Logo
image

উমি উমি বিদ্ৰোহ বিজেপিত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ জুলাই ঃ অসম বিজেপিৰ অভ্যন্তৰত উমি উমি জ্বলি থকা বিক্ষোভ আৰু ক্ষোভৰ জুই যেন ক্ৰমাৎ অধিকহে বাঢ়ি গৈ আছে৷ ইতিপূৰ্বে যোৰহাট, বঙাইগাঁও, নলবাৰী, হোজাই, গোৱালপাৰা আদি জিলাৰ একাংশ বিজেপি নেতাই দলৰ নেতৃত্বৰ কাম-কাজত ক্ষুব্ধ হৈ পদত্যাগ কৰাৰ পিছত শুকুৰবাৰে যোৰহাটৰ তিনিজনে প্ৰাক্তন জ্যেষ্ঠ বিষয়ববীয়া দলৰ পৰা পদত্যাগ কৰে৷ লোকসভাৰ নিৰ্বাচন যিমানে চমু চাপি আহিছে বিজেপিৰ অভ্যন্তৰত ক্ষোভ অসন্তোষৰ ঘটনা যেন সিমানে বাঢ়ি গৈ আছে৷ ফলত একাংশ জ্যেষ্ঠ আৰু  সক্ৰিয় কৰ্মীৰ এনে ক্ষোভ নিবাৰণ কৰাত বাজপেয়ী ভৱন সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাত শংকিত হৈ পৰিছে দলটোৰ শীৰ্ষ নেতৃত্ব৷ শেহতীয়াভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি দলৰ একাংশ নেতা-বিধায়ক অধিক ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ বৰাক উপত্যকাত দলৰ নেতা-কৰ্মীৰ মাজত সৃষ্টি হোৱা ক্ষোভে ইতিমধ্যে চূড়ান্ত ৰূপ ধাৰণ কৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজেই বিষয়টোত হস্তক্ষেপ কৰি দলৰ ক্ষোভিত নেতা-কৰ্মীসকলক কঠোৰভাৱে সকীয়নি পৰ্যন্ত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ নিজৰ ৰাজনৈতিক ভৱিষ্যত বিপন্ন হোৱাৰ আশংকাত দলৰ বিৰুদ্ধে মুকলি ক্ষোভ প্ৰকাশ কৰা সাংসদ ডাঃ ৰাজদীপ ৰয় বা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আনকি মুখ্যমন্ত্ৰীৰ পৰা ধমক পৰ্যন্ত খাবলগীয়া হয়৷ সমষ্টি হেৰুৱাই লাহোৱাল সমষ্টিৰ বিজেপি বিধায়ক বিনোদ হাজৰিকা আজি মুকলিভাৱে নিজৰ ক্ষোভ আৰু অসন্তোষ প্ৰত্যক্ষ কৰে৷ চতিয়া সমষ্টিৰ বিজেপি সমৰ্থক সকলে নিৰ্বাচন আয়োগৰ খচৰাকলৈ অসন্তুষ্টি হৈ পৰিছে৷ আজি সমষ্টিটোৰ দলীয় নেতা-কৰ্মীসকলবৈঠকত মিলিত হৈ তেওঁলোকৰ দাবী নুশুনিলে যিকোনো পৰ্যায়লৈ যোৱাৰ হুংকাৰ দিয়ে৷ বিজেপি দলৰ আভ্যন্তৰত দেখা দিয়া ক্ষোভ আৰু অসন্তোষৰ এখন স্পষ্ট চিত্ৰ দেখা গ’ল বৃহস্পতিবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত অনুষ্ঠিত মহা জনসম্পৰ্ক অভিযানৰ সভাত৷ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বহু নিষ্ঠাবান আৰু প্ৰবীন বিজেপি কৰ্মীয়ে চৰকাৰৰ কাম-কাজক কঠোৰভাৱে সমালোচনা কৰি নিজৰ নিজৰ মনত পঞ্জীভূত ক্ষোভ প্ৰকাশ কৰে৷

বিজেপিত খহনীয়া, যোৰহাটৰ তিনিজন প্ৰাক্তন বিষয়ববীয়াৰ দলত্যাগ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ভাৰতীয় জনতা পাৰ্টিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি সমগ্ৰ দেশতে মহাজনসম্পৰ্ক অভিযান চলোৱাৰ লগতে প্ৰাক্তন কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰিলেও যোৰহাট জিলাত খহনীয়া ৰুধিব পৰা নাই৷ প্ৰায় এমাহ আগৰে পৰা জিলা বিজেপিৰ ১৪জন বিষয়ববীয়াই পদত্যাগ কৰাৰ পাছত এইবাৰ তিনিজন প্ৰাক্তন বিষয়ববীয়াই দলত্যাগ কৰিছে৷ তেওঁলোক হ’ল জিলা বিজেপিৰ প্ৰাক্তন সম্পাদকদ্বয় বলীন বৰা আৰু অনিল বৰাৰ লগতে অবিভক্ত তিতাবৰ মণ্ডল কমিটিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰবীন হাজৰিকা৷ দলৰ জিলা সভাপতি হেমন্ত কলিতালৈ কালি প্ৰেৰণ কৰা পদত্যাগ পত্ৰত তেওঁলোকে কয়–“আপোনাক জনাওঁ যে ভাৰতীয় জনতা পাৰ্টিত একাত্ম মানৱতাবাদ এতিয়া নাই৷ দল এতিয়া নেতাকেন্দ্ৰিক দললৈ ৰূপান্তৰ হ’ল৷ ধৰ্মীয় সংখ্যালঘু তৃপ্তিকৰণ আৰু তুষ্টিকৰণৰ বাবে সনাতনী জনতাক তৃতীয় শ্ৰেণীৰ নাগৰিক কৰি দিছে৷ দলত নীতি-আদৰ্শ বুলি একো নাইকিয়া হ’ল৷ সেয়ে আমি সুস্থভাৱে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিলোঁ৷” ইফালে দলৰ এক অসন্তুষ্ট শিবিৰৰ সূত্ৰই ‘আমাৰ অসম’ক জানিবলৈ দিয়া মতে শীঘ্ৰে বহু নেতা- কৰ্মীয়ে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিবলৈ সাজু হৈছে৷ উল্লেখ্য, দলৰ নেতা-কৰ্মীৰ মাজত ক্ৰমবৰ্ধমান অসন্তুষ্টিয়ে দলৰ শীৰ্ষ নেতৃত্বক উদ্বিগ্ন কৰি তুলিলেও এই অসন্তুষ্টি গাপ দি ৰাখিবলৈ চেষ্টা কৰিছে৷ মন কৰিবলগীয়া যে ২২ মে’ত তিতাবৰৰ ঠেঙাল ভৱনত অনুষ্ঠিত জিলা বিজেপিৰ এখন সভাত ৰাজ্যিক পৰ্যবেক্ষক ৰূপে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ বিৰুদ্ধে ক্ষোভৰ উদ্‌গীৰণ হয়৷ এই সভাত জিলা বিজেপিৰ উপসভাপতি কুমুদ কছাৰীয়ে সভাপতিৰ বিৰুদ্ধে দলৰ আন নেতাক গুৰুত্ব নিদি স্বেচ্ছাচাৰীভাৱে কাম কৰাৰ অভিযোগ উত্থাপন কৰে৷ কছাৰীয়ে এই অভিযোগ উত্থাপন কৰাত ক্ষুব্ধ হৈ থকা আন কেইজনমান বিষয়ববীয়ায়ো ক্ষোভ উজাৰে৷ পৰ্যবেক্ষক শৰ্মাই দলৰ কেবাজনো বিষয়ববীয়াৰ ক্ষোভৰ উমান পাই এখন প্ৰীতিমেল অনুষ্ঠিত কৰি মনোমালিন্য আঁতৰ কৰাৰ বাবে হেমন্ত কলিতাক পৰামৰ্শ দিয়ে৷ সেইমৰ্মে কলিতাই পিছদিনাই জিলা বিজেপিৰ কাৰ্যালয়ত প্ৰীতিমেল আয়োজন কৰে যদিও এই সভা উত্তপ্ত হৈ পৰে৷ দুটা পক্ষত বিভক্ত হৈ পৰা বিষয়ববীয়াসকলৰ মাজত তীব্ৰ বাক-বিতণ্ডা হয়৷ ইয়াৰ পাছতে কেইজনমান ক্ষুব্ধ বিষয়ববীয়াই কলিতাৰ বিৰুদ্ধে ৰাজ্যিক বিজেপিৰ নেতৃত্বলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰে যদিও ৰাজ্যিক নেতৃত্বই এই সন্দৰ্ভত কোনো সঁহাৰি নজনালে৷ সেয়ে জিলা বিজেপিৰ উপ-সভাপতিদ্বয় কুমুদ কছাৰী আৰু ৰফিক উজ জামান, সাধাৰণ সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ, সম্পাদক অদীপ বৰা, সামাজিক মাধ্যম কোষৰ জিলা আহ্বায়ক শৰৎ গগৈ, তথ্য-প্ৰযুক্তি কোষৰ আহ৩ায়ক অনিৰুদ্ধ কাশ্যৰ প্ৰমুখ্যে ১৪জন বিষয়ববীয়াই ইতিমধ্যে বিষয়বাবৰ পৰা পদত্যাগ কৰে৷ অৱশ্যে তেওঁলোকে দলত্যাগ কৰা নাছিল৷ কিন্তু এইবাৰ ৩জন প্ৰাক্তন বিষয়ববীয়াই দলত্যাগ কৰি দলত অসন্তুষ্টিৰ গভীৰতাৰ উমান দিলে৷ মন কৰিবলগীয়া যে দলৰ মহাজনসম্পৰ্ক অভিযানৰ অংশস্বৰূপে অলপতে টীয়কত অনুষ্ঠিত প্ৰাক্তন কৰ্মকৰ্তাৰ সন্মিলনতে প্ৰাক্তন বিষয়ববীয়াৰ ক্ষোভৰ উমান পোৱা গৈছিল৷ এনে ক্ষোভৰ বাবেই স্থানীয় সাংবাদিকৰ সৈতে জিলা বিজেপিৰ সভাপতিজন বিবাদত লিপ্ত হৈছিল৷ আনকি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি জিলা বিজেপিৰ সভাপতিয়ে এনে পৰিস্থিতিৰ বাবে সাংবাদিকৰ ওচৰত দুখ প্ৰকাশ কৰাতহে পৰিস্থিতি শান্ত হয়৷

বিধায়ক বিনোদ হাজৰিকাৰ আক্ষেপঃ মোক ৰাজনৈতিকভাৱে হত্যা কৰা হ’ল

‘আমাৰ অসম’ৰ ডিব্ৰুগড় আৰু ডিকমৰ প্ৰতিবেদকঃ মোক ৰাজনৈতিকভাৱে হত্যা কৰা হ’ল৷ মোৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হ’ল৷ ‘- ভাৰতীয় নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাত লাহোৱাল সমষ্টি বিলুপ্তকৰণৰ পিছত শুকুৰবাৰে বিজেপি বিধায়ক বিনোদ হাজৰিকাই এইদৰে ক্ষোভ প্ৰকাশ কৰে৷ লাহোৱাল সমষ্টি বিলুপ্তকৰণক কেন্দ্ৰ কৰি  কেইবাদিনৰে পৰা ধাৰাবাহিক প্ৰতিবাদৰ মাজতে প্ৰথমবাৰলৈ মুখ খুলিলে বিধায়ক বিনোদ হাজৰিকাই৷ বিধায়ক হাজৰিকাই আজি এই সন্দৰ্ভত কয় ২০০১ চনত নিৰ্বাচন আয়োগে কৰি যোৱা প্ৰক্ৰিয়াৰ মাধ্যমেহে এই খচৰা প্ৰস্তুত কৰা হৈছে৷ এই খচৰাত লাহোৱাল সমষ্টিক বিলুপ্তি কৰা হৈছে৷ যিহেতু মই নিজেই লাহোৱাল সমষ্টিক প্ৰতিনিধিত্ব কৰোঁ এই হিচাপত মোৰো ৰাজনৈতিক কেৰিয়াৰ শেষ হৈছে৷ লাহোৱাল সমষ্টিক বিলুপ্তকৰণৰ ক্ষেত্ৰত বিধায়ক হাজৰিকাই কোনো কাৰণত সুখী নহয় বুলি মন্তব্য কৰি এই সম্পৰ্কে নিৰ্বাচন আয়োগলৈ বিধায়কজনে ব্যক্তিগতভাৱে পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণৰ কথা জানিবলৈ দিছে৷ নিৰ্বাচন আয়োগে বিষয়টোক বিবেচনা কৰি সিদ্ধান্ত ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে৷ অন্যহাতে বিধায়ক হাজৰিকাই কয় যে, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা প্ৰতিবাদী সত্ত্বাক মই কেতিয়াও বেয়াকৈ ক’ব নিবিচাৰোঁ৷ এটা সমষ্টি বিলুপ্তকৰণৰ লগে লগে স্বাভাৱিকতে ক্ষোভ থাকিব৷ সমষ্টিটোৰ প্ৰতি ৰাইজৰ আৱেগ জড়িত হৈ থাকে৷ তেওঁলোকৰ গণতান্ত্ৰিক প্ৰতিবাদক সমৰ্থন জনাইছোঁ৷ নিৰ্বাচন আয়োগে লাহোৱাল সমষ্টি বিলুপ্তকৰণৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিব লাগে৷ মই মুখ্যমন্ত্ৰীক আহ্বান জনাই লাভ নাই৷ যিহেতু মুখ্যমন্ত্ৰীয়ে এই খচৰা প্ৰস্তুতত জড়িত নাথাকে৷ ইফালে কাইলৈ লাহোৱালত সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব গণসমাৱেশত উপস্থিত থাকিব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ৷ লাহোৱালত অখিল-লুৰিণৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক বিনোদ হাজৰিকাই৷ তেওঁ এই সন্দৰ্ভত কয় যে, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক যোৱা নিৰ্বাচনতে আমি সকলোৱে দেখিছোঁ৷ তেওঁলোকে নিৰ্বাচনত এখন আসনো নলাভ নকৰিলে৷ অখিল-লুৰিনৰ গণভিত্তিয়ে নাই৷ বিগত বৰ্ষত অখিল গগৈয়ে চাবুৱালৈ আহি ‘কা’ আন্দোলনৰ নামত যিধৰণে অগ্নিগৰ্ভা পৰিস্থিতি সৃষ্টি কৰিছিল৷ সেই পৰিস্থিতি লাহোৱালত নকৰিবলৈ আহ্বান জনাইছে বিধায়ক বিনোদ হাজৰিকাই৷ 

অসন্তুষ্ট চতিয়া বিজেপিঃ জামুগুৰিহাটত দলীয় নেতা কৰ্মীৰ ৰূদ্ধদ্বাৰ বৈঠক

‘আমাৰ অসম’ৰ জামুগুৰিহাটৰ প্ৰতিবেদকঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুতত অসন্তুষ্ট হৈ আজি চতিয়া সমষ্টিৰ বিজেপি দলৰ সহস্ৰাধিক দলীয় নেতা কৰ্মী এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এই বৈঠকত চতিয়া সমষ্টিবাসীৰ আবেগ অনুভূতিক পিঠি দি খচৰা প্ৰস্তুতৰ অভিযোগ তুলি সৰব হৈ পৰে দলীয় নেতা কৰ্মী সকল৷ সাংৱাদিকক মন্তৱ্য দিয়াৰ পৰা দলীয় নেতাকৰ্মী সকল আঁতৰি থাকিলেও সমষ্টি পুনৰ নিদ্ধাৰণৰ খচৰাক লৈ যে তীব্ৰ অসন্তুুষ্টিয়ে দেখা দিছে সেই কথা প্ৰকট হৈ পৰিছে৷ জানিব পৰামতে চতিয়া সমষ্টিবাসীয়ে বিচৰাৰ ধৰণে সমষ্টি পুনৰ গঠন নহলে সমষ্টিবাসী যিকোনো পৰ্যায়লৈ যোৱাৰো সিদ্ধান্ত লব পাৰে৷ জিলাখনৰ এজন মন্ত্ৰী আৰু এজন বিধায়কৰ ওপৰতো সমষ্টিটোৰ বহু ৰাইজ ক্ষুণ্ণ সভাত খিলঞ্জীয়া লোকৰে বসতি পূৰ্ন চতিয়া সমষ্টিত সন্দেহজনক মানুহৰ বসতি এলেকা সংযোগ কৰাৰ ক্ষেত্ৰত এই দুজন মন্ত্ৰী বিধায়কে মুখ্য ভূমিকা গ্ৰহণ কৰা বুলিও অভিযোগ উত্থাপিত হৈছে৷ বাৰেচহৰীয়া ভাওনাৰে মহিমা মণ্ডিত জামুগুৰিহাটৰ লগত তথা চতিয়া সমষ্টিত বিভিন্ন অখিলঞ্জীয়া লোকক সাঙুৰি সমষ্টি পুনৰ নিদ্ধাৰণৰ খচৰা প্ৰস্তুত কৰা কাৰ্য কোনোপধ্যেই মানি লোৱা নহ’ব বুলিও বৈঠকত সিদ্ধান্ত লোৱা হয়৷ প্ৰয়োজনত চতিয়া সমষ্টিৰ বিজেপি দলৰ সকলো শ্ৰেনীৰ নেতা কৰ্মীয়ে হঠকাৰী সিদ্ধান্ত লবলৈও কুণ্ঠাবোধ নকৰে বুলি সিদ্ধান্ত লোৱা হয়৷ এই বৈঠকত চতিয়া সমষ্টিৰ অধীনৰ নদুৱাৰ মণ্ডল, চাৰিদুৱাৰ মণ্ডল আৰু নাগশংকৰ মণ্ডলৰ বিজেপিৰ দলীয় নেতা কৰ্মী সকলে অংশ গ্ৰহণ কৰে৷

সমষ্টি পুনৰনিৰ্ধাৰণক লৈ বিজেপিত বিদ্ৰোহ নাইঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ ৰাজ্যত সমষ্টি পুনৰনিৰ্ধাৰণক লৈ কোনো শাসকীয় দল বিজেপি বিধায়কৰ মাজতে বিদ্ৰোহ আৰম্ভ হোৱা নাই৷ আজি তেজপুৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ‘‘আজি ৩০ তাৰিখ৷ ২০ তাৰিখৰ পাছত এই দহদিনত মই বহু বিধায়কক লগ পাইছোঁ৷ তেনে কোনো বিদ্ৰোহৰ কথা নাই আৰু এয়া সম্ভৱেই নহয়৷ এইখন কেৱল খচৰাহে৷ সমষ্টি পুনৰনিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী  শৰ্মাই আৰু কয় যে, পুনৰনিৰ্ধাৰণক কেন্দ্ৰ কৰি যিসকলে ৰাজপথত আন্দোলন কৰিছে, তেওঁলোকৰ কিয় আন সমষ্টিত নিৰ্বাচন খেলাৰ সাহস নাই? একেখন অসমতে থাকি সেইকণ সাহস গোটোৱাৰ প্ৰয়োজন থাকিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি লগতে কয় যে যিহেতু এইখন খচৰাহে ইয়াত ২০-৩০শতাংশ বা পাঁচ শতাংশ সালসলনি নিশ্চয় নিৰ্বাচন আয়োগে কৰিব পাৰে৷ আয়োগে ইমেইল দিছেই, কাৰোবাৰ সৰু আপত্তি থাকিলে ইমেইল কৰিব পাৰে৷