈ দাবী জনাইছিল৷ আয়োগক স্পষ্টকৈ জনোৱা হৈছিল যে অসমৰ ৰাইজে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰনিৰ্ধাৰণ কৰোতো বিচৰা নাই আৰু এই বিষয়ে শাসক চৰকাৰখনকো অৱগত কৰা হৈছিল৷ কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে সম্পূৰ্ণ এককভাৱে অসমৰ জনগণৰ আৱেগক নস্যাৎ কৰি সমষ্টি পুনৰগঠন প্ৰক্ৰিয়া আগবঢ়াই নিবৰ বাবে প্ৰচেষ্টা হাতত ল’লে৷ তেওঁলোকে বিগত ৩১ ডিচেম্বৰত দিল্লীত এখন বিশেষ কেবিনেট বৈঠক কৰি অসমৰ জিলা বিলুপ্ত কৰা, জিলা খণ্ডিত কৰা, বিভিন্ন অঞ্চল সামৰা, বিভিন্ন অঞ্চলক বাদ দিয়াৰ এক চাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল৷ ইয়াৰ পাছৰ পৰাই তেওঁলোকে অসমৰ জিলা বিলুপ্তি আৰু খণ্ডিত কৰাৰ সমান্তৰালভাৱে সমষ্টি পুনৰগঠন আগবঢ়ালে৷ আমি কংগ্ৰেছৰ দলৰ লগতে অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহে অসমৰ জনমতক উপেক্ষা কৰা আয়োগ আৰু চৰকাৰৰ এই সিদ্ধান্তক মানি নলওঁ৷ অসমীয়া অস্তিত্ব বিপন্ন কৰাৰ সিদ্ধান্ত লোৱা চৰকাৰখনে অতিশীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰক বুলি দেবব্ৰত শইকীয়াই প্ৰকাশ কৰে৷ লোকসভাৰ বিৰোধী কংগ্ৰেছ দলৰ উপ-দলপতি তথা কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে- ঐতিহাসিক শিৱসাগৰৰ পৰা অসমৰ ৰাইজে চৰকাৰক এটা বাৰ্তা দিছে৷ মুখ্যমন্ত্ৰী মহোদয়- অসমৰ ৰাইজ আপোনালোকৰ গোলাম নহয় যে আপোনালোকৰ কথাবিলাক আখৰে আখৰে পালন কৰিব৷ উপ-দলপতিগৰাকীয়ে কয় যে এতিয়া অসমৰ ৰাইজে বিজেপিৰ ৰাজত্ব আৰু স্বীকাৰ নকৰে৷ অসমত লোকতান্ত্ৰিক প্ৰক্ৰিয়া মতে প্ৰতিখন জিলাৰ মানুহৰ আৱেগক সন্মান কৰি চৰকাৰে সিদ্ধান্ত লোৱাটো বিচাৰোঁ৷ কোনো এজন বিশেষ ব্যক্তিয়ে নিজকে ইমান শক্তিশালী বুলি ভাবিব নালাগে৷ ভাবিব নালাগে তেওঁ অসমৰ ৰাইজক গোলাম হিচাপে তেওঁ যে ব্যৱহাৰ কৰিব৷ এতিয়া এইখন শিৱসাগৰৰ পৰাই ৰাইজে বাৰ্তা দিছে যে আমি কোনো ৰাজনীতিবিদৰ গোলাম নহয়৷ যিহেতু আমাৰ অধিকাৰ আছে, আমাৰ স্বাভিমান আছে আৰু আমাৰ মৰ্যাদা আছে বুলি ৰাইজে স্পষ্ট কৰি দিছে৷ ইয়াৰ লগতে ৰাইজে অসমীয়াত্বটোৰ কাৰণে ত্যাগ, বলিদান আৰু আন্দোলন কৰিবলৈ সাজু হৈ আছে বুলি গৌৰৱ গগৈয়ে প্ৰকাশ কৰে৷ ৰাইজৰ দলৰ সভাপতি তথা ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয় যে- সকলো জাতি-জনগোষ্ঠীয় সংগঠন আৰু অসমৰ সকলো বিৰোধী ৰাজনৈতিক দল এতিয়া ঐক্যবদ্ধ হৈছে৷ এই ঐক্যবদ্ধ হোৱাৰ মূল উদ্দেশ্য হৈছে লাহোৱাল বিধানসভা সমষ্টিটো  আৰু আমগুৰি বিধানসভা সমষ্টিটো কেতিয়াও বিলুপ্তিকৰণ কৰিব দিয়া নহ’ব৷ আনহাতে, শিৱসাগৰ বিধানসভা সমষ্টিটোৰ চাৰিসীমা যিধৰণে সলনি কৰিব বিচাৰিছে ইয়াৰ বিৰোধীতা কৰা হৈছে৷ বৰ্তমান চৰকাৰখনে উজনি অসমৰ লাহোৱাল আৰু আমগুৰি বিধানসভা সমষ্টিটো বিলুপ্ত কৰি খিলঞ্জীয়া অসমীয়াৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছে৷ ইতিমধ্যে ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিটোৰ ওপৰত আক্ৰমণ কৰি আৰn ইয়াৰ¸ ভৌগলীক চাৰিসীমা সালসলনি কৰি আচলতে বিজেপিয়ে জনাই দিব বিচাৰিছে যে অসমীয়া জাতিৰ ঐতিহ্যটোকেই তেওঁলোকে ভাগ ভাগ কৰি দিব পাৰে৷ বিজেপিয়ে ৰংপুৰ নগৰখনক ভাগ ভাগ কৰি দিব বিচাৰিছে৷ ইয়াৰ ঐতিহাসিক সম্পদসমূহক ভাগ ভাগ কৰি দিব বিচাৰিছে৷ শিৱসাগৰ সমষ্টিটোত থকা প্ৰশাসনিক কাৰ্যালয় এছ পি অফিচ, জিলা পৰিষদৰ অফিচ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আদি কাৰ্যালয়সমূহৰ লগতে ন্যায়ালয়কো প্ৰস্তাৱিত ডিমৌ সমষ্টিত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে৷ আচলতে বিজেপিয়ে এনে প্ৰক্ৰিয়াৰে শিৱসাগৰ সমষ্টিটোক ধ্বংস কৰি পেলাব বিচাৰিছে৷ সেয়ে উজনি অসম সমষ্টি সুৰক্ষা সমিতিয়ে বিজেপি চৰকাৰৰ এনে খিলঞ্জীয়াবিৰোধী স্থিতিৰ বিৰোধিতা কৰি ইতিমধ্যে তিনিটা দাবী উত্থাপন কৰিছে৷ ইয়াৰ ভিতৰত আমগুৰি সমষ্টি আৰু লাহোৱাল সমষ্টি বিলপ্তিকৰণ মানি লোৱা নহ’ব আৰু শিৱসাগৰ সমষ্টিৰ সীমা সলনি কৰাটো মানি লোৱা নহ’ব বুলি অখিল গগৈয়ে প্ৰকাশ কৰে৷  সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি বসন্ত গগৈয়ে সমষ্টিৰ খচৰা তালিকাক লৈ শাসক বিজেপি চৰকাৰখনত তীব্ৰ ভাষাৰে আক্ৰমণ কৰে৷ আটাছু নেতাগৰাকীয়ে নিজৰ ভাষণত কয় যে- সমষ্টি পুনৰনিৰ্ধাৰণৰ নামত শিৱসাগৰ জিলাৰ এজন বিধায়কে আহোমবিৰোধী স্থিতি গ্ৰহণ কৰিছে৷ যাৰ বাবে আমি তেওঁক বদন বুলি কৈছোঁ৷ বৰ্তমান থাওৰা বিধানসভা সমষ্টিৰ ন’ বিজেপি বিধায়ক সুশান্ত বুঢ়াগোঁহায়ে নিজৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে আৰু ভৱিষ্যতেও সমষ্টিৰ পৰা জয়ী হৈ থাকিবৰ বাবে যি পৰিকল্পনা তেওঁ কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ৷ আমি শিৱসাগৰবাসী ৰাইজে তেওঁক গৰিহণা দিছোঁ৷ আমি স্পষ্টভাৱে সুশান্ত বৰগোহাঁইক জনাব বিচাৰিছোঁ যে বিধায়কগৰাকীয়ে কি স্বাৰ্থত, কি অভিসন্ধিত ঐতিহাসিক শিৱসাগৰ সমষ্টিটোক ভাঙি ঠান-বান কৰি কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ কাৰণে এই কামটো কৰিলে ইয়াৰ শিৱসাগৰবাসীয়ে জৱাব বিচাৰিছে বুলি বসন্ত গগৈয়ে প্ৰকাশ কৰে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে - সমষ্টি নিৰ্ধাৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো আমি আৰম্ভণিৰে পৰা ইয়াৰ বিৰোধিতা কৰি আহিছিলোঁ৷ আমি স্পষ্টকৈ কৈছিলোঁ -সমষ্টি পুনৰনিৰ্ধাৰণে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ৰাজনৈতিক ভৱিষ্যত ভয়াৱহ সংকটৰ মাজলৈ ঠেলি দিব৷ তেওঁলোকৰ সমষ্টি পুনৰনিৰ্ধাৰণৰ যিটো লক্ষ্য, এই লক্ষ্য এক সাম্প্ৰদায়িক লক্ষ্য আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত৷ কেৱল বিজেপিৰ ভোটবেংক ৰক্ষা কৰিবৰ বাবেই এই প্ৰক্ৰিয়া চলোৱা হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাদা বিগ্ৰেডৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে এনে কাম কৰা হৈছে বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে৷ ইয়াৰ লগতে     সভাপতিগৰাকীয়ে কয় যে আমি সকলোৱে জানোঁ যে হিমন্ত বিশ্ব শৰ্মাই কালি কংগ্ৰেছত আছিল, আজি বিজেপিলৈ আহিলে আৰু কাইলৈ হয়তু তেওঁ এআিইউডিএফলৈ অথবা আন কোনো দললৈ যাব পাৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ লগতে তেওঁৰ কিছুমান স্তাৱকৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে জাতিবিৰোধী কামত লিপ্ত হৈছে৷ গুৰুত্বপূৰ্ণ বিষয় যে যেতিয়া এটা স্বাধীন চৰকাৰী বিভাগ নিৰ্বাচন আয়োগে সমষ্টি পুনৰনিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰি প্ৰকাশ কৰিলে, ইয়াৰ লগে লগে শাসকপক্ষই চাৰিওফালে স্ফূৰ্তি কৰি খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হ’ল বুলি প্ৰচাৰ চলাব ধৰাটো এক আৰ্চয্যজনক বিষয়৷ যিগৰাকী মুখ্যমন্ত্ৰীয়ে বাংলাদেশৰ পৰা হিন্দু বাঙালী আনি অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি কোৱাৰ পাছত এতিয়া আকৌ খচৰা প্ৰকাশৰ পিছতেই এইগৰাকী মুখ্যমন্ত্ৰীয়ে এতিয়া ক’ব খোজে যে সমষ্টি নিৰ্ধাৰণে খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰিব৷ আচলতে এয়া খিলঞ্জীয়াৰ নহয় বৰঞ্চ বিজেপিৰ ভোট বেংকহে সুৰক্ষিত হ’ব৷ বৰ্তমান বিজেপিয়ে খিলঞ্জীয়া অসমীয়াৰ ৰাজনৈতিক ভৱিষ্যতৰ ঠিকা অশোক সিংঘালৰ দৰে বিধায়কৰ হাতত দি দিব বিচাৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰকিবুল শুছেইনে খচৰা তালিকাৰ সন্দৰ্ভত কয় যে আজি উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ আহ্বানত ঐতিহাসিক শিৱসাগৰ নগৰৰ মাজমজিয়াত যি অৱস্থান ধৰ্মঘট হৈছে ইয়াত চোৰাংচোৱা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ চিআইডিক নিয়োগ কৰিছে৷ সেয়ে মই চিআইডিৰ আগতে ক’ব বিচাৰিছোঁ যে বিনাশকালে বিপৰীত বুদ্ধি৷ যেতিয়া বিপদ আহে তেতিয়া বুদ্ধিবিলাকো ভ্ৰস্ত হয়৷ বৰ্তমান এই অৱস্থা মোৰ বন্ধু হিমন্ত বিশ্ব শৰ্মাৰ হৈছে৷ সেই কাৰণে এই অধঃপতনৰ প্ৰাক্‌ মুহূৰ্ত্তত মুখ্যমন্ত্ৰীগৰাকীৰ বুদ্ধিভ্ৰস্ত হৈছে৷ মোৰ বন্ধুৱে এতিয়া জাতি সুৰক্ষাৰ নামত গোটেই জীৱনটো বিৰ্সজন দিছে৷ যদি সঁচাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিৰ সুৰক্ষাৰ কথা ভাৱিছে তেতিয়াহ’লে মই মুখ্যমন্ত্ৰীগৰাকীক এটা টিপ্‌ছ দিব বিচাৰিছোঁ৷ যিটো টিপ্‌ছে সৰ্বকালৰ বাবে অসমীয়া জাতিটোক সুৰক্ষিত কৰি ৰাখিব৷ সেয়া হ’ল মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক৷ যিহেতু এইসকল লোকে দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ বাবে সংগ্ৰাম কৰি আহিছে৷ এনে কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সুনাম লওক৷ যদি এই ব্যৱস্থা কৰা হয় তেন্তে অসমত ৫১ শতাংশতকৈ অধিক অসমত জনজাতি হৈ পৰিব৷ ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ পদটো খিলঞ্জীয়াৰ বাবে সুৰক্ষিত হৈ পৰিব৷ মই স্পষ্টকৈ ক’ব বিচাৰোঁ এই লোকজনৰ কোনো অসমৰ জাতি-জনজাতিৰ বাবে আন্তৰিকতা নাই৷ এই যে সমষ্টি পুনৰগঠন কৰিছে এয়া কেৱল মৌলানা বদৰুদ্দিন আজমলৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ কাৰণে কৰা হৈছে বুলি বিস্ফোৰক অভিযোগ কৰে ৰকিবুল হুছেইনে৷ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিৱ শৃংখল চলিহাই কয় যে- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৈত্ৰিক সম্পত্তি নহয়৷  নিজকে অসমৰ ৰজা বুলি ভবা মুখ্যমন্ত্ৰীগৰাকীয়ে অসমমাতৃক টুকুৰা টুকুৰ কৰিব নোৱাৰিব৷ অসমীয়া জাতিক সুৰক্ষাৰ বাবে বুকুত গুলী খাবলৈও আমি সাজু আছোঁ বুলি চলিহাই প্ৰকাশ কৰে৷ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ  কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বড়াই নিজৰ ভাষণত উল্লেখ কৰে যে- অসমৰ ইতিহাসত শিৱসাগৰৰ অনবদ্য অৱদান আছে৷  বীৰ পিয়লি ফুকনৰ বিদ্ৰোহৰ পৰা আলফাৰ সশস্ত্ৰ সংগ্ৰামখন শিৱসাগৰৰ পৰাই আৰম্ভ হৈছিল৷ এই শিৱসাগৰৰ ৰাইজে আজি সমষ্টি পুনৰনিৰ্ধাৰণৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিছে৷ শিৱসাগৰৰ সংগ্ৰামী জনগণৰ ওচৰত চৰকাৰ নতশিৰ হ’বই লাগিব৷ খিলঞ্জীয়াৰ অধিকাৰ প্ৰতিষ্ঠানৰ নামলৈ শাসনলৈ অহা বিজেপিয়ে এতিয়া খিলঞ্জীয়া অস্তিত্ব বিপন্ন কৰাত উঠি-পৰি লাগিছে বুলি উল্লেখ কৰে৷ এই গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি চিপিআইৰ নেতা কনক গগৈ, অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ তথা মুখপাত্ৰ দিলীপ শৰ্মা, কামৰূপ মহানগৰ সমিতিৰ সভাপতি তপন কুমাৰ কলিতা, আহোম সেনাৰ সভাপতি অংকুৰণ ফুকন, আহোম সভাৰ শিৱসাগৰ জিলা সভাপতি জয়ন্ত ৰাজকোঁৱৰ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দেৱজিৎ দত্ত, মটক যুৱ ছাত্ৰ সন্মিলনীৰ উপ-সভাপতি অনুপ চেতিয়া, সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱা, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, সদৌ অসম মৰিয়া ছাত্ৰ সন্থাৰ সভাপতি আছাদুৰ ৰহমান, চিপিআইএমএলৰ কাৰ্যনিৰ্বাহক বলিন্দ্ৰ শইকীয়া,  ‘আপ’ৰ ৰাজ্যিক কাৰ্য নিৰ্বাহক ৰঞ্জিত শৰ্মা, চিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰকে আদি কৰি বহুসংখ্যক ৰাজনৈতিক নেতা আৰু জাতি-জনগোষ্ঠীয় সংগঠনৰ নেতাই সমষ্টি পুনৰনিধাৰ্ৰণ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰি ভাষণ প্ৰদান কৰে৷