Logo
image

অৱশেষত শুভবুদ্ধি উদয় হ’ল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি, ১ জুলাই ঃ অৱশেষত যেন শুভবুদ্ধিৰ উদয় হ’ল কোক্‌ৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ৷ ব্যাপক প্ৰতিক্ৰিয়া তথা সমালোচনাত সেও মানি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়কে আজি এখন জাননীৰ জৰিয়তে স্পষ্ট কৰে যে– ‘গুৰু বিষয়ৰ স্নাতক [এম আই এল বাদ দি] তথা বৃত্তিগত পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলে পূৰ্বৰ দৰেই অসমীয়া বা ইংৰাজীত উত্তৰ লিখিব পাৰিব৷ বিশ্ববিদ্যালখনৰ উপাচাৰ্যৰ নিৰ্দেশ মৰ্মে এই জাননী জাৰি কৰা হৈছে৷’ লক্ষণীয় যে যোৱা ২৬ জুনত বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়কে এখন জাননী জাৰি কৰি বিশ্ববিদ্যালয়খনৰ অধীনস্থ ৫৯ খন কলেজৰ স্নাতক [মেজৰ] আৰু বৃত্তিগত পাঠ্যক্ৰমৰ পৰীক্ষাৰ উত্তৰ ইংৰাজীত লিখা বাধ্যতামূলক কৰি অসমীয়া মাধ্যমক এলাগী কৰিছিল৷ এই সন্দৰ্ভত যোৱা ২৮ জুন সংখ্যাৰ ‘আমাৰ অসম’ত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছতে সৰ্বত্ৰ হাহাকাৰ লাগে আৰু আছুকে প্ৰমুখ্য কৰি বিভিন্ন দল-সংগঠন বিশ্ববিদ্যালয়খনৰ এই অসমীয়া ভাষাবিদ্বেষী নীতিৰ বিৰুদ্ধে গৰজি উঠে৷ তীব্ৰ ৰাজহুৱা হেঁচাৰ পৰিপ্ৰেক্ষিতত অৱশেষত বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিজৰ ভুল মানি ল’বলৈ বাধ্য হয়৷ বিশ্ববিদ্যালয়খনৰ উচ্ছস্তৰীয় সূত্ৰই জনোৱা মতে অহা ৪ আৰু ৫ জুলাইত অনুষ্ঠিত হ’বলগীয়া বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদ আৰু কাৰ্যবাহী পৰিষদৰ সভাত এই বিতৰ্কিত জাননীখন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ কথা আছিল যদিও তীব্ৰ প্ৰতিক্ৰিয়া-হেঁচাৰ পৰিপ্ৰেক্ষিতত গতি-বেগতিক দেখি ততাতৈয়াকৈ চাৰিদিন পূৰ্বেই এই বিতৰ্কিত জাননীখন প্ৰত্যাহাৰ কৰিবলৈ কাৰ্যতঃ বাধ্য হ’ল বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষ৷ উল্লেখ্য যে যি সময়ত বিশ্ববিদ্যালয় অনুদান আয়োগে [ইউজিচি] দেশৰ বিশ্ববিদ্যালয় তথা উচ্ছশিক্ষাৰ প্ৰতিষ্ঠানসমূহক মাতৃভাষা মাধ্যমতে ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান আহৰণ তথা পৰীক্ষাত লিখাৰ বাবে অনুমতি দিবলৈ পৰামৰ্শ দিছে, যি সময়ত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমো মাতৃভাষাত প্ৰস্তুত কৰিবৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে– সেই সময়তে কোক্‌ৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত ঘটিল সম্পূৰ্ণ বিপৰীত ঘটনা৷ দেশৰ নতুন শিক্ষানীতি তথা ইউজিচিৰ ঘোষিত নীতিৰ বিপৰীতে বড়োলেণ্ড বিশ্ববিদ্যালয় কতৃৰ্পক্ষই স্নাতক পৰ্যায়ত অসমীয়া মাধ্যম প্ৰত্যাহাৰ কৰে৷ এয়া নিঃসন্দেহে অসমীয়া ভাষাৰ ওপৰত আছিল প্ৰচণ্ড আঘাত, অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিষাদৰ বতৰা আছিল৷ উল্লেখ্য, চলিত বৰ্ষৰ ২৮ মাৰ্চত অনুষ্ঠিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহত স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে আধুনিক ভাৰতীয় ভাষাৰ [এমআইএল] বাহিৰে আন সকলো বিষয়ত মেজৰৰ পৰীক্ষাৰ উত্তৰবহীত কেৱল ইংৰাজীতহে লিখিব পাৰিব৷ ইয়াৰ পোনপটীয়া অৰ্থ আছিল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ ৫৯খন কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে মেজৰৰ পৰীক্ষাত পূৰ্বৰ দৰে অসমীয়াত লিখিব নোৱাৰিব৷ ২৮ মাৰ্চত অনুষ্ঠিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ বৈঠকৰ সিদ্ধান্ত মৰ্মেই চ্ছ জুনত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পঞ্জীয়কে এক জাননী জাৰি কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল যে– ‘বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজৰ স্নাতক মেজৰ, বৃত্তিগত পাঠ্যক্ৰমত ইংৰাজীত লিখাটো বাধ্যতামূলক কৰা হৈছে৷’ পোনপটীয়াকৈ নক’লেও জাননীখনত এইদৰেও ইংগিত দিয়া হৈছিল যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজসমূহৰ স্নাতক শ্ৰেণীৰ পাছ কোৰ্চ বা সাধাৰণ পাঠ্যক্ৰমতো পৰ্যায়ক্ৰমে অসমীয়া ভাষাত লিখাটো বন্ধ কৰা হ’ব৷ ছাত্ৰ-ছাত্ৰীসকলে পাছ কোৰ্চত অসমীয়াত লিখাটো ষ্টাডি মেটেৰিয়েলৰ ওপৰত নিৰ্ভৰ কৰিব বুলিও জাননীখনত উল্লেখ কৰা হৈছিল৷ বড়োলেণ্ড বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ এই অসমীয়া ভাষাবিদ্বেষী কাৰ্যই বিটিএডিৰ অসমীয়াভাষীসকলৰ লগতে সমস্ত অসমীয়াভাষীৰ আৱেগ-অনুভূতিত আঘাত হানিছিল৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজসমূহৰ সেইসকল ছাত্ৰ-ছাত্ৰী ভয়ংকৰ বিপদৰ সন্মুখীন হৈছিল– যিসকলৰ মাতৃভাষা অসমীয়া৷ এই সন্দৰ্ভত ‘আমাৰ অসম’ত প্ৰকাশিত বাতৰিয়ে জোকাৰি যায় সমগ্ৰ বৌদ্ধিক তথা সচেতন মহলক৷ দিনচেৰেক পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দল বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ যায় আৰু অকণো বিলম্ব নকৰাকৈ অসমীয়া ভাষাবিৰোধী জাননীখন প্ৰত্যাহাৰ কৰাৰ দাবী জনায়৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়কে আছুৰ প্ৰতিনিধি দলটোৰ আগত এইবুলিও স্বীকাৰ কৰে যে সেয়া তেওঁলোকৰ ভুল সিদ্ধান্ত আছিল আৰু এই বিষয়ে শৈক্ষিক পৰিষদৰ বৈঠকত আলোচনা কৰি ইতিবাচক সিদ্ধান্ত লোৱা হ’ব৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এই কাৰ্যই বিটিআৰ প্ৰশাসনকো অস্বস্তিত পেলাইছিল৷ স্বয়ং হাগ্ৰামা মহিলাৰীয়ে অভিযোগ কৰিছিল যে অসমীয়াভাষী আৰু বড়োভাষীৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যেই প্ৰমোদ বড়োৰ নিৰ্দেশত বড়োলেণ্ড বিশ্ববিদ্যালয় কতৃৰ্পক্ষই এই বিতৰ্কিত জাননীখন জাৰি কৰে৷ আছুৰ হেঁচা আৰু জাননীখনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া-প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত শৈক্ষিক পৰিষদ তথা কাৰ্যবাহী পৰিষদৰ বৈঠকৰ পূৰ্বেই উপায়ুক্তৰ বিশেষ নিৰ্দেশত জাননীখন প্ৰত্যাহাৰ কৰি বড়োলেণ্ড বিশ্ববিদ্যালয় কতৃৰ্পক্ষই ঘোষণা কৰে যে পূৰ্বৰ দৰেই স্নাতক মেজৰৰ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ উত্তৰবহীত অসমীয়া বা ইংৰাজীত লিখিব পাৰিব৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে কেইবছৰমান পূৰ্বে বড়োলেণ্ড বিশ্ববিদ্যালয় কতৃৰ্পক্ষই অসমীয়া বিষয়ৰ গৱেষণা-পত্ৰও ইংৰাজীত লিখাৰ নিৰ্দেশ দিছিল৷ সেইবাৰো তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত অৱশেষত বিশ্ববিদ্যালয় কতৃৰ্পক্ষই সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল৷ অভিযোগ মতে, বড়োলেণ্ড বিশ্ববিদ্যালয়ত পূৰ্বৰে পৰা সক্ৰিয় হৈ থকা অসমীয়া ভাষাবিৰোধী শক্তিশালী লবীটোৱে মাজে-সময়ে এনেধৰণৰ কেতবোৰ কাৰ্য সংঘটিত কৰে, যিবোৰে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলক বিপদৰ গৰাহলৈ ঠেলি দিয়াৰ উপৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰাৰ পথ প্ৰশস্ত কৰে৷ এই দুৰ্ভাগ্যজনক প্ৰৱণতাৰ পৰা বড়োলেণ্ড বিশ্ববিদ্যালয় মুক্ত হোৱাটো সকলোৱে আন্তৰিকতাৰে কামনা কৰিছে৷